অসমনিৰ্বাচন

নিৰ্বাচন সমাগত, ৰাজ্যত কিয় হ্ৰাস পাইছে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা?

বিগত অৰ্থাৎ ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ তথ্য অনুসৰি তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা আছিল ৪৫৫ গৰাকী

৯ এপ্ৰিলত ৰাজ্যত বিধানসভা নিৰ্বাচন। ভোটদানৰ বাবে সাজু হৈছে অসম। লগতে প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী সকলো। অসমত শাসকীয় দল বিজেপি, বিৰোধী দল কংগ্ৰেছ তথা মিত্ৰজোঁটৰ অংশীদাৰী দল অগপ, বিপিএফ আৰু এআইইউডিএফ, বাঁওপন্থী আৰু ইউপিপিএলৰ দৰে আঞ্চলিক দলৰ মাজত তীব্ৰ যুঁজৰ বাবে সাজু প্ৰতিটো ৰাজনৈতিক দল। লক্ষ্য কৰিবলগীয়া কথাটো হৈছে ৰাজ্যত যুৱ-বৃদ্ধ ভোটাৰৰ উল্লেখযোগ্য উপস্থিতি। তাৰ পিছতে আহিছে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা। পূৰ্বৰ তুলনাত অসমত কমিছে তৃতীয় লিংগৰ ভোটাৰ।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে শ্বেয়াৰ কৰা তথ্য অনুসৰি অসমত ১৮-১৯ বছৰ বয়সৰ প্ৰথমবাৰৰ বাবে মুঠ ৬,২৮,০৯৩ জন ভোটাৰ আৰু ১০০ বছৰৰ ওপৰৰ ২,৪৮২ জন ভোটাৰ আছে। প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলৰ ভিতৰত ৩,৫০,৪৩৪ জন পুৰুষ, ২,৭৭,৬৫০ জন মহিলা আৰু ৯ জন তৃতীয় লিংগ শ্ৰেণীৰ অন্তৰ্গত। ইয়াৰ বিপৰীতে ৰাজ্যজুৰি ১০০ বছৰৰ ওপৰৰ ভোটাৰৰ ভিতৰত আছে ৯৩২ জন পুৰুষ আৰু ১৫৫০ গৰাকী মহিলা।

ইচিআইৰ তথ্য অনুসৰি বৰ্তমান অসমত মুঠ ভোটাৰৰ সংখ্যা ২,৪৯,৫৮,১৩৯ কোটি, য’ত ১,২৪,৮২,২১৩ কোটি পুৰুষ ভোটাৰ ১,২৪,৭৫, ৫৮৩ কোটি মহিলা ভোটাৰ, আৰু ৩৪৩ জন তৃতীয় লিংগৰ ভোটাৰ আছে৷ উল্লেখ্য যে অসমৰ ১২৬খন ৪ মে’ত হ’ব বিধানসভা আসনৰ ভোটগণনা৷

উল্লেখ্য যে, বিগত অৰ্থাৎ ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ তথ্য অনুসৰি তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা আছিল ৪৫৫ গৰাকী। যিটো এই বৰ্ষত ১১২ জন হ্ৰাস পাইছে। কিন্তু কিয় এই হ্ৰাস? সজাগতাৰ অভাৱ নে আন কিবা? দেশৰ নাগৰিকৰ অধিকাৰ সাব্যস্ত কৰাৰ অনিচ্ছাৰ আঁৰত কি? দেশৰ আন নাগৰিকৰক দৰে তেওঁলোককো নিৰ্বাচনৰ গুৰুত্ব প্ৰতি সজাগ কৰাৰ প্ৰয়োজন আহি পৰিছে নেকি বুলি ভাবে নে আপুনি?

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × five =

Back to top button