
পুনৰ বিতৰ্কত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টি। সাংসদ ৰাঘৱ চাদ্দাক ৰাজ্যসভাৰ উপ-দলপতি পদৰ পৰা অপসাৰণ কৰিবলৈ আপৰ অনুৰোধৰ পিছতে দলটোক লৈ উত্তেজনা বৃদ্ধি পাইছে। ইফালে উপ-দলপতি পদৰ পৰা অপসাৰণ কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাঘৱ চাদ্দাই কয় যে, “মোক বাকৰুদ্ধ কৰোৱা হৈছে, কিন্তু মই পৰাজিত হোৱা নাই। এয়া আম আদমী পাৰ্টিলৈ মোৰ বাৰ্তা!”
শুকুৰবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত আপ নেতা ৰাঘৱ চাদ্দাই কয়, “মই আম আদমী পাৰ্টিক ক’ব বিচাৰিছো, মোৰ মৌনতাক পৰাজয় বুলি নাভাবিব!” ভিডিঅ’টোত তেওঁ দৃঢ়তাৰে কয় যে, সংসদত তেওঁ মূলতঃ এনেকুৱা বিষয় উত্থাপন কৰিছিল যিবোৰ সাধাৰণতে সদনত উত্থাপন কৰা নহয়। যিবোৰ বিষয় পূৰ্বতে আলোচনা হোৱা নাছিল। তেওঁ কয়, “জনতাৰ বিষয় উত্থাপন কৰাটো অপৰাধ নেকি? মোক কিয় বাকৰুদ্ধ কৰাব বিচাৰিছে?” লগতে জনতাক ধন্যবাদ জনাই তেওঁ কয়, আপোনালোকে এইদৰে মোক সমৰ্থন কৰি থাকিব। কেতিয়াও মোৰ সংগ এৰি নিদিব।”
Silenced, not defeated
My message to the ‘aam aadmi’
—
खामोश करवाया गया हूँ, हारा नहीं हूँ‘आम आदमी’ को मेरे संदेश pic.twitter.com/poUwxsu0S3
— Raghav Chadha (@raghav_chadha) April 3, 2026
ইয়াৰ পূৰ্বে ৰাঘৱ চাদ্দাই বৃহস্পতিবাৰে নিশা ছ’চিয়েল মিডিয়াতো এটা ভিডিঅ’ পোষ্ট কৰিছিল, য’ত তেওঁ দলৰ উপ-দলপতি হিচাপে কাৰ্যকালত সদনত উত্থাপন কৰা বিভিন্ন বিষয়ৰ কথা উল্লেখ কৰে। ৰাজ্যসভাৰ সাংসদগৰাকীয়ে পদৰ পৰা অপসাৰণ কৰাৰ মাত্ৰ কেইঘণ্টামান পিছতে ছ’চিয়েল মিডিয়াত এই ভিডিঅ’টো পোষ্ট কৰে। ভিডিঅ’টোত তেওঁ অনলাইন ডেলিভাৰী শ্ৰমিকসকলৰ শ্ৰম মৰ্যাদা হানি হোৱা প্ৰসংগ সদনত উত্থাপনৰ কথা উল্লেখ কৰিছে । লগতে তেওঁ ব্লিংকিটত ডেলিভাৰী এক্সিকিউটিভ হিচাপে কাম কৰিছিল।
সেই সময়ত তেওঁ ব্লিংকিটৰ হালধীয়া ইউনিফৰ্ম পিন্ধি কান্ধত ডেলিভাৰী বেগ এটা থৈ সহযোগী ৰাইডাৰৰ সৈতে স্কুটাৰ চলাই ঘৰে ঘৰে সামগ্ৰী ডেলিভাৰী কৰিছিল। ইয়াৰ উপৰিও মধ্যবিত্ত শ্ৰেণীৰ ওপৰত বৃদ্ধি পোৱা কৰ বোজা, মোবাইলৰ ৰিচাৰ্জৰ সমস্যা, ভাৰতত পিতৃত্বৰ ছুটীৰ অধিকাৰ, বিমানবন্দৰত অতিৰিক্ত সামগ্ৰীৰ চাৰ্জ আদি বিষয়সমূহৰ ওপৰত সদনত আলোকপাত কৰিছিল।
উল্লেখ্য যে, বৃহস্পতিবাৰে আম আদমী পাৰ্টিয়ে ৰাজ্যসভা সচিবালয়লৈ পত্ৰ প্ৰেৰণ কৰি চাদ্দাক ৰাজ্যসভাত দলৰ উপ-দলপতি পদৰ পৰা অপসাৰণৰ বাবে অনুৰোধ জনাইছিল। লগতে তেওঁৰ ঠাইত পঞ্জাৱৰ সাংসদ অশোক মিট্টালক দ্বায়িত্ব দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। সূত্ৰ অনুসৰি, সংসদত ৰাঘৱ চাদ্দাক ভাষণ দিয়াৰ সময় নিৰ্ধাৰণ নকৰিবলৈ পত্ৰখনত অনুৰোধ কৰা হৈছে।