অসম আৰক্ষীগুৱাহাটীভাৰত
Trending

দেশদ্ৰোহিতাৰ অভিযোগ ! অসম আৰক্ষীৰ অপৰাধ শাখাৰ চমন

শুক্ৰবাৰে অপৰাধ শাখাত হাজিৰ হ’বলৈ চমন দিছে ২ বিখ্যাত সাংবাদিকক

দেশৰ ২ বিখ্যাত সাংবাদিক। এজন কৰণ থাপাৰ আৰু আনজন সিদ্ধাৰ্থ ভৰদ্ৰাজন। এই দুইজন বিখ্যাত সাংবাদিক পৰিছে অসম আৰক্ষীৰ ৰোষত।

অসম আৰক্ষীৰ অপৰাধ শাখাই চমন জাৰি কৰাৰ পিছত দেশজুৰি চৰ্চা হৈছে সমগ্ৰ বিষয়টো। কিয়নো কৰণ থাপাৰ আৰু সিদ্ধাৰ্থ ভৰদ্ৰাজন এলা-পেচা সাংবাদিক নহয়। দুইজন আগশাৰীৰ সাংবাদিকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ শাখাই আনিছে দেশদ্ৰোহিতাৰ অভিযোগ।

শুক্ৰবাৰে অপৰাধ শাখাত হাজিৰ হ’বলৈ চমন দিছে সাংবাদিক দুজনক। যদি কাইলৈ অপৰাধ শাখাত উপস্থিত নহয়, তেনেহ’লে দুইজন সাংবাদিকক গ্ৰেপ্তাৰ কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে চমনখনত। এই চমনক লৈ এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ব্যাপক চৰ্চা। গোচৰ নং ০৩/২০২৫ৰ অধীনত চমন জাৰি কৰিছে অপৰাধ শাখাৰ পৰিদৰ্শক সৌমাৰজ্যোতি ৰায়ে। ভাৰতীয় ন্যায় সংহিতাৰ অধীনত দুয়োজন সাংবাদিকৰ বিৰুদ্ধে SECTION 152, 196, 197(1), (D)/3(6), 353, 45 আৰু 61 ধাৰাত গোচৰ ৰুজু কৰিছে অপৰাধ শাখাই।

উল্লেখ্য যে, এই দুয়োজন সাংবাদিকে বিভিন্ন সময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে। এসময়ত কৰণ থাপাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎকাৰ লওতে পানী খাই আধাতে সাক্ষাৎকাৰ সামৰি ওলাই আহিছিল মোদী। এতিয়া প্ৰশ্ন হৈছে, কাইলৈ গুৱাহাটীত উপস্থিত হ’বনে ২ প্ৰখ্যাত সাংবাদিক?

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 3 =

Back to top button