
অহা ২৯ আগষ্টৰ পৰা বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত হ’ব লগা পুৰুষৰ এছিয়া কাপ হকীৰ চেম্পিয়ন ট্ৰফীটো গুৱাহাটীত প্ৰদৰ্শন কৰা হয় । নিশা দিল্লীৰ পৰা অসমলৈ অনা হৈছিল ট্ৰফীটো ।
মহানগৰীৰ মুঠ দহটা স্থানত এই ট্ৰফী প্ৰদৰ্শন কৰা হ’ব । পুৱা কামাখ্যা মন্দিৰৰ পৰা আৰম্ভ কৰি পানবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট, গুৱাহাটী টাউন ক্লাব, আইকন একাডেমী, এছ পি এম আই এ এছ একাডেমী, জনতা ভৱন, ভেটাপাৰা হকী ষ্টেডিয়াম, ড॰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিমান বন্দৰত ট্ৰফীটো প্ৰদৰ্শন কৰা হ’ব । কিন্তু ৰাইজৰ বাবে কেবল ভেটাপাৰা হকী ষ্টেডিয়ামৰ কাৰ্যসূচীহে মুকলি থাকিব ।
এছিয়া কাপ-২০২৫ত ভাগ ল’ব ভাৰত, চীন, জাপান, কোৰিয়া, মালেচিয়া, কাজাখাস্তান আৰু বাংলাদেশ ।
https://www.facebook.com/reel/1287229183072689/?s=single_unit