
PEOPLES PULSEৰ নিৰ্বাচনী সমীক্ষাই গৰম কৰিছে ৰাজ্যৰ ৰাজনীতি। প্ৰকাশ হোৱা নিৰ্বাচনী সমীক্ষা মানিব বিচৰা নাই বিৰোধীয়ে।
সমীক্ষাক লৈ আত্মসন্তুষ্টি নলয় শাসকীয় বিজেপিয়ে। ২০২৬ ৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত PEOPLES PULSEয়ে প্ৰকাশ কৰা নিৰ্বাচনী সমীক্ষাৰ পিছতে এতিয়া গৰম ৰাজ্যৰ ৰাজনীতি। সমীক্ষা অনুসৰি অসমত ৩য় বাৰৰ বাবে চৰকাৰ গঠন কৰিব NDA য়ে । কেবল বিজেপিয়ে ৬৯-৭৪খন আসন লাভ কৰিব বুলি দেখুওৱা হৈছে। NDAই সন্মিলিতভাৱে ৯০খন আসন লাভ কৰিব বুলি দেখুওৱাৰ পিছতে । প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শাসক বিৰোধীৰ ৰাজনৈতিক নেতাই । বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
“এতিয়াই নিৰ্বাচনী সমীক্ষাৰ সময় হোৱা নাই, ফেব্ৰুৱাৰী মাহত এখন ছবি স্পষ্ট হ’ব।”
নিৰ্বাচন আগত মুখ্যমন্ত্ৰীয়ে চলাব সমীক্ষা। ইফালে মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলাইছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।
“নিৰ্বাচনী সমীক্ষাৰ পিছত আমি আত্মসন্তুষ্টি নলও, গাঁৱে গাঁৱে বুথে বুথে কাম কৰি যাম আমি।”
পিছে PEOPLES PULSEৰ নিৰ্বাচনী সমীক্ষা নামানে বিৰোধীয়ে। বিশ্বাসযোগ্য তথ্য নিদিয়াৰ অভিযোগ উঠিছে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে। বিষয়টোক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া-
“৫ হাজাৰ লোকৰ চেম্পোল লৈ অসমত সমীক্ষা উলিয়াব নোৱাৰি”
“BJP ক সহায় কৰিব এই সমীক্ষাই”
“আমাৰ মনোবল ভাঙি বিচাৰিছে, কিন্তু নোৱাৰিব”
নিৰ্বাচনী সমীক্ষা নামানে অখিল গগৈয়ে। ২০২৬ ত ৰাজ্যত সম্ভৱ নহয় বিজেপি চৰকাৰৰ, প্ৰতিক্ৰিয়া প্ৰকাশ অখিল গগৈৰ ।
ইফালে কংগ্ৰেছ নেতা ৰিপুন বৰাৰ মতে, “নিৰ্বাচনৰ দুদিন আগতেও মানুহ মন ঘুৰি যায় গতিকে এতিয়া একো কথা ক’ব নোৱাৰি।”
মুঠৰ ওপৰত PEOPLES PULSEৰ নিৰ্বাচনী সমীক্ষাই সকলোৰে মাজত সৃষ্টি কৰিছে মিশ্ৰিত প্ৰতিক্ৰিয়া।

