পৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰভাৰত

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতাবাণী

সাগৰীয় ধুমুহাই কোবাই যাব বংগোপসাগৰৰ সমীপৱৰ্তী অঞ্চলসমূহ

আহি আছে সাগৰীয় ধুমুহা মন্থা ৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই মন্থাৰ আগমনক কেন্দ্ৰ কৰি জাৰি কৰিছে সতৰ্কতাবাণী ৷ মঙলবাৰে নিশা এই সাগৰীয় ধুমুহাই কোবাই যাব বংগোপসাগৰৰ সমীপৱৰ্তী অঞ্চলসমূহ ৷ বিশেষকৈ অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়াৰ সমীপৰ মচলীপট্টনম আৰু কলিংগপট্টনমৰ মাজত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে এই ঘূৰ্ণীবতাহজাকে ৷

অঞ্চলটোত খুন্দা মৰাৰ পিছতে স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে ঘূৰ্ণীবতাহজাক । যাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অন্ধ্ৰপ্ৰদেশ, ওড়িশা, তামিলনাডু আৰু পশ্চিমবংগকে ধৰি চাৰিখন উপকূলীয় ৰাজ্যত জাৰি কৰিছে সতৰ্কতা । ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, সোমবাৰে পুৱা ৫.৩০ বজাত দক্ষিণ-পশ্চিম আৰু সমীপৱৰ্তী দক্ষিণ-পূব উপসাগৰৰ ওপৰৰে ঘূৰ্ণীবতাহজাকে প্ৰতি ঘণ্টাত ১৫ কিলোমিটাৰ বেগেৰে পশ্চিম-উত্তৰ-পশ্চিম দিশ অভিমুখে গতি কৰে ৷ আনহাতে, একেটা অঞ্চলকে কেন্দ্ৰ কৰি চেন্নাই(তামিলনাডু)ৰ পৰা প্ৰায় ৫৬০ কিলোমিটাৰ পূব-দক্ষিণ-পূব, কাকিনাড়া(অন্ধ্ৰপ্ৰদেশ) ৰ পৰা ৬২০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূবে, বিশাখাপট্টনম (অন্ধ্ৰপ্ৰদেশ) ৰ পৰা ৬৫০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূবে, প’ৰ্টব্লেয়াৰৰ পৰা ৮১০ কিলোমিটাৰ পশ্চিমে (আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ) আৰু গোপালপুৰ(ওড়িশা)ৰ পৰা ৭৯০ কিলোমিটাৰ দক্ষিণত সাগৰীয় ঘূৰ্ণীবতাহজাকে কোবাই যোৱাৰ সম্ভাৱনা আছে ৷

পৰৱৰ্তী ১২ ঘণ্টাৰ ভিতৰত ঘূৰ্ণীবতাহজাক দক্ষিণ-পশ্চিম আৰু সমীপৱৰ্তী পশ্চিম-মধ্য বংগ উপসাগৰৰ ওপৰেৰে উত্তৰ-পশ্চিম দিশলৈ গতি কৰাৰ সম্ভাৱনা আছে । ইয়াৰ পিছত ২৮ অক্টোবৰৰ পুৱালৈকে উত্তৰ-উত্তৰ-পশ্চিম দিশলৈ গতি কৰি ঘূৰ্ণীবতাহজাক ধুমুহালৈ ৰূপান্তৰিত হোৱাৰ প্ৰবল সম্ভাৱনা আছে । উত্তৰ-উত্তৰ-পশ্চিম দিশলৈ গতি কৰাৰ পিছত ২৮ অক্টোবৰৰ সন্ধিয়া বা নিশাৰ ভাগত মচলীপট্টনম আৰু কলিংগপট্টনমৰ মাজত কাকিনাদাৰ আশে-পাশে অন্ধ্ৰপ্ৰদেশৰ উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ঘূৰ্ণীবতাহজাকে ৷ সেই সময়তে ই সাগৰীয় ধুমুহালৈ পৰিৱৰ্তিত হ’ব ৷ এই ধুমুহাৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত ৯০-১০০ কিলোমিটাৰৰ পৰা ১১০ কিলোমিটাৰলৈ বৃদ্ধি পাব পাৰে ।

ওড়িশাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী সুৰেশ পূজাৰীয়ে কয় যে ৰাজ্য চৰকাৰে সাগৰৰ উপকূলীয় অঞ্চলসমূহ খালী কৰিবলৈ ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ সাগৰীয় ঘূৰ্ণীবতাহজাকৰ প্ৰভাৱ পৰিব পৰা ৰাজ্যখনৰ দক্ষিণ প্ৰান্তৰ আঠখন জিলাত মোতায়েন কৰা হৈছে ১২৮ টা উদ্ধাৰকাৰী দল ।

মন্ত্ৰীগৰাকীয়ে কয়, ‘‘যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সম্পূৰ্ণৰূপে সাজু চৰকাৰ আৰু সম্ভাৱ্য ক্ষতিগ্ৰস্ত অঞ্চলসমূহত গ্ৰহণ কৰা হৈছে সকলো প্ৰকাৰৰ প্ৰয়োজনীয় ব্যৱস্থা ৷ সোমবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত উক্ত স্থানসমূহ সম্পূৰ্ণৰূপে খালী কৰা হ’ব ।’’

ঘূৰ্ণীবতাহজাকে অন্ধ্ৰপ্ৰদেশৰ উপকূল অতিক্ৰম কৰিব যদিও ইয়াৰ প্ৰভাৱ ওড়িশাৰ দক্ষিণ আৰু উপকূলীয় অঞ্চলত পৰিব ৷ যাৰ বাবে ৰাজ্য চৰকাৰে কোনোধৰণৰ বিপৰ্যয়ৰ সন্মুখীন নহ’বলৈ সম্ভৱপৰ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷

এই সময়চোৱাত ধাৰাসাৰ বৃষ্টিপাতৰ লগতে ঘণ্টাত ৮০ কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৷ মলকানগিৰি, কোৰাপুট, নবাৰংপুৰ, ৰায়গড়া, গজপতি, গঞ্জাম, কান্ধমাল আৰু কালাহাণ্ডী জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট ৷

সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰাজ্য চৰকাৰে এই আঠখন জিলাত ওড়িশা দুৰ্যোগ ৰেপিড এক্সন ফ’ৰ্চৰ ২৪ টা দল, এন ডি আৰ এফৰ পাঁচটা আৰু ৯৯ টা অগ্নিনিৰ্বাপক বাহিনীৰ দলৰ লগতে ৫০০০ ৰো অধিক উচ্চ দক্ষতাসম্পন্ন জোৱান নিয়োগ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ তদুপৰি উদ্ধাৰ অভিযানৰ বাবে প্ৰতিখন জিলা প্ৰশাসনক সম্পূৰ্ণ সাজু হ’বলৈ নিৰ্দেশ দিয়া হৈছে ৷

সোমবাৰৰ পৰা ৰাজ্যখনত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ ২৮ আৰু ২৯ অক্টোবৰত বৰষুণৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − five =

Back to top button