দুৰ্ভোগ ভূগিছে সাধাৰণ জনতাই
ভ্ৰুক্ষেপ নাই চৰকাৰ, প্ৰশাসনৰ

অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পুৱাৰে পৰা গুৱাহাটীত ঘুৰা নাই বাছৰ চকা। বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱাও। মোদীৰ অনুষ্ঠানলৈ মানুহ আনিবলৈ অধিগ্ৰহণ বাছ, হাঁহাকাৰ যাত্ৰীৰ।
দুদিনীয়া ভ্ৰমণসূচীৰে বিয়লি গুৱাহাটীত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী আহি উপস্থিত হোৱাৰ দিনটোত শনিবাৰে পুৱাৰে পৰা গুৱাহাটীত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ৷
গুৱাহাটীৰ ৰাজপথৰ পৰা অন্তৰ্ধ্যান বাছ। ইখনৰ পিছত সিখন বাছে শাৰি পাতি থকা গুৱাহাটীত আজি দেখা গ’ল অন্য এক পৰিৱেশ। দীৰ্ঘ সময় অপেক্ষাৰ পিছতো যাত্ৰীয়ে পোৱা নাই গন্তব্য স্থানলৈ যাবলৈ বাছ৷
বাছ ষ্টপত যাত্ৰীৰ দীঘলীয়া শাৰী। ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষাৰ পিছত যদি কেনেবাকৈ এখন বাছ আহিছে, সেই বাছতো ওপৰে তলে উঠি আহিছে মানুহ। প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ মানুহ আনিব লাগিব ৷ প্ৰদৰ্শন কৰিব লাগিব নিজৰ শক্তি৷ সেয়ে যাত্ৰীক পণবন্দী কৰি জধে-মধে অধিগ্ৰহণ কৰা হৈছে বাছ৷ পৰিণতিত দুৰ্ভোগ ভূগিছে সাধাৰণ জনতাই।
তাতে কি আহে যায় চৰকাৰ, শাসক দলৰ৷ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান সফল কৰাৰ স্বাৰ্থত এই ত্যাগ যেন কৰিবই লাগিব জনতাই৷ এনে এক মনোভাবেৰেই সৰ্বসাধাৰণৰ কথা নাভাবি, প্ৰায় সকলো বাছ অধিগ্ৰহণ কৰা হৈছে ৷ ইয়াৰ পুৰামাত্ৰাই সুযোগ লৈছে অট’, ৰিক্সা, মেজিক, বেটাৰী ৰিক্সাৰ চালকসকলে৷ ভাড়া আদায় লৈছে তিনি-চাৰি গুণকৈ।
এনেদৰেই শনিবাৰৰ দিনটোত বাছৰ অভাৱত দুৰ্ভোগ ভূগিবলগীয়া হয় যাত্ৰীয়ে। কিন্তু তালৈ ভ্ৰুক্ষেপ নাই চৰকাৰ, প্ৰশাসনৰ৷

