অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰি
মহানগৰীত পুনৰ হিট এণ্ড ৰানৰ ঘটনা…
সাংবাদিক ভাস্কৰ চুতীয়াৰ দূৰ্ঘটনাৰ ঘটনা মাৰ নৌযাওতেই মহানগৰীৰ মাজমজিয়াত পুনৰ এক অনুৰূপ ঘটনা

মহানগৰীত পুনৰ হিট এণ্ড ৰানৰ ঘটনা । সাংবাদিক ভাস্কৰ চুতীয়াৰ দূৰ্ঘটনাৰ ঘটনা মাৰ নৌযাওতেই মহানগৰীৰ মাজমজিয়াত পুনৰ এক অনুৰূপ ঘটনা ।
মহানগৰীত সচিবালয়ৰ সন্মুখত এখন বগা ৰঙৰ বাহনে পিছফালৰ পৰা মহটিয়াই থৈ গ’ল দুচকীয়া বাহন চলাই অহা এজন যমেট’ ডেলিভাৰী যুৱকক ।
ঘটনাস্থলীত দিছপুৰ যান-বাহন আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত যুৱকজনক প্ৰেৰণ কৰে চিকিৎসালয়লৈ । শেহতীয়া তথ্য অনুসৰি শৰীৰৰ ভিন্ন অংশত আঘাতপ্ৰাপ্ত হৈছে যুৱকজন। পৰিচয়বিহীন যুৱকজন বৰ্তমানেও চিকিৎসালয়ত চিকিৎসাধীন।
আনহাতে, ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন চাৰিচকীয়া বাহনৰ গৰাকী।

