অসমবোলছবিশিল্পীসংগীতসংস্কৃতি

ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিৰাজিক হিন্দী আৰু ইংৰাজী ভাষালৈ অনুবাদ কৰিব অসম সাহিত্য সভাই

২০২৭ চনৰ ভিতৰত এই অনুবাদ ৰাইজৰ হাতত পৰিব

ৰাজ্যজুৰি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উদযাপন কৰা হ’ল । যোৰহাট জিলা খেলপথাৰ প্ৰাংগণতো অনুষ্ঠিত কৰা হয় সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী । য’ত সহস্ৰাধিক লোকে একেলগে পৰিৱেশন কৰিলে ড৹ ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে…’। হাতে হাত ধৰি কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীসহ সকলোৱে পৰিৱেশন কৰিলে গীতটি । কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই সুধাকণ্ঠৰ সৃষ্টি আৰু কৰ্মৰাজিক স্মৰণ কৰে । আনহাতে সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী অনুষ্ঠানতে অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে । তেওঁ কয় যে ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিৰাজিক হিন্দী আৰু ইংৰাজী ভাষালৈ অনুবাদ কৰিব অসম সাহিত্য সভাই । ২০২৭ চনৰ ভিতৰত এই অনুবাদ ৰাইজৰ হাতত পৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে সভাপতিগৰাকীয়ে ।

তেওঁ কয়, “জুবিন গাৰ্গেই হওঁক বা ভূপেন হাজৰিকাই হওঁক, দুয়োজনৰে লক্ষ্য আছিল যে সাংস্কৃতিক দিশ উৰ্ধমুখী নহ’লে মানৱ জীৱনৰ মাজত সামাজিক সমতা কেতিয়াও আহিব নোৱাৰে…। বিশ্বক পোহৰ দিব পৰাটোৱে হৈছে শিল্পীৰ মূল লক্ষ্য । জুবিন গাৰ্গ, ভূপেন হাজৰিকাৰ লগতে অতীতৰ শিল্পীসকলক শ্ৰদ্ধা কৰাৰ যি মনোভাৱ গঢ় লৈ উঠিছে সি অসমৰ জাতিৰ বাবে অতি ইতিবাচক দিশ বুলি অনুভৱ কৰিছোঁ ।”

তেওঁ লগতে কয়, “ভূপেন হাজৰিকাৰ সকলো গীত অসমীয়া আৰু ইংৰাজীলৈ অনুবাদ কৰাৰ ব্যৱস্থা কৰিছোঁ । ভূপেন্দ্ৰ সংগীতখিনি আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে । ইয়াক আমি ইংৰাজীলৈ অনুবাদ কৰিব লাগিব । হিন্দীলৈও অনুবাদ কৰিব লাগিব…। আমি জুবিন গাৰ্গেই হওঁক বা ভূপেন হাজৰিকাই হওঁক অমৰ শিল্পীসকলৰ ৰচনা ইংৰাজী ভাষালৈ অনুবাদ কৰিবলৈ চেষ্টা কৰিম । ২০২৭ চনৰ ভিতৰত ভূপেন হাজৰিকাৰ ৰচনাৱলীৰ হিন্দী আৰু ইংৰাজী অনুবাদ পঢ়িবলৈ পাব । জুবিন গাৰ্গৰ ৰচনাৱলী হিন্দী, ইংৰাজী আৰু অসমীয়াত আপোনালোকে ২০২৭ চনৰ ভিতৰত পঢ়িবলৈ পাব।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 6 =

Back to top button