
অৱশেষত বিশ্বই আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ নতুন চেম্পিয়ন লাভ কৰিব ৷ মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা ৷ ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলটোৱে দুবাৰ (২০০৫ আৰু ২০১৭) এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ এয়া প্ৰথম খোজ। ২০০৫ চনৰ ফাইনেলত ২১৬ ৰাণৰ লক্ষ্য খেদি খেদি অষ্ট্ৰেলিয়াৰ হাতত ৯৮ ৰাণত পৰাস্ত হৈছিল ভাৰত ৷ ২০১৭ চনৰ বিশ্বকাপৰ ফাইনেলত ভাৰতে ২২৯ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৯ ৰাণত পৰাস্ত হৈছিল ৷ বিশ্বকাপত ভাৰতৰ দুখন ফাইনেল খেলাৰ অভিজ্ঞতা আছে, আনহাতে দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলৰ এদিনীয়া বিশ্বকাপ খিতাপ মেচৰ অভিজ্ঞতা নাই৷
নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়াম আই চি চি মহিলা বিশ্বকাপৰ ফাইনেলত দুয়োটা দল মুখামুখি হ’ব ৷ ভাৰত আৰু দক্ষিণ আফ্ৰিকাই এই পৰ্যন্ত ৩৪ খন এদিনীয়া খেল খেলিছে ৷ ইয়াৰে ২০খনত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই ১৩খনত জয়লাভ কৰিছে ৷ দুয়োটা দলৰ মাজত এখন মেচ ড্ৰ’ত সমাপ্ত হয় ৷ গতিকে পৰিসংখ্যা আৰু শেহতীয়া প্ৰদৰ্শনে হৰমনপ্ৰীত কৌৰৰ দলৰ মনোবল যথেষ্ট বৃদ্ধি কৰিব ৷ ৩৩৯ ৰাণ খেদি খেদি ছেমি ফাইনেলত জয়লাভ কৰি তেওঁলোকৰ মনোবল বৃদ্ধি কৰিছে ৷
টীম ইণ্ডিয়াৰ হৈ ৮খন মেচত ১ শতক আৰু ২টা অৰ্ধশতকৰ সহায়ত ৩৮৯ ৰাণ সংগ্ৰহ কৰা স্মৃতি মান্ধনা ভাৰতৰ বেটিঙৰ বাবে বহু প্ৰত্যাশিত হ’ব ৷ ইয়াৰ উপৰিও অধিনায়ক হৰমনপ্ৰীত কৌৰ (৮ মেচ – ২৪০ ৰাণ) আৰু জেমিমাহ ৰড্ৰিগেছ (৭ মেচ – ২৬৮ ৰাণ)ৰ ওপৰতো আশা কৰা হৈছে ৷ আঘাতৰ বাবে ভাৰতৰ দ্বিতীয় সৰ্বাধিক স্ক’ৰাৰ প্ৰতীকা ৰাৱলৰ বিদায় (৭ মেচ – ৩০৮ ৰাণ) দলটোৰ বাবে ডাঙৰ আঘাত হ’ব ৷
প্ৰতিযোগিতাখনৰ আগশাৰীৰ উইকেট দখলকাৰী দীপ্তি শৰ্মাৰ ওপৰত (৮ মেচ – ১৭ উইকেট) বহু পৰিমাণে নিৰ্ভৰ কৰিব টীম ইণ্ডিয়াই ৷ তেওঁৰ উপৰিও শ্ৰীচৰণীয়েও ১৩টা উইকেট দখল কৰিছে ৷ ক্ৰাণ্তি গৌড়ৰো নামত ৯টা উইকেট আছে ৷
দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হৈছে তেওঁলোকৰ অধিনায়ক ল’ৰা উলভাৰ্ড (৮ মেচ – ৪৭০ ৰাণ, ১ শতক, ১ অৰ্ধশতক) ৷ ল’ৰাৰ হাতত ভাৰতীয় দলক এককভাৱে পৰাস্ত কৰাৰ ক্ষমতা আছে ৷ ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত এই কথা প্ৰদৰ্শন কৰি তেওঁ ২০টা চাৰি আৰু ৪টা ছয়ৰে ১৬৯ ৰাণ সংগ্ৰহ কৰে ৷ ভাৰতীয় বেটছমেনসকলে মাৰিজান কপ্প (১২ উইকেট) আৰু ননকুলুলেকো ম্লাবা (১২ উইকেট)ৰ পৰাও প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব ৷
খিতাপ মেচখনৰ বাবে ভাৰতে নিজৰ খেলা একাদশৰ কোনো সালসলনি নকৰে ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত স্মৃতি মান্ধনা (২৪), দীপ্তি শৰ্মা (২৪), আৰু ৰিচা ঘোষে (২৬) সৰু কিন্তু আকৰ্ষণীয় অৱদান আগবঢ়াই জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ বলাৰসকলৰ ভিতৰত ক্ৰাণ্তি গৌড় (১), ৰাধা যাদৱ (১), আৰু অমনজোত কৌৰে (১) যথেষ্ট অৰিহণা যোগায় ৷
ভাৰতীয় ক্ৰিকেট দলৰ ইতিহাস সৃষ্টিৰ সুযোগ আছে ৷ দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপ খিতাপ দখল কৰিব পাৰে ৷