হ’ব নেকি পৰৱৰ্তী বিশ্ব যুদ্ধ!
ড’নাল্ড ট্ৰাম্পৰ চৰকাৰে আনিব নেকি বিপদ?
পানামা, গ্ৰীনলেণ্ড দখল কৰিব ট্ৰাম্পে, কানাডাক অংগৰাজ্য কৰাৰ হুংকাৰ ট্ৰাম্প চৰকাৰৰ । বিশ্বত যুদ্ধ হ্ৰাস হোৱাৰ সম্ভাৱনা নাই, বৰং বঢ়াৰ আশংকাহে সৃষ্টি হৈছে। আমেৰিকাই আকৌ এবাৰ সাম্ৰাজ্যবাদী চৰিত্ৰ প্ৰকাশ কৰাত তেনে আশংকাত কঁপিছে বিশ্ব। ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু ইজৰাইলৰ তিনিটাকৈ ‘ফ্ৰণ্ট’ত চলি থকা যুদ্ধৰ অৱসান ঘটিব বুলি আশা কৰা হৈছিল যদিও সেয়া ক্ৰমাৎ দুৰাশাত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে৷ কিয়নো ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছতে আনৰ যুদ্ধ বন্ধ কৰিবলৈ দৌত্য আৰম্ভ কৰা স্বয়ং ট্ৰাম্পে আমেৰিকাৰ ভৌগোলিক আৰু বাণিজ্যিক সীমা বৃদ্ধি কৰাৰ বাবে ৪খনকৈ দেশৰ ওপৰত সামৰিক শক্তি প্ৰয়োগৰ হুংকাৰ দিছে৷ প্ৰথমটো কাৰ্যকালত ‘আমেৰিটা ফাৰ্ষ্ট ’ বুলি দেশৰ ভিতৰতে সীমাৱদ্ধ থাকি জাতীয়তাবাদৰ ঢৌ তোলা ড’নাল্ড ট্ৰাম্পে এইবাৰ বৃহত্তৰ আমেৰিকা নিৰ্মানৰ বাবে ভয়ংকৰ কেতবোৰ পদক্ষেপ ল’বলৈ আগবাঢ়িছে৷ তাৰ বাবে তেওঁ সামৰিক শক্তি প্ৰয়োগ কৰাতো কুণ্ঠিত নহয় বুলি নিজমুখে মন্তব্য কৰিছে ৷
অহা ২০ জানুৱাৰীত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব ল’বলগীয়া ড’নাল্ড ট্ৰাম্পে পানামা খাল আৰু গ্ৰীনলেণ্ড দখল কৰি আমেৰিকাৰ বাণিজ্যিক আৰু ভৌগোলিক সীমা সম্প্ৰসাৰণ কৰিব বুলি হুংকাৰ দিছে৷ একে সময়তে তেওঁ প্ৰতিবেশী দেশ কানাডাক আমেৰিকাৰ ৫১ সংখ্যক প্ৰদেশত পৰিণত অৰ্থাৎ অংগৰাজ্য কৰা আৰু মেক্সিকো উপসাগৰৰ নাম আমেৰিকা উপসাগৰ কৰিব বুলি মন্তব্য কৰিছে৷ কানাডাক অংগৰাজ্য কৰিব বুলি কৰা মন্তব্যৰ বাহিৰে আন তিনিটা পদক্ষেপৰ ক্ষেত্ৰত ড’নাল্ড ট্ৰাম্প বদ্ধপৰিকৰ বুলিও চৰ্চা হৈছে৷ যদিহে আমেৰিকাই বলপূৰ্বক পানামা খাল দখল কৰে, তেন্তে এই খালেৰে দ্বিতীয় সৰ্বাধিক বাণিজ্যিক জাহাজ চলাচল কৰা চীন মনে মনে বহি নাথাকিব৷ কম-বেছি পৰিমাণে আপত্তি আহিব ৰাছিয়াৰ পৰাও৷ বিশ্বৰ আন আন অ-আমেৰিকাপন্থী দেশেও তেনে দখলদাৰী মানি ল’বলৈ টান পাব৷ আনহাতে উপৰিভাগত কেৱল বৰফ ভৰি খাকিলেও অভ্যন্তৰত তেল আৰু খনিজ সম্পদ থকা গ্ৰীনলেণ্ড এতিয়া ডেনমাৰ্কৰ কতৃৰ্ত্বাধীন৷ অৱশ্যে গ্ৰীনলেণ্ড এখন স্বায়ত্বশাসিত দেশ হিচাপে স্বীকৃত৷ মেৰু সাগৰ আৰু উত্তৰ আটলাণ্টিক সাগৰৰ মাজত অৱস্থিত গ্ৰীনলেণ্ড আমেৰিকাৰ বাবে মহাকাশ নিৰীক্ষণ আৰু ক্ষেপনাস্ত্ৰৰ ঘাটি হিচাপে যুদ্ধকৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ ৷
