অসমনিৰ্বাচনবিধানসভাৰাজনৈতিক

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিয়াৰ প্ৰসংগ

প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে লুৰণিজ্যোতি গগৈয়ে

অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ মাজত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনিবলৈ পোৱা গʼল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিয়াৰ প্ৰসংগ। মূখ্যমন্ত্ৰীৰ মুখত লুৰিণৰ বিয়া খাবলৈ যোৱা প্ৰসংগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে লুৰণিজ্যোতি গগৈয়ে।
লুৰিণে কয় – “হিমন্ত বিশ্ব শৰ্মাই প্ৰমান কৰি দিছে তেওঁ মূখ্যমন্ত্ৰীৰ বাবে উপযুক্ত নহয় ৷ অসমৰ জনগণ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ৷ ৰাইজৰ সমস্যাৰ কথা বিধানসভাত নাপাতি পাতল কথা পাতিছে মূখ্যমন্ত্ৰীয়ে। এনে ধৰণৰ মানুহে টকা পইচাৰ ৰাজনীতি কৰি মন্ত্ৰী হ’ব পাৰিব, মূখ্যমন্ত্ৰী হ’ব পাৰিব, কিন্তু সময়ে মনত নাৰাখে ৷ যিসকলে বিধান সভাৰ গৰিমা হ্ৰাস কৰিব তেওঁলোকক সময়ে ক্ষমা নকৰে।

আনহাতে মূখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধু গীতটো অখিল আৰু লুৰিণক লৈ গাইছিল বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুৰণিজ্যোতি গগৈয়ে কয় যে, “মূখ্যমন্ত্ৰীয়ে মিছা কথা কৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে ৷ পলিটিক্স নকৰিবা বুলি কাক কৈছিল জুবিন দাৰ বক্তব্য চালেই গম পাব। পলিটিক্স নকৰিবা বন্ধু মানে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতিৰ কথা কৈছে।”

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কে কয় যে, “নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱা ১০ বছৰৰ পাৰ হ’ল আৰু অসমতো বিজেপি চৰকাৰৰ ১০ বছৰ হ’বৰ হ’ল ৷ ইমান দিনে জনজাতিকৰণ কৰিব নোৱাৰিলে কিয় ? জনজাতিকৰণৰ বাবে এটা প্ৰস্তাৱ দিল্লীলৈ প্ৰেৰণ কৰিছে। ইয়াৰ অন্তৰালত আছে আগন্তুক নিৰ্বাচন।”
ইফালে মিত্ৰতা প্ৰসংগত অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয় যে, “সাম্প্ৰদায়িক বিজেপিত প্ৰতিহত কৰিবলৈ মিত্ৰতা থাকিব। আমাৰ প্ৰথমলানি আলোচনা হৈ গৈছে। আমি ভোট বিভাজন ৰোধ কৰিবৰ বাবে, বিজেপিক অসমৰ মাটিৰ পৰা মুক্ত কৰিবলৈ, বিজেপিৰ আগ্ৰাসী সাম্প্ৰদায়িক সাধাৰণ জনগনৰ পৰিপন্থী নীতিৰ বিপৰীতে জনগণক ন্যায় প্ৰদান কৰিবলৈ আমি সকলোয়ে একেলগ হৈ নিৰ্বাচন খেলিম।”
আনহাতে চাহ জনগোষ্ঠীক ভূমি পট্টা প্ৰদান কৰাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, “ভূমি পট্টা প্ৰদান কৰাৰ কথা কৈছে যদিও স্থায়ী সমাধান নহয়। চাহ বাগিছাত থকা প্ৰতিটো পৰিয়ালে বাগিছাৰ মাটি পোৱাৰ বাবে যি পদক্ষেপ ল’ব লাগে সেয়া এতিয়াও কৰা নাই। নিৰ্বাচনলৈ বেছি দিন নাই। সেয়ে নিৰ্বাচনৰ ৰাজনৈতিক অস্ত্ৰ বা এজেণ্ডা হিচাপে তেঁওলোকে এই কাম কৰিছে । ২০১৪ চনতে বিজেপিয়ে ভিজন ডকুমেণ্টত কৈছিল যে চাহ জনগোষ্ঠীয় থলুৱা খিলঞ্জীয়া মানুহক ভূমি দিম বুলি কৈছিলে। কিন্তু তেওঁলোকে ৫ শতাংশ মাটি অনা কৃষি কামত বাগিছাত ইতিমধ্যে ব্যৱহাৰ কৰিছে। পত্নীয়ে ৰিজৰ্ট বনাইছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে লুৰিণ জ্যোতি গগৈয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − eleven =

Back to top button