Socialঅসম

GMCHৰ অৱসৰপ্ৰাপ্ত বিশিষ্ট চিকিৎসক ডাঃ দিলীপ কুমাৰ বৰুৱাৰ দেহাৱসান

বৰপেটা মেডিকেল কলেজ, জি বি পেন্ট মেডিকেল কলেজৰ লগতে উত্তৰ-পূবৰ বহু ঠাইত কৰ্মৰত আছিল দিলীপ কুমাৰ বৰুৱা

GMCHৰ বিশিষ্ট চিকিৎসক ডাঃ দিলীপ কুমাৰ বৰুৱাৰ দেহাৱসান। GMCHৰ E.N.T বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী চিকিৎসক দিলীপ কুমাৰ বৰুৱাই বৃহস্পতিবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে।

১৯৫০ চনত নগাঁৱত হৰেন্দ্ৰ মোহন বৰুৱা আৰু মিনতি বৰুৱাৰ ঔৰষত জন্ম লাভ কৰিছিল দিলীপ কুমাৰ বৰুৱাই। GMCHৰ পৰাই E.N.T.ত MBBS আৰু MS অৱতীৰ্ণ হোৱা দিলিপ কুমাৰ বৰুৱাই GMCHতে ৩০ বছৰৰ চিকিৎসা সেৱা আগবঢ়ায়।
বৰপেটা মেডিকেল কলেজ, জি বি পেন্ট মেডিকেল কলেজৰ লগতে উত্তৰ-পূবৰ বহু ঠাইত কৰ্মৰত আছিল দিলীপ কুমাৰ বৰুৱা।

মৃত্যুৰ সময়ত পত্নী, পুত্ৰ-বোৱাৰী আৰু দুগৰাকী নাতিনীক এৰি থৈ যোৱা চিকিৎগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় নৱগ্ৰহ শ্মশানত। জীৱন কালত চিকিৎসা সেৱাৰে সকলোৰে বাবে অৱদান আগবঢ়াই যোৱা চিকিৎসক দিলীপ কুমাৰ বৰুৱাৰ মৃত্যুত এতিয়া শোকত ম্ৰিয়মান হৈ পৰিছে সকলো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + nineteen =

Back to top button