অপৰাধঅসমগুৱাহাটীশিল্পীসংগীত

কোন ‘মুখাধাৰী’ বন্ধুৱে কৰিছে চৰিত্ৰহনন ?

জুবিনৰ ঘনিষ্ঠ বন্ধু বুলি দাবী কৰা লোকেই চলাইছে চৰিত্ৰহননৰ অপচেষ্টা

জুবিন গাৰ্গৰ চৰিত্ৰহননৰ অপচেষ্টা কিয়? কোন ‘মুখাধাৰী’ বন্ধুৱে কৰিছে চৰিত্ৰহনন? অসমীয়াৰ প্রাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুয়ে তিনি মাহ অতিক্রম কৰিলে৷ কিন্তু এতিয়াও জুবিনৰ মৃত্যুৰ কাৰণ-কাৰকক লৈ পৰিস্থিতি ধুসৰ হৈয়ে ৰ’ল৷ ইয়াৰ মাজতে এচাম ধুৰন্ধৰ সুবিধাবাদীয়ে কৌশলেৰে আৰম্ভ কৰিছে অসমীয়াই হিয়া উজাৰি ভাল পোৱা শিল্পীজনৰ চৰিত্ৰহনন৷ নিজকে জুবিনৰ ঘনিষ্ঠ বন্ধু বুলি দাবী কৰা লোকেই চলাইছে চৰিত্ৰহননৰ অপচেষ্টা। ছ’চিয়েল মিডিয়াত ৰহস্যজনক মৃত্যুৰ কাৰণ বিচাৰি উলিওৱাৰ অংগীকাৰ কৰা স্ব-ঘোষিত অন্তৰংগ বন্ধুয়েই অস্বাভাৱিকভাৱে সক্রিয় হৈছে জুবিনৰ চৰিত্রহননত।

এক কথাত, ‘জুবিন গাৰ্গৰ চৰিত্রহননৰ ষড়যন্ত্ৰই চৰম সীমা অতিক্ৰম কৰিছে। যাৰ বাবে  ভগ্নী পামী বৰঠাকুৰে জুবিন গাৰ্গৰ সেই স্ব-ঘোষিত অন্তৰংগ বন্ধুক মুখাপিন্ধা বুলি ক’বলৈ বাধ্য হৈছে।

এই সুবিধাবাধী বন্ধুৰ এনে আচৰণত অতিষ্ঠ হৈ পামী বৰঠাকুৰে ক’বলৈ বাধ্য হৈছে- “সংযমী হৈ আছো, দুর্বল নহয়।”

জুবিন গাৰ্গৰ মৃত্যুৰ পাছত কৰা চৰিত্রহননৰ এই অপচেষ্টাত ক্ষুব্ধ জুবিন-ভগ্নীৰ প্ৰশ্ন- “কি আসুৰিক তৃপ্তিত মুখাপিন্ধা বন্ধু, অনুৰাগীৰ এই কাম?”

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এছ আই টিয়ে অব্যাহত ৰখাৰ সময়তে মুখ্যমন্ত্রীয়ে সতর্ক কৰিছিল যে জুবিনৰ চার্জশ্বীট হজম কৰিবলৈ টান হ’ব! জুবিন অনুৰাগীয়ে মনত দুখ পাব!

এতিয়া অভিযোগনাম আদালতত দাখিলৰ পিছত ছ’চিয়েল মিডিয়াত এইদৰে জুবিন সম্পর্কত অপপ্রচাৰ আৰম্ভ হোৱাত স্বাভাৱিকতেই প্রশ্নৰ অৱতাৰণা হৈছে- “মুখ্যমন্ত্রীৰ সতর্কবাণীৰ সময় সমাগত নেকি?”

চার্জশ্বীটৰ কপি আনুষ্ঠানিকভাবে কাৰো হাতত নপৰোতেই তথাকথিত ঘনিষ্ঠ বন্ধুৰ এনে ফেচবুক পোষ্ট দেখি স্বাভাৱিকতে প্ৰশ্ন উঠিছে, এয়া ‘ন্যায়’ দিয়াৰ চেষ্টা নে কৌশলেৰে চৰিত্রহন কৰি জুবিন গাৰ্গক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ অপচেষ্টা? অৱশ্যে এইসকলে মনত ৰখা ভাল, এনে অপ-প্ৰচাৰেৰে জুবিন গাৰ্গৰ প্ৰতি থকা অসমীয়াৰ ভালপোৱাক ঘৃণালৈ পৰিৱৰ্তন কৰিব বুলি যদি ভাবিছে, তেন্তে তেওঁলোকে বাস কৰিছে মুৰ্খৰ স্বৰ্গত৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 18 =

Back to top button