অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটী
Trending
প্ৰাতঃভ্ৰমণৰ সময়ত চেইন থপিয়াবলে চেষ্টা চিলনী চোৰৰ
স্থানীয় ৰাইজে খেদি খেদি চোৰটোক কৰায়ত্ত কৰিবলৈ যাওঁতেই চোৰটো বাইকৰ পৰা পৰি যায়

মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস । এগৰাকী মহিলাৰ পৰা প্ৰাতঃভ্ৰমণৰ সময়তেই চিলনীচোৰে থপিয়াবলে চেষ্টা কৰিছিল সোণৰ চেইন । এই ঘটনা সংঘটিত হয় শুক্ৰবাৰে তৰুণ নগৰত ।
যদিও চোৰে মহিলাগৰাকীৰ পৰা চেইন থপিয়াবলৈ চেষ্টা কৰিছিল সৌভাগ্যবশঃত চেইনডাল নিবলৈ সক্ষম নহ’ল । জানিব পৰা মতে, স্থানীয় ৰাইজে খেদি খেদি চোৰটোক কৰায়ত্ত কৰিবলৈ যাওঁতেই চোৰটো বাইকৰ পৰা পৰি যায় । কিন্তু ঘটনাস্থলীতেই বাইক এৰি পলায়ন কৰে চোৰটোৱে ।পৰৱৰ্তী সময়ত আৰক্ষীয়ে জব্দ কৰে বাইকখন।