সান্ধ্য আইন, মিনি লকডাউনে দুৰ্যোগ নমাই আনিছে কামপুৰৰ বেণ্ড পাৰ্টি দলৰ শিল্পীসকললৈ।
ক‘ভিডসৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যজুৰি সান্ধ্য আইন আৰু মিনি লকডাউন চলি থকাৰ ফলত দুৰ্যোগ নামি আহিছে কামপুৰৰ কেইবাটাও বেণ্ড পাৰ্টি দলৰ শিল্পীৰ জীৱনলৈ।
বিবাহ অনুষ্ঠানৰ লগতে উৎসৱ পাৰ্বনত বেণ্ড বজাই পোৱা ধনেৰে পৰিয়াল পোহপাল দিয়া কামপুৰ দৰঙীয়াল গাঁৱৰ নৱ-সূৰুজ শিল্পী দলটোৰ সদস্যসকল এতিয়া দিশহাৰা হৈ পৰিছে ।
ক‘ভিডসৃষ্ট পৰিৱেশৰ বাবে বিগত বৰ্ষৰ পৰা বন্ধ হৈ আছে বেণ্ডৰ ব্যৱসায়। যাৰ বাবে চৰকাৰ তথা বিধায়কৰ পৰা কিছু সহায়ৰ আশা কৰিছে বেণ্ডপাৰ্টি দলৰ এই শিল্পীসকলে ।