আমেৰিকাৰ কংগ্ৰেছে ড’নাল্ড ট্ৰাম্পৰ বিজয়ৰ আনুষ্ঠানিক স্বীকৃতি দিয়াৰ পাছতে ট্ৰাম্পে ফ্লৰিডাৰ নিজৰ বীচ্ছ ৰিজৰ্টত আয়োজন কৰা প্ৰথমখন সংবাদমেলত কৰা এই মন্তব্য কোনেও তুচ্ছ কথা কিম্বা ঠাট্টা-মস্কৰা বুলি ভবা নাই৷ ট্ৰাম্পৰ এই হুংকাৰ কেৱল গুৰুত্বপূৰ্ণই নহয়, বেছ হিচাপীও৷ এসময়ত আমেৰিকাই খন্দা আৰু ১৯৯৯ চনলৈকে যুটীয়াভাৱে পানামাৰ সৈতে স্বত্বাধিকাৰ তথা পৰিচালনাৰ কতৃৰ্ত্ব থকা পানামা খাল পুনৰ অধিকাৰ কৰিবলৈ লোৱাতো ড’নাল্ড ট্ৰাম্পৰ বাবে সপোন নহয়৷ উল্লেখ্য, প্ৰথমে ফ্ৰান্সে খান্দিবলৈ লৈ অসমৰ্থ হোৱাত ১৯০৪ চনৰ পৰা ১৯১৪ চনলৈ আমেৰিকাই খনন কৰি পানামা খালেৰে জাহাজ চলাচল আৰম্ভ কৰিছিল৷ তেতিয়াৰ পৰা বিগত ১১০বছৰ পানামা খাল বিশ্বৰ ব্যস্ততম, সৰ্বাধিক বাণিজ্যিক-সফল খাল হিচাপে পৰিগণিত হৈ আহিছে৷ পানামা খালে প্ৰশান্ত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰ সংযোগ কৰাৰ ফলত বিশ্বৰ বাণিজ্যিক চিত্ৰখনেই সলনি হৈ পৰে৷ ইয়াৰ ফলত বাণিজ্যিক বা আন জাহাজ চলাচলৰ, অৰ্থাৎ প্ৰশান্ত মহাসাগৰৰ পৰা আটলাণ্টিকলৈ অহাযোৱা কৰা সাগৰীয় পথ প্ৰায় ১৩,০০০ কিলোমিটাৰ চমু হৈ পৰে৷ অন্যথা দক্ষিণ আমেৰিকাৰ তলেৰে বা দক্ষিণ দিশেৰে এসময়ত প্ৰশান্ত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰ সংযোগী জাহাজে চলাচল কৰিছিল৷ ৮২কিলোমিটাৰ দৈৰ্ঘৰ এই পানামা খালৰ পৰা পানামাই বছৰি ১০ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্জন কৰে৷ ১৯৭৭ চনত হোৱা চুক্তি অনুসৰি ১৯৯৯ চনত আমেৰিকাই পানামা খালৰ পৰিচালনা আৰু স্বত্বাধিকাৰ পানামা ৰাষ্ট্ৰৰ হাতত অৰ্পণ কৰে৷ কিন্তু ড’নাল্ড ট্ৰাম্পৰ দাবী– এতিয়া চীনেহে পানামা খাল পৰিচালনা কৰি আছে৷ নিজৰ ৰিজ’ৰ্ট মাৰ-এ-লাগোত সাংবাদিক সন্মিলনত ট্ৰাম্পে কয়– ‘পানামা খাল আমাৰ সেনাৰ বাবে আমি খনন কৰিছিলোঁ৷
পানামা খাল আমাৰ দেশৰ বাবে সৰ্বদিশতে গুৰুত্বপূৰ্ণ৷ এতিয়া পানামা খাল চীনে পৰিচালনা [অপাৰেটেড] কৰি আছে৷ আমি পানামাকহে পানামা খাল দিছিলোঁ৷ চীনক নহয়৷ এতিয়া আমাক কোনো প্ৰশ্ন নোহোৱাকৈ পানামা খালৰ দখল লাগে৷ পানামা আৰু গ্ৰীনলেণ্ড দখলৰ বাবে আমেৰিকাই সামৰিক শক্তি প্ৰয়োগ নকৰিব বুলি মই নিশ্চিতি দিব নোৱাৰোঁ৷ আমাৰ বাণিজ্যিক আৰু ভৌগোলিক সম্প্ৰসাৰণ অৱশ্যম্ভাবী ৷’ প্ৰথম কাৰ্যকালৰ শেষৰপিনে ড’নাল্ড ট্ৰাম্পে গ্ৰীনলেণ্ড ডেনমাৰ্কৰ পৰা ক্ৰয় কৰি লোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল৷ ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকছেনে গ্ৰীনলেণ্ড বিক্ৰীৰ বাবে নহয় বুলি ক’লেও এসময়ত মিত্ৰ দেশ হিচাপে আমেৰিকাক গ্ৰীনলেণ্ডত বিনিয়োগ কৰিবলৈ আহ৩ান জনাইছিল ৷ ট্ৰাম্পক লাগে পৃথিৱীৰ বৃহত্তম দ্বীপ ডেনমাৰ্কৰ অধীনস্থ স্বায়ত্ত্বশাসিত গ্ৰীনলেণ্ড৷ আমেৰিকাক গ্ৰীণলেণ্ড বিক্ৰী কৰিবলৈ ট্ৰাম্পে ডেনমাৰ্কৰ ওপৰত পূৰ্বে হেঁচা প্ৰয়োগ কৰিছিল৷ এইবাৰ তেওঁ গ্ৰীনলেণ্ড দখল কৰাৰ হুংকাৰ দিছে৷ প্ৰশ্ন উঠিছে, কিয় গ্ৰীণলেণ্ডক লৈ তৎপৰ ডনাল্ড ট্ৰাম্প৷ গ্ৰীনলেণ্ডৰ পৰা আমেৰিকাৰ কি লাভ হ’ব? গ্ৰীনলেণ্ড হৈছে খনিজাত সম্পদৰ ভাণ্ডাৰ৷ সামৰিক দৃষ্টিকোণৰ ফালৰ পৰাও গ্ৰীনলেণ্ডৰ গুৰুত্ব অপৰিসীম৷ এই এলেকাটোৰ পৰাই ৰাছিয়া আৰু ইউৰোপৰ ওপৰত দৃষ্টি ৰখাটো সহজ হৈ উঠে৷ গ্ৰীনলেণ্ডত আছে পৃথিৱীৰ দুৰ্লভ খনিজ তেল আৰু গেছৰ বিশাল ভাণ্ডাৰ৷ আমেৰিকাই এই খনিজাত সম্পদ নিজৰ উদ্যোগিক বিকাশৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে৷ ইয়াৰ উপৰি জলবায়ু পৰিৱৰ্তনৰ বাবে গ্ৰীনলেণ্ডত বৰফ ক্ৰমশঃ গলিব ধৰিছে৷ ফলত এই এলেকাটোৰে সমুদ্ৰ পথ মুকলি হোৱাৰ সম্ভাৱনা দেখিছে আমেৰিকাই৷ গ্ৰীনলেণ্ড দখললৈ গ’লে ৰাছিয়া আৰু চীনতকৈও আমেৰিকাৰ ভৌগোলিক আৰু সামৰিক শক্তি অধিক বৃদ্ধি হ’ব৷ উল্লেখ্য যে গ্ৰীণলেণ্ডৰ অধিকাংশ বৰফেৰে ঢাকি ৰখা এলেকা৷
আনহাতে, মেক্সিকো উপসাগৰৰ নাম আমেৰিকা উপসাগৰ কৰিবলৈ ট্ৰাম্প বদ্ধপৰিকৰ৷ মেক্সিকোৰ পৰা ড্ৰাগ্ছৰ সৰবৰাহ আৰু অবৈধ প্ৰব্ৰজনৰ বাবে ট্ৰাম্পে এই অঞ্চলটোৰ কতৃৰ্ত্ব আমেৰিকাৰ হাতলৈ নিব খোজে৷ মেক্সিকোৰ পৰা কানাডা হৈ অবৈধ প্ৰব্ৰজনৰ বাবে কানাডাৰ ওপৰত প্ৰচণ্ড ক্ষোভ তেওঁৰ৷ তেওঁ কানাডাৰ বিদায়ী প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰ³ডোক ‘গৱৰ্ণৰ’ বুলি কটাক্ষ কৰে৷ অৱশ্যে ট্ৰ³ডোৱে কানাডা আমেৰিকাৰ অংগৰাজ্য হোৱাৰ সম্ভাৱনা পোনচাটেই নাকচ কৰে৷
শপত গ্ৰহণৰ পূৰ্বেই বৃহত্তম আমেৰিকা গঠনৰ বাবে ট্ৰাম্পে তৈয়াৰ কৰা ব্লুপ্ৰিণ্টে সমগ্ৰ বিশ্বকে সচকিত কৰি তুলিছে৷ ট্ৰাম্পৰ এই হুংকাৰে বিশ্বৰ সকলো দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইউৰোপিয়ান ইউনিয়নকে ধৰি একাধিক সংগঠন আৰু দেশে ট্ৰাম্পৰ হুংকাৰক গৰিহণা দিছে৷ ইপিনে, ফ্ৰান্সে ড’নাল্ড ট্ৰাম্পক ইউৰোপৰ সাৰ্বভৌম দেশৰ ওপৰত আমেৰিকাই হাত দিলে বিষম পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি সকীয়াই দিয়ে৷