AssamCrimeঅসম

নাওবৈচাত চলন্ত ৰে’লত নিজ কন্যাৰ সৈতে ভয়ং\কৰ কাণ্ড পিতৃৰ…

চলন্ত ৰে'লতে পিতৃয়ে হ\ত্যা কৰিলে নিজৰ ৮ বছৰীয়া কন্যাক। আন যাত্ৰীৰ সন্মুখত ৰে’লৰ ভিতৰত ডিঙি কাটি হত্যা পিতৃৰ।

পিতৃ, এনে এটা মহান সম্পৰ্ক যাৰ সান্নিধ্যত আটাইতকৈ নিৰাপদ অনুভৱ কৰে সন্তানে। যাৰ অবিহনে জীৱন জীয়া সহজ নহয়। নিজৰ সন্তানৰ বাবে নিজৰ জীৱন ত্যাগ কৰিবলৈও সাজু হৈ থাকে এজন পিতৃ। কিন্তু সেই পিতৃয়ে যেতিয়া ঘাতক হয়! তেতিয়ানো কাক প্ৰশ্ন কৰিব। বৰ্তমান হ\ত্যা, অপ\ৰাধ এইবোৰ আমাৰ সমাজত ঘটনা নিত্য নৈমিত্তিক ঘটনা। কিন্তু কিছুমান অপৰাধে সঁচাকৈ বুকু কঁপাই তোলে।

তেনেই এক গাৰ নোম শিয়ৰি উঠা ঘটনা সংঘটিত হৈছে শুকুৰবাৰৰ দিনটোত। চলন্ত ৰে’লতে পিতৃয়ে হ\ত্যা কৰিলে নিজৰ ৮ বছৰীয়া কন্যাক। আন যাত্ৰীৰ সন্মুখত ৰে’লৰ ভিতৰত ডিঙি কাটি হ\ত্যা পিতৃৰ। ডেকাৰগাঁৱৰ পৰা মুৰ্কংচেলেক অভিমুখী ৰে’লত সংঘটিত হৈছে এই লোম\হৰ্ষক ঘটনাটো। জানিব পৰা মতে ধেমাজিৰ গোগামুখৰ সুনীল মুর্মুৱে হ\ত্যা কৰে কন্যাক। নাওবৈচাৰ চিলনীবাৰী ৰে’ল ষ্টেচনত সুনীল মুর্মুৱে সংঘটিত কৰিছিল এই নৃশংস ঘটনা।

তাৰ পিছতে ৰে’লৰ পৰা জপিয়াই পলায়নৰ চেষ্টা হত্যাকাৰীৰ। কিন্তু ৰাইজৰ তৎপৰতাত হ\ত্যাকাৰী পিতৃ সুনীল মুর্মুক গ্ৰেপ্তাৰ আৰক্ষীৰ। নিহত শিশুটিৰ ঘৰ ধেমাজিৰ চাওতালপুৰত বুলি জানিব পৰা গৈছে। অৱশ্যে এতিয়ালৈ জানিব পৰা হোৱা নাই হত্যাৰ কাৰণ । সুনীল মুর্মূৱে নিজ কন্যাক কিয় হ\ত্যা কৰিলে সেই সম্পৰ্কত জেৰা অব্যাহত ৰাখিছে আৰৰ্ক্ষীয়ে । পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত ঘটনাৰ আঁৰৰ কাহিনী পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

কিন্তু এতিয়া প্ৰশ্ন, ভুল যাৰে নাথাকক এগৰাকী ৮ বছৰীয়া কন্যাৰ সৈতে পিতৃৰ এই কাণ্ড গ্ৰহণযোগ্য হয় নে? নিজৰ পিতৃয়ে যদি কন্যাক নৃশংসভাৱে হ\ত্যা কৰাৰ আগত এবাৰ নাভাবে তেন্তে ভাবিব কোনে? ৰক্ষক কোন? কোন দিশলৈ গৈ আছে আমাৰ সমাজখন? এতিয়া অপেক্ষা মাথো ন্যায়লৈ…

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 10 =

Back to top button