AssamCity newsnationalpoliticalঅসমআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীজম্মু-কাশ্মীৰদৈনিক বাতৰিভাৰতৰাজনৈতিক

যু*দ্ধ*ৰ দামামা বাজিল !

বুধবাৰে দেশত যুদ্ধৰ আখৰা.... সেনাবাহিনীয়ে শিকাব আত্মৰক্ষাৰ কৌশল....

বুধবাৰে দেশত যুদ্ধৰ আখৰা

সেনাবাহিনীয়ে শিকাব আত্মৰক্ষাৰ কৌশল

যুদ্ধ আৰম্ভ হ’ল! চিৰাচৰিত শত্ৰুৰ বিৰুদ্ধে নহয়, এই যুদ্ধ হ’ব দেশৰ ভিতৰত। কিন্তু কিয়? কাৰণ, সীমান্তৰ সিপাৰে প্রত্যাঘাত কৰাৰ পূৰ্বে যুদ্ধৰ বাবে সাজু হোৱাৰ প্ৰয়োজন সমগ্র দেশবাসীৰ। দেশৰ জনতাক যুদ্ধৰ যিকোনো পৰিস্থিতিৰ বাবে সাজু কৰি তুলিবৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে বুধবাৰে দেশৰ সকলো নাগৰিককে ‘মক ড্ৰিল’ অৰ্থাৎ যুদ্ধৰ অনুশীলন চলাবলৈ নির্দেশ দিছে। ইয়াৰ অৰ্থ নিজৰ মাজত যুদ্ধ নহয়, দেশৰ সেনাবাহিনীয়ে কৰিবলগীয়া যুদ্ধৰ অনুশীলনত সহযোগিতা আৰু সক্ষম ছাত্ৰ- ছাত্ৰীৰ এই অনুশীলনত প্ৰয়োজনত সক্ৰিয় অংশগ্ৰহণ।

ঠিক যেনেদৰে ‘মক ড্ৰিল’ বা যুদ্ধৰ আখৰা হৈছিল ভাৰত-পাকিস্তানৰ ১৯৭১ চনৰ যুদ্ধৰ প্ৰাকমুহূৰ্তত। কি হৈছিল আজিৰ পৰা ৫৪ বছৰ পূৰ্বে? সেই ৰক্তৰঞ্জিত ভাৰতীয় উপমহাদেশৰ ইতিহাস এতিয়া বহুতৰ বাবেই পাহৰণিৰ গৰ্ভত। নতুন প্ৰজন্মৰ অনেকেই নাজানে ভাৰতৰ সেই বিজয়গাঁঠা । দুটা ‘ফ্ৰণ্ট’ত একেসময়তে যুদ্ধ কৰি সেইবাৰ পাকিস্তানৰ দৰ্পচূৰ্ণ কৰিছিল ভাৰতে।

তেতিয়া পূৱ পাকিস্তান অৰ্থাৎ এতিয়াৰ বাংলাদেশ চলি আছিল মুক্তিযুদ্ধ। পাকিস্তানৰ পৰা স্বাধীনতা বিচাৰি শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত চলিছিল সেই মুক্তিযুদ্ধ, য’ত ভাৰতৰ আছিল প্ৰছন্ন সমৰ্থন। হঠাতে এদিন পাকিস্তানে ‘অপাৰেচন জেংগিছ খাঁ’ নামেৰে আঠটা ভাৰতীয় এয়াৰ ষ্টেচনত বোমাবর্ষণ কৰি ভাৰতৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ কৰিলে। তেতিয়া ‘আইৰণ লেডী’ ইন্দিৰা গান্ধীৰ নিৰ্দেশত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে ভাৰতে। ভাৰতৰ পশ্চিম সীমান্ত আৰু পূৱ সীমান্তত একেলগে যুদ্ধত অৱতীৰ্ণ হ’ল দক্ষ ভাৰতীয় সামৰিক বাহিনী। দিনটো আছিল ১৯৭১ চনৰ ৩ ডিচেম্বৰ। ১৩ দিনৰ যুদ্ধত ভাৰতৰ হাতত পশ্চিম আৰু পূৱ দুয়োটা ‘ফ্ৰণ্ট’তে পৰাজিত হ’ল পাকিস্তান। ১৬ ডিচেম্বৰত পূৱ পাকিস্তানত পাকিস্তানে ভাৰতৰ সম্মুখত আত্মসমৰ্পণ কৰিলে। ভাৰতৰ হাতত যুদ্ধবন্দী হ’ল ৯৩,০০০ পাকিস্তানী সেনা। য’ত আছিল ৮১,০০০ পাকিস্তানী সেনা আৰু ১০,৩৪২ -১২,৫০০ অসামৰিক পাকিস্তানী যুদ্ধবন্দী। তেওঁলোক আছিল পাকিস্তানী সেনাবাহিনীৰ পৰিয়ালৰ সদস্য আৰু কুখ্যাত ৰাজাকাৰবাহিনী। পাকিস্তানক পৰাভুত কৰি প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জন্ম দিলে এখন নতুন ৰাষ্ট্ৰ নাম বাংলাদেশ। সেই যুদ্ধৰ প্ৰাকক্ষণত তেতিয়াৰ ইন্দিৰা গান্ধী চৰকাৰে দেশজুৰি সাধাৰণ জনতাৰ মাজত কৰিছিল ‘মক ড্ৰিল’, যুদ্ধৰ আখৰা। দুটাকৈ ‘ফ্ৰণ্ট’ত অৰ্থাৎ পূৱ পশ্চিম দুয়োটা সীমান্তত একেলগে যুদ্ধ হোৱাৰ বাবে প্ৰয়োজনত আত্মৰক্ষাৰ বাবে দেশৰ সাধাৰণ জনতাৰ মাজত ‘মক ড্ৰিল’ বা যুদ্ধৰ আখৰা অপৰিহাৰ্য্য হৈ পৰিছিল।

