অসমগুৱাহাটীধৰ্মীয়শিল্পীসংগীতসাহিত্য

মহাবাহুৰ‌ বিশাল বুকুত বিলীন হৈ গʼল ঈশ্বৰ পুত্ৰ

ব্ৰহ্মপুত্ৰৰ বুকুত উতুৱাই দিয়া হʼল জুবিন গাৰ্গৰ চিতাভষ্ম

জুবিন গাৰ্গ বিহীন আজি ৪০ টা দিন। সকলোৱে যেন অকলশৰীয়া অনুভৱ কৰি আছে জুবিন গাৰ্গ অবিহনে।
জীৱিত অৱস্থাত জুবিন গাৰ্গে কৈ গৈছিল, “মই মৰিলে মোক ব্ৰক্ষ্মপুত্ৰত উটুৱাই দিলেই হʼল।” কিন্তু সেইটো অবাস্তৱ কথা। সোণাপুৰৰ কমাৰকুছিত শেষ সৎকাৰ কৰা হʼল জুবিন গাৰ্গক। আজি জুবিন গাৰ্গ বিহীন ৪০ টা দিনত ব্ৰহ্মপুত্ৰৰ বুকুত জুবিনৰ চিতাভষ্ম উটুৱাই দিয়া হয়। পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ, কন্ঠশিল্পী জুবলী বৰঠাকুৰ আৰু আত্মীয় তথা ঘনিষ্ঠ সতীৰ্থৰ উপস্থিতিত উটুৱাই দিয়া হʼল জুবিন গাৰ্গৰ চিতাভষ্ম। পৰম্পৰাগত মাংগলিক ৰীতি নীতিৰ মাজেৰে এখন পুষ্প সজ্জিত বাহনেৰে ব্ৰহ্মপুত্ৰৰ কাছমাৰী ঘাটলৈ লৈ অনা হʼল তেখেতৰ চিতা ভষ্ম। ধৃতিমালা ডেকাই ১০০ টা জুবিন গাৰ্গৰ চিতা ভষ্ম হাতত লৈ উপস্থিত হয় ব্ৰহ্মপুত্ৰৰ পাৰত।

আজি আকাশখন ডাৱৰীয়া। গুৱাহাটীৰ আকাশন আজি মেঘাচন্ন। কাৰণ অসমখন আজি ব্ৰহ্মপুত্ৰত উটি যাব। জুবিন গাৰ্গে জীৱিত অৱস্থাত যি কৈ গৈছিল আজি সেই কথাই বাস্তৱায়িত কৰি ব্ৰহ্মপুত্ৰত বিলীন হৈ গৈছে প্ৰাণৰ শিল্পী গৰাকী। যি মহাবাহুক লৈ জুবিন গাৰ্গে সৃষ্টি কৰিছিল নতুনৰ, যি মহাবাহুৰ পাৰত দুখত জুবিনে ক্ষন্তেক বহি শান্তি লৈছিল, ক্ষন্তেক জিৰাইছিল, আৰু সেই মহাবাহু ব্ৰহ্মপুত্ৰই চিৰদিনৰ বাবে সাবটি লʼলে জুবিন গাৰ্গক। কঁপা কঁপা হাতেৰে পত্নী গৰিমা শইকীয়া গাৰ্গে মনৰ মানুহজনৰ চিতা ভষ্ম উটুৱাই দিলে ব্ৰহ্মপুত্ৰত। চিৰদিন ব্ৰহ্মপুত্ৰৰ বুকুতেই জিৰাব জুবিন গাৰ্গে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 6 =

Back to top button