Socialকেৰালাজীৱনশৈলীভাৰত

দহ বছৰৰ আগতে পথৰ দাঁতিত নেমু টেঙাৰ চৰ্বত বিক্ৰী কৰা এগৰাকী মাতৃ, এতিয়া হ’ল আৰক্ষী উপ-পৰিদৰ্শক

তিৰুৱন্তপুৰমৰ এগৰাকী মহিলাৰ জীয়া কাহিনীয়ে এতিয়া অনুপ্ৰেৰণা যোগাইছে সপোন পিয়াসী বহুতকে

বৰ্তমানৰ ঋণাত্মক চিন্তা-ধাৰাৰ সময়তে সকলোকে উৎসাহিত কৰা এটা ভাল খবৰ। তিৰুৱন্তপুৰমৰ এগৰাকী মাতৃৰ জীয়া কাহিনীয়ে এতিয়া অনুপ্ৰেৰণা যোগাইছে সপোন পিয়াসী বহুতকে।

এসময়ত পথৰ কাষত নেমুটেঙাৰ চৰ্বত বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া কেৰালাৰ আনি শিৱ এতিয়া কেৰালা আৰক্ষীৰ উপ-পৰিদৰ্শক। জীৱনৰ সকলো ঘাত-প্ৰতিঘাত পাৰ কৰি আনিয়ে বাস্তৱায়িত কৰিলে নিজৰ সপোন।

দহ বছৰৰ আগতে পথৰ দাঁতিত নেমু টেঙাৰ চৰ্বত বিক্ৰী কৰা এগৰাকী মাতৃ, এতিয়া হ'ল আৰক্ষী উপ-পৰিদৰ্শক

আৰক্ষী উপ-পৰিদৰ্শক আনি শিৱ(প্ৰতীকী ফটো)

নিচেই কম বয়সতে মাত্ৰ ১৮ বছৰ বয়সতে পৰিয়ালৰ সন্মতিৰ বিপৰীতে গৈ বিবাহপাশত আৱদ্ধ হৈছিল আনি। বিবাহৰ দুবছৰৰ পাছতে স্বামীৰ সৈতে বিচ্ছেদ হোৱা আনিয়ে ৮ মহীয়া পুত্ৰক লগত লৈ নিজ ঘৰলৈ উভতি গৈছিল যদিও পৰিয়ালৰ লোকে আকোৱালি লোৱা নাছিল আনি আৰু তেওঁৰ সন্তানক। উপায়ন্তৰ হৈ পৰা আনিয়ে আশ্ৰয় লৈছিল আইতাকৰ ঘৰত। আইতাকৰ ঘৰত থাকিয়েই পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল আনিয়ে। জীৱন নিৰ্বাহৰ উপায় হিচাপে তেওঁ আৰম্ভ কৰিছিল নেমু টেঙাৰ চৰ্বত আৰু আইচক্ৰীম বিক্ৰীৰ কাম।

জীৱনৰ কঠিন মুহূৰ্তৰ সৈতে যুঁজি ভাগৰি নপৰা আনিয়ে পুনৰ আৰম্ভ কৰিলে পঢ়া-শুনা। দেউতাকে তাইক লৈ দেখা সপোন পূৰাবলৈ আনিয়ে দিয়ে আৰক্ষী বিভাগৰ পৰীক্ষা। ২০১৬ চনত পুলিচ বিষয়া হিচাপে নিযুক্তি লাভ কৰা আনিয়ে তিনি বছৰৰ পাছত আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৮ মহীয়া প্ৰশিক্ষণৰ অন্তত ভাৰ্কলা পুলিচ ষ্টেচনত শনিবাৰে আৰক্ষী উপ-পৰিদৰ্শক হিচাপে যোগ দিয়ে আনিয়ে।

আনিৰ এই সফলতাত উৎফুল্লিত হৈ পৰা সকলোৱে প্ৰশংসাৰে ওপচাই পেলাইছে আনিক। জীৱনৰ সকলো ঘাত-প্ৰতিঘাত পৰিহাৰ কৰি নিজৰ সন্তানক মমতাৰ মায়াৰে বান্ধি ৰখাৰ লগতে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ আনিয়ে কৰা প্ৰচেষ্টা অৱশেষত সফল হ’ল। আনিৰ এই জীৱন সংগ্ৰামৰ কাহিনীয়ে এতিয়া অনুপ্ৰেৰণা যোগাইছে সকলোকে। কেৰালাৰ আনি শিৱ হৈ পৰিছে সকলোৰে বাবে আদৰ্শৰ অন্য এক উদাহৰণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 5 =

Back to top button