আমি সকলোৱে ৰামায়ণৰ কুম্ভকৰ্ণৰ কাহিনী শুনিছো। ছমাহ ধৰি শুই থকা কুম্ভকৰ্ণৰ নামেৰে আমি আনকো উপমা দিছো। কিন্তু আপোনালোকে শুনি আচৰিত হ’ব যে ৰামায়ণৰ কাহিনীৰ দৰেই বাস্তৱ জীৱনতো আছে এজন কুম্ভকৰ্ণ। নাম তেওঁৰ পুৰাখাৰাম।
স্বাভাৱিকতে এজন সুস্থ মানুহে দৈনিক ৬-৮ ঘন্টা শোৱে। কেতিয়াবা তাতোকৈ এক-দুই ঘন্টাৰ ইফাল-সিফাল হয়। কিন্তু ৰাজস্থানৰ নাগপুৰৰ এই মানুহজনে বছৰটো শুই থাকোতেই সময় পাৰ হয়। ৪২ বছৰীয়া পুৰখাৰামে বছৰটোৰ ৩০০ দিন নিদ্ৰাৰত অৱস্থাত থাকে। এবিধ বিৰল ৰোগ এক্সিছ হাইপাৰছমনিয়া(Axis Hypersomnia)ৰ বাবেই এই মানুহজনে বছৰটোৰ ৩০০ টা দিনেই শুই থাকে।
আজিৰ পৰা ২৩ বছৰ আগতেই পুৰখাৰামৰ দেহত ধৰা পৰিছিল এই বিৰল ৰোগ। যাৰবাবে তেখেতৰ জীৱনশৈলীতো পৰিছে যথেষ্ট প্ৰভাৱ। নিজা অঞ্চলতে এটা থলুৱা ব্যৱসায় আৰম্ভ কৰা পুৰখাৰামে এমাহত মাত্ৰ ৫ দিন সময়হে ব্যৱসায়ৰ কাম-কাজ কৰিব পাৰে।
আৰম্ভণিতে দৈনিক ১৫ ঘন্টা সময় শোৱা পুৰখাৰামে লাহে-লাহে এমাহত ২০-২৫ দিন শুবলৈ আৰম্ভ কৰে। পৰিয়ালৰ লোকে কয় যে, এবাৰ টোপনি যোৱাৰ পাছত তেখেতক জগোৱাটো যথেষ্ট কঠিন।
পৰিয়ালৰ মানুহে পুৰখাৰামে টোপনি গৈ থকাৰ সময়তে গা ধোৱাৰ লগতে আহাৰ খুৱাব লগীয়া হয়।