অসমধৰ্মীয়ধাৰ্মিকসংস্কৃতি

মুছলমান ধৰ্মালম্বী হৈও অধ্যয়ন কৰিলে ভাগৱত, কীৰ্তন, সাঁচিপাতৰ পুথি

পাহৰি গʼল নেকি নিজৰ ধৰ্ম !

চেষ্টাৰ অসাধ্য একো নাই । লাগে মাথো ধৈৰ্য্য, একাগ্ৰতা, কষ্ট কৰিব পৰা এটা মানসিকতা । কলা – শিল্পৰ ওপৰত বহুতৰ নিচা থাকে, কিন্তু পেচা হিচাপে ল’বলৈ আগবাঢ়ি অহা ব্যক্তিৰ সংখ্যা নিচেই আঙুলিৰ মুৰত গণিব পৰা। কলা আৰু শিল্পৰ মাজেদি জীৱনৰ জয় গান ৰঁচা আৰু আন বহুজনক এই পথৰ উপযুক্ত পথিক হিচাপে গঢ দিয়া এজন ব্যক্তিৰ উদাহৰণ হ’ল নুৰুদ্দিন আহমেদ ।

বৰ্ত্তমান নুৰুদ্দিন আহমেদ সকলোৰে মাজত পৰিচিত প্ৰতীকপট স্ৰষ্টা ৰূপে । তেখেতৰ সৃষ্ট প্ৰতিমূৰ্ত্তি অথবা প্ৰতীকপটে আমাৰ সংস্কৃতি, ঐতিহ্য বিজড়িত সম্পদ সমুহৰ চানেকি বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাই নহয়, এক সূকীয়া পৰিচয়ো বহন কৰিবলৈ সক্ষম হৈছে । আজিৰ তাৰিখত প্ৰতীকপট স্ৰষ্টা বুলিলে নুৰুদ্দিন আহমেদক চিনি নোপোৱা ব্যক্তি খুব কমেইহে ওলাব।

নলবাৰীৰ হাতিকুঁচিত জন্ম নুৰুদ্দিন আহমেদৰ । সৰুৰেপৰা তেওঁ কলা-শিল্পৰ প্ৰতি দুৰ্বাৰ আৰ্কষণ আছিল । অৱশ্যে আহমেদৰ ঘৰখনেও প্ৰতিটো খোজতে , প্ৰতি ক্ষণতে সহযোগিতা আগবঢাইছিল । যাৰ সুবাদতে নলবাৰীতে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি মুম্বাইৰ জে. জে কলেজৰ আৰু ললিত কলা একাডেমীৰ পৰা আৰ্টৰ শিক্ষা, নতুন দিল্লীৰ পৰা ভাস্কৰ্য শিল্পৰ আধুনিক কৌশলৰ সমন্ধে আৰু নতুন দিল্লীৰ CCRT ৰ পৰা পুতলা নাচৰ বিষয়ে বিশেষ ভাবে শিক্ষা গ্ৰহণ কৰিছিল । মুঠৰ ওপৰত তেওঁ কলা শিল্পৰ প্ৰতি থকা নিচাটোকে পেছা হিচাপে গঢ় দিবলৈ বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰিছিল ।

নুৰুদ্দিন আহমেদে তেওঁৰ মনোভাৱ Your Storyক কয় – ‘এই যে কলা আৰু শিল্পৰ প্ৰতি যুঁজ বাগৰ কৰা দেখিছা, সেয়া আজি তাৰিখৰ নহয়। মই যেতিয়া তৃতীয় শ্ৰেণীত পঢ়ি আছিলো, তেতিয়া নলবাৰীত অনুষ্ঠিত এখন নাটকৰ মঞ্চৰ নাটকৰ চেটিঙচৰ কাম কৰিছিলো । সকলোৱে মোক ইমান কম বয়সতে নাটকৰ চেটিঙচ বোনোৱাৰ বাবে আচৰিত হৈছিল আৰু মোক উৎসাহিত কৰিছিল । সেই বাবে এনে এটা দিশৰ প্ৰতি মই আকৃষ্ট হৈছিলো আৰু পৰৱৰ্ত্তী সময়ত সেই মতে আগবাঢ়িছিলো

বৰ্ত্তমান সময়ত নুৰুদ্দিন আহমেদ ভাস্কৰ্য শিল্পী হিচাপে, কলা নিৰ্দেশক হিচাপে বিভিন্ন ক্ষেত্ৰত কৰ্মৰত । বিশেষকৈ ঐতিহাসিক চৰিত্ৰ সমুহৰ প্ৰতিমূৰ্ত্তি বনোৱা আৰু থিয়েটাৰ নাটকৰ কলা নিৰ্দেশনাত ব্যস্ত । উত্তৰ লক্ষিমপুৰ চাৰু কলা বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰিছিল আহমেদে। Greetings Card বনোৱা painting কৰা Sign Board বনোৱা আদিৰে কাম আৰম্ভ কৰা নুৰুদ্দিন আহমেদ এজন সফল শিল্পী । তেখেতে জন্ম দিয়া কাহিলীপাৰাস্থিত ৰাজদ্বীপ ষ্টুডিঅই বহু কলা শিল্পী আৰু ভাস্কৰ্য শিল্পীক জন্ম দিছে । সন্ধান দিছে বহু পৰিয়ালৰ জীৱন আৰু জীৱিকাৰ পথ ।

শেহতীয়াকৈ বটদ্ৰৱা প্ৰকল্পৰ গুৰু আসনকে মুখ্য কৰি ভগৱান বিষ্ণুৰ দশাৱতাৰ প্ৰতিমূৰ্ত্তিৰ নিৰ্মাণ সফলতাৰে সম্পন্ন কৰিছে শিল্পী গৰাকীয়ে। এগৰাকী মুছলমান ধৰ্মালম্বী লোক হৈও নিজৰ দুই পুত্ৰ ৰাজ আহমেদ আৰু দীপ আহমেদৰ সৈতে একাগ্ৰতা আৰু ভক্তিৰে ভগৱানক দিছে জীৱন্ত ৰূপ।
অধ্যয়ন কৰিছিল ভাগৱত, কীৰ্তন, সাঁচিপাতৰ পুথি।

বিভিন্ন সময়ত আহমেদে কলা শিল্পৰ বাবে বহুতো স্বীকৃতি লাভ কৰিছে। উল্লেখযোগ্য যে গণৰাজ্য দিৱসৰ প্ৰতীকপটৰ বাবে ২০০৩ চনত দিল্লীত দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল, ২০০৫ চনত নাটকৰ চেটিঙচৰ বাবে “কমল লাল মেমৰিয়েল বটা” লাভ কৰিছিল। তেওঁৰ প্ৰতিমূৰ্ত্তি সাজিবলৈ ব্যৱহাৰ কৰে ব্ৰঞ্জ, ফাইবাৰ, আৰু মাটি ।

নুৰুদ্দিন আহমেদৰ মতে সৰুৰে পৰা ল’ৰা ছোৱালীক কলা ভাল পাবলৈ শিকাব লাগে । কলাই শিশুৰ চৰিত্ৰ গঠনত যথেষ্ট সহায় কৰে । এশ খনতকৈ অধিক চিনেমাত তেওঁ কলা নিৰ্দেশক হিচাপে কাম কৰিছে । তেওঁৰ মতে মনৰ ভাবাবেগৰ পৰা কলা শিল্প সৃষ্টি হয় লগতে নিজস্ব দৃষ্টিভংগী, চিন্তাধাৰাই প্ৰচুৰ পৰিমাণে সহায় কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + seven =

Back to top button