AssamCity newsCrimeঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

কিয় জ্বলিছে কোকৰাঝাৰ

পুনৰ জ্বলিছে কোকৰাঝাৰ। এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি অগ্নিগৰ্ভা পৰিস্থিতি। গণপ্ৰহাৰত ২জনৰ মৃত্যুৰ পিছতে নিয়ন্ত্ৰণহীন পৰিস্থিতি।

পুনৰ জ্বলিছে কোকৰাঝাৰ। এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি অগ্নিগৰ্ভা পৰিস্থিতি। গণপ্ৰহাৰত ২জনৰ মৃত্যুৰ পিছতে নিয়ন্ত্ৰণহীন পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলি।

সকলো নিয়ন্ত্ৰণৰ বাহিৰত ৷ চৌদিশে উত্তেজনাময় পৰিস্থিতি ৷ সোমবাৰৰ সন্ধিয়া এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অৱাঞ্চিত ঘটনাৰ পিছত ওলাই অহা ক্ষুব্ধ লোকেজ্বলাই দিয়ে বীৰচা কমাণ্ডো ফ’ৰ্চৰ অস্থায়ী শিবিৰ । অগ্নিসংযোগ কৰে ইখনৰ পিছত সিখন দোকানত। উত্তেজিত লোকে লণ্ডভণ্ড কৰে চিদৌ কানহো ভৱন। জ্বলাই দিয়ে বীৰচা মুণ্ডা সাংস্কৃতিক ভৱন। অৱৰোধ কৰে ৰাষ্ট্ৰীয় ঘাইপথ। জ্বলাই দিয়ে কেইবাখনো গাড়ী। ভাঙি লণ্ডভণ্ড কৰে থানাৰ গেট। চৌদিশে সৃষ্টি হয় নিয়ন্ত্ৰণহীন পৰিস্থিতি ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা নিৰাপত্তাৰক্ষীয়ে উত্তেজিতক চত্ৰভংগ দিয়াবলৈ শূন্যলৈ গুলীচালনা কৰে৷ কিন্তু তাৰ পিছতো অপৰিৱৰ্তিত হৈ ৰয় কাৰিগাঁৱৰ পৰিস্থিতি ৷

কি হৈছিল সোমবাৰৰ সন্ধিয়া?

সোমবাৰে সন্ধিয়া কাৰিগাঁও থানাৰ অন্তৰ্গত গৌৰীনগৰত সংঘটিত হৈছিল এটা দুৰ্ঘটনা ৷ এখন স্কৰপিঅ’ই দুজন লোকক খুন্দা মৰাৰ পিছতে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। এদল উত্তেজিত লোকে জ্বলাই দিয়ে স্কৰপিঅ’খন ৷ মৰিয়াই মৰিয়াই হত্যা কৰে স্কৰপিঅ’খন চলাই যোৱা ৰূপচী চিকনা জোহালৌও নামৰ এজন যুৱকক ৷ আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে ৰূপচীৰ লগত গাড়ীত থকা সুনীল মুৰ্মু, যুগিৰাজ ব্ৰহ্ম, মহেশ মুৰ্মু, প্ৰভাত ব্ৰহ্ম নামৰ আন ৪জন যুৱককো। চিকিৎসালয়ত ভৰ্তিৰ দুঘণ্টামান পাছত মৃত্যু হয় সুনীল মুৰ্মু নামৰ যুৱকজনৰো ৷ এক বিশেষ সূত্ৰৰ দাবী, গৰু চোৰৰ সন্দেহত আক্ৰমণ কৰা হৈছিল যুৱককেইজনক ৷ এই শিহৰণকাৰী ঘটনাৰ খবৰ বিয়পি পৰাৰ পিছত মঙলবাৰে পুৱা ওলাই আহে শ শ লোক ৷ ওলাই অহা উত্তেজিত লোকসকলে এফালৰ পৰা চলাই যায় তাণ্ডব৷ ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰো নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় সমগ্ৰ পৰিস্থিতি৷ পৰিণতিত উত্তেজিত লোকসকলক চত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিববলৈ বাধ্য হয় ৷ এই ঘটনাৰ প্ৰতিবাদত বুধবাৰে BTC বন্ধৰো হুংকাৰ। লগতে ন্যায় নোপোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি জনাইছে প্ৰতিবাদকাৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button