এতিয়া পহলগামৰ নৰহত্যাৰ পৰৱৰ্তী পৰিস্থিতিত ১৯৭১ চনৰ দৰে এক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ৰ নিৰ্দেশ অনুসৰি বুধবাৰে দেশৰ কেইবাখনো ৰাজ্যত যুদ্ধকালীন পৰিস্থিতিৰ বাবে সাজু হোৱাৰ বাবে ‘মক ড্রিল’ বা যুদ্ধৰ অনুশীলন চলোৱা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশত কোন কোন ৰাজ্যত যুদ্ধৰ অনুশীলন বা আখৰা চলোৱা হ’ব, সেই বিষয়ে সোমবাৰ প্ৰকাশিত জাননীত নির্দিষ্টকৈ ৰাজ্যৰ নাম উল্লেখ নকৰি ‘ছেভেৰেল ষ্টেট’ বা বহুকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্রদেশ বুলি কোৱা হৈছে। তাৰ ভিতৰত কেন্দ্ৰীয় শাসিত প্রদেশ জম্মু-কাশ্মীৰ উপৰি পঞ্জাব, ৰাজস্থান, হাৰিয়ানাৰ নাম উল্লেখ কৰা হৈছে। বাংলাদেশৰ দিশৰ পৰা ভাবুকি থকাৰ পৰিপ্ৰেক্ষিতত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইজন ৰাজ্যত এই আখৰা হ’ব বুলি ধাৰণা কৰা হৈছে।

কেন্দ্রীয় গৃহ মন্ত্রণালয়ে জাৰি কৰা জাননীত কোৱা হৈছে :

১) এয়াৰ ৰেইড বা বিমান আক্ৰমণৰ সতৰ্কতা হিচাপে চাইৰেন ব্যৱস্থাক সক্ৰিয় কৰা,চাইৰেণ বজাই জনতাক সজাগ কৰা
২) নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত সাধাৰণ মানুহ, শিক্ষাৰ্থীৰ ভূমিকা কি হ’ব সেই বিষয়ে নিৰাপত্তাবাহিনীয়ে প্রশিক্ষণ দিয়া,
৩) হঠাৎ ব্লেক আউট হ’লে অর্থাৎ লাইট নুমাই গ’লে কি কি কৰণীয় আৰু জৰুৰীকালীন পৰিস্থিতিত কি কি পদক্ষেপ ল’ব লাগিব আৰু কিদৰে উদ্ধাৰ কাৰ্য চলাব লাগিব তাৰ আখৰা কৰা হ’ব বুধবাৰৰ ‘মক ড্রিল’ত।

আনহাতে দেওবাৰে পঞ্জাৱৰ ফিৰোজপুৰ কেণ্টনমেণ্টত নিশা ৯ বজাত সকলো লাইট নুমাই লৈ সেনা বাহিনীয়ে ‘ব্লেক আউট ড্রিল’ কৰে। স্থানীয় বাসিন্দাক আগতেই সতৰ্ক কৰি কোৱা হৈছিল, সেই সময়ত যাতে তেওঁলোকে কোনো লাইট বা উজ্জল পোহৰ ব্যৱহাৰ নকৰে। নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ ফিৰোজপুৰ কেণ্টনমেণ্টৰ এই ‘মক ড্ৰিল’ আছিল অতি তাৎপৰ্যপূৰ্ণ পদক্ষেপ। সেই সময়ত স্থানীয় নাগৰিকে সেনাবাহিনীক সহযোগিতা কৰি কোনো পোহৰ নজ্বলোৱাকৈ ঘৰৰ ভিতৰতে অৱস্থান কৰে। নিশাৰ আন্ধাৰত বিকট শব্দৰে বাজি উঠা চাইৰেণৰ শব্দত যুদ্ধৰ দৰে পৰিৱেশৰ সৃষ্টি হয়। ঠিক একেদৰেই বুধবাৰে দেশৰ কেইবাখনো ৰাজ্য-কেন্দ্ৰীয়শাসিত প্ৰদেশত কৰা হ’ব ‘মক ড্রিল’। কেন্দ্রীয় মন্ত্রণালয়ৰ এই নিৰ্দেশে ভাৰতে যুদ্ধৰ বাবে প্রস্তুতি চলোৱাৰ সম্ভাৱনা গাঢ়তৰ কৰি তুলিছে। যুদ্ধৰ দামামা বাজি গ’ল ।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + four =

Back to top button