
ভোগালী পালেহি, মাজত মাত্ৰ ৪ দিন।ব্যস্ততা বাঢ়িছে কৃষিজীৱি অসমীয়াৰ।তাৰমাজতে মুখ্যমন্ত্ৰীৰ অৰুণোদয় আঁচনিয়ে তোলপাৰ লগাইছে মহিলাসকলৰ মাজত।এই আঁচনিৰ তোলপাৰে বিপদত পেলাব পাৰে নেকি অসমীয়া সমাজক ?
যেনেদৰে অসমৰ মহিলাসকল মুখ্যমন্ত্ৰীৰ আগবঢ়োৱা আঁচনি সমূহৰ দ্বাৰা আৰ্কষিত হৈছে তাৰ ওপৰত লক্ষ্য কৰিলে সংকটত পৰিব পাৰে নেকি অসমৰ অৰ্থনীতিৰ বজাৰখন ? অসমীয়া কৃষিজীৱি সমাজে যেন পাহৰি পেলাইছে কেনেদৰে সংস্কৃতিৰ চহকী পথাৰখনক চহকী কৰিবলৈ চহকী বজাৰৰ মাজলৈ আগবঢ়াই নিব লাগে।অসমৰ সংস্কৃতিৰ পথাৰখনৰ মূলখুঁতিয়ে হৈছে কৃষিজীৱি সমাজ, এই সমাজখনত বিনামূলীয়া চাউল, তেল আদিৰ বিতৰণে কৃষিজীৱি লোকসকলক কোঙা কৰি পেলোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

অৱশ্যে, এই সমূহৰ মাজতেই অসমৰ বিভিন্ন ঠাইত হেপাঁহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে।ঠাইয়ে ঠাইয়ে চলিছে ভেলাঘৰ সজোৱাৰ কাৰ্য।ঘৰে ঘৰে পিঠা-পনা প্ৰস্তুত কৰাত ব্যস্ত গাঁৱৰ জীয়ৰী-বোৱাৰী সকল।কিন্তু এই ব্যস্ততাৰ মাজতেই ভোগালীৰ বতৰত বজাৰত বৃদীি পাইছে শাক-পাছলিৰ দাম।এই সমস্যাসমূহৰ পৰা আঁতৰি থাকি চৰকাৰ-প্ৰশাসনে আওকাণ কৰিছে নিজ দায়িত্বক।শাক-পাছলিৰ লগতে বজাৰত পিঠা-পনাৰ দামো সমানেই বৃদ্ধি পোৱা দেখা গৈছে।যিহেতু বহুলোকে পিঠা-পনা বজাৰৰ পৰা ক্ৰয় কৰে সেই এচাম লোকৰ ওপৰত এনে জুইহেন দামে প্ৰভাৱ পেলোৱা দেখা গৈছে।এনে গুৰুত্বপূৰ্ণ সমস্যাসমূহ আওকাণ কৰি চৰকাৰ-প্ৰশাসন গভীৰ নিদ্ৰাত।

এই সমূহৰ মাজতেই অসমীয়া সাজু হৈছে আগন্তুক ভোগালীৰ বাবে।নিজকে ব্যস্ত কৰিছে উৰুকাৰ বাবে।চহকী পথাৰখনৰ খেতি সামৰি, ভঁৰালৰ ন-ধানেৰে, ন-চাউলেৰে পিঠা-পনা প্ৰস্তুত কৰি হেপাঁহৰ ভোগালীক আদৰিবলৈ সাজু হৈছে অসমৰ অসমীয়া।উৰুকা নিশা এসাজ ভোজ-ভাতৰ আয়োজনৰ লগতে ভোগালীক আদৰি প্ৰথম বিহুৰ ৰাতিপুৱাতেই মেজি জলাই মেজিৰ জুইৰ উমেৰে উমাল হ’বলৈ সাজু হৈছে অসমৰ সমাজ।এনেদৰেই আমাৰ এই চহকী সংস্কৃতি জীয়াই ৰখাৰ বাবে সাজু হৈ উঠিছে অসমীয়া।