অসমগুৱাহাটীপৰ্যটনসংস্কৃতি

অসমৰ সাংস্কৃতিক নৱ জাগৰণত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ হ’ব নতুন পৰিচয়

দেশী-বিদেশী পৰ্যটকৰ সুবিধাৰ্থেই এই আটক ধুনীয়া ব্যৱস্থা

ৰাজ্যবাসীৰ এক বহু দিনীয়া অভাৱ পূৰণ হোৱাৰ দিশে। গুৱাহাটীত মুকলিৰ বাবে সাজু অত্যাধুনিক প্ৰেক্ষাগৃহ।
গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ। পিছে, কেনে হ’ব এই জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ? কি কি সুবিধা থাকিব এই অত্যাধুনিক প্ৰেক্ষাগৃহটোত? দেওবাৰে উন্মোচনৰ প্ৰাকক্ষণত ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে আটকধুনীয়া সুবিশাল প্ৰেক্ষাগৃহটো।
একেলগে বহিব পাৰিব ৫ হাজাৰ দৰ্শক। ৪৫০ খন বাহন ৰাখিব পৰাকৈ বহু খলপীয়া পাৰ্কিং।  প্ৰেক্ষাগৃহৰ চৌপাশে বাজি থাকিব জ্যোতি-বিষ্ণুৰ গীত।  প্ৰেক্ষাগৃহৰ দুয়োফালে জ্যোতি-বিষ্ণুৰ প্ৰতিমূৰ্তি।  প্ৰেক্ষাগৃহটোৰ ভিতৰলৈ প্ৰৱেশ কৰোতেই দেখিব অসমৰ সাতামপুৰুষীয়া সংস্কৃতