leatest updatePMo indiapoliticalSocialদৈনিক বাতৰিভাৰত

MODI 3.0ৰ দ্বিতীয় কেন্দ্ৰীয় বাজেট

১ ফেব্ৰুৱাৰীত MODI 3.0ৰ দ্বিতীয় কেন্দ্ৰীয় বাজেট । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব ২০২৫-২৬ বৰ্ষৰ বাজেট । বাজেটক লৈ দেশৰ উদ্যোগ খণ্ড আৰু অৰ্থনীতিবিদৰ ব্যাপক চৰ্চা । একেৰাহে অষ্টম বাৰৰ বাবে বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

MODI 3.0ৰ দ্বিতীয় কেন্দ্ৰীয় বাজেট

বাজেটত গুৰুত্বপূৰ্ণ ঘোষণাৰ সম্ভাৱনাক লৈ সৰৱ চৰ্চা । হ্ৰাস হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ ওপৰত আৰোপিত আবকাৰীকৰ । হ্ৰাস হোৱাৰ সম্ভাৱনা ইলেক’ট্ৰনিক উপকৰণৰ ওপৰত প্ৰযোজ্য শুল্ক । বৃদ্ধি পাব পাৰে সোণ-ৰূপৰ ওপৰত আমদানি শুল্কও । কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীজৰ পৰামৰ্শক গুৰুত্ব আৰোপ বিত্তমন্ত্ৰালয়ৰ । আগন্তুক বিত্তীয়বৰ্ষত সলনি হ’ব পাৰে আয়কৰ ব্যৱস্থা ।

MODI 3.0ৰ দ্বিতীয় কেন্দ্ৰীয় বাজেট

নতুন আয়কৰ প্ৰণালীৰ অধীনত বাৰ্ষিক ১০ লাখ লৈ বিশেষ ৰেহাই । ১৫ লাখৰ পৰা ২০ লাখ পৰ্যন্ত আয়ৰ বিপৰীতে ২৫% আয়কৰৰ সম্ভাৱনা । ৩ৰ পৰা ৫লাখ পৰ্যন্ত হ’ব পাৰে আয়কৰ মুক্ত নতুন কৰ প্ৰণালী । বৃদ্ধি হ’ব পাৰে PM কিষাণ সন্মান নিধিৰ অনুদান । বৰ্তমানৰ বাৰ্ষিক ৬ হাজাৰৰ পৰা ১২ হাজাৰলৈ হ’ব পাৰে বৃদ্ধি ।

MODI 3.0ৰ দ্বিতীয় কেন্দ্ৰীয় বাজেট

বৃদ্ধি হ’ব পাৰে আয়ুষ্মান ভাৰত যোজনাৰ পৰিসৰ । ৫ হাজাৰৰ পৰা ১০ হাজাৰ লৈ বৃদ্ধি হ’ব পাৰে অটল পেঞ্চন যোজনাৰ ধন । গ্ৰাম্য শিক্ষিত যুৱকক নিয়োগৰ বাবে নতুন ৰাষ্ট্ৰীয় নিয়োগনীতি । স্বাস্থ্য খণ্ডৰ বিকাশৰ বাবে ১০% বাজেট বৃদ্ধিৰ সম্ভাৱনা । বিগত বৰ্ষত স্বাস্থ্য খণ্ডত ধাৰ্য হৈছিল ৯০ হাজাৰ ৯৫৮ কোটি । গৃহ ঋণৰ ক্ষেত্ৰতো ৫ লাখ পৰ্যন্ত কৰ ৰেহাই ব্যৱস্থা ঘোষণাৰ সম্ভাৱনা ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 4 =

Back to top button