InternationalnationalPMo indiapoliticalroad accidentদুৰ্ঘটনাদৈনিক বাতৰিভাৰতমহাৰাষ্ট্ৰৰাজনৈতিক

দেশৰ ৰাজনীতিত শোকৰ ছাঁ… বিমান দুৰ্ঘটনাত মৃত্যু অজিত পাৱাৰসহ ৬জনৰ

দেশৰ ৰাজনীতিত শোকৰ ছাঁ

বিমান দুৰ্ঘটনাত মৃ/ত্যু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ

বিমান দুৰ্ঘটনাত উপ-মুখ্যমন্ত্ৰীসহ ৬জনৰ মৃত্যু

পুৱা ৮.৪৫ বজাত অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বিমানখন

বিমানখনত আছিল ব্যক্তিগত সহায়ক, নিৰাপত্তাৰক্ষী, পাইলট

বিমানখনত আছিল ২ পাইলটসহ মুঠ ৬জন ব্যক্তি

মুম্বাইৰ পৰা বাৰামটিলৈ গৈ আছিল উপ-মুখ্যমন্ত্ৰীজন

বাৰামটিৰ এখন নিৰ্বাচনী সভালৈ গৈ আছিল নেতাজন

জিলা পৰিষদৰ নিৰ্বাচনী সভালৈ গৈছিল অজিত পাৱাৰ

নেতাজনৰ মৃ/ত্যুত মহাৰাষ্ট্ৰত ৩ দিনীয়া শোক পালন

মহাৰাষ্ট্ৰৰ উপ–মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত দেশজুৰি শোক। বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ সৰ্বসাধাৰণৰ সৈতে থকা শক্তিশালী সম্পৰ্কৰ বাবে চিৰস্মৰণীয়ৈ হৈ থাকিব। মহাৰাষ্ট্ৰৰ লোকৰ বাবে সমুখৰ পৰা যুঁজ দিয়া উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিষয়ে এইদৰে লিখিলে প্ৰধানমন্ত্ৰীয়ে। দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱেও শোক প্ৰকাশ কৰি অজিত পাৱাৰৰ লগতে দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰতিগৰাকী আত্মাৰ চিৰশান্তি কামনা কৰে। শোক প্ৰকাশ গৃহমন্ত্ৰী অমিত শ্বাহৰো। লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়েও এক্স হেণ্ডেলত প্ৰকাশ কৰে শোকবাৰ্তা । অকালতে প্ৰাণ হেৰুওৱা উপ-মুখ্যমন্ত্ৰী পাৱাৰক শ্ৰদ্ধা সহকাৰে স্মৰণ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো শোক প্ৰকাশ কৰি মহাৰাষ্ট্ৰৰ উন্নয়ন আৰু শাসন ব্যৱস্থাত স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − eight =

Back to top button