
প্ৰতিকূল বতৰক নেওচি আজি পুনৰ লখিমপুৰত চলিল বৃহৎ উচ্ছেদ অভিযান।নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত চৰকাৰী ভূমিত পুৱাৰে পৰা চলিল উচ্ছেদ।প্ৰায় ২৩৭ বিঘা ভূমিত চলিল চৰকাৰী বুলড’জাৰ।নাওবৈচাৰ ফুকনদলনীৰ ১১৪ টা পৰিয়ালে বেদখল কৰি ৰাখিছিল চৰকাৰী ভূমি যাৰ পৰিপেক্ষিতত আজি পুৱাৰে পৰা চলিছে বৃহৎ উচ্ছেদ।ইতিমধ্যে উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতে ফুকনদলনীত বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ।ইয়াৰ সমান্তৰালকৈ জাননী জৰিয়তে ৭ দিনৰ ভিতৰত ঘৰ-মাটি খালি কৰাৰ নিৰ্দেশ দিছিল বেদখলকাৰীক।