Assamঅসমঅসম আৰক্ষীদুৰ্ঘটনাৰাজনৈতিক
ভেৰগাঁওত আৰম্ভ নিৰ্বাচনী হিংসা, সংঘৰ্ষত আহত ৩ গৰাকী বিজেপি কৰ্মী
ইউপিপিএল আৰু বিজেপিৰ কৰ্মীসকলৰ মাজত এক নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হয়

ভেৰগাঁও পৰিষদীয় সমষ্টিৰ বৰঙ্গাবাৰী অঞ্চলত মঙ্গলবাৰে নিশা ইউপিপিএল আৰু বিজেপিৰ কৰ্মীসকলৰ মাজত এক নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হয়। সংঘৰ্ষৰ ফলত বিজেপিৰ তিনি গৰাকী কৰ্মী গুৰুতৰভাৱে আহত হয়।
ঘটনাটো নিশা সংঘটিত হোৱাৰ পিছতেই আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আহত বিজেপি কৰ্মীসকলক উন্নত চিকিৎসাৰ বাবে আৰক্ষীৰ সহযোগত ততাতৈয়াকৈ ডিমাকুছি আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
আনহাতে, ঘটনাস্থলীত নিশাই ডিমাকুছি আৰক্ষী উপস্থিত হয় যদিও বৰ্তমান পৰ্যায়ৰ লৈকে কাকো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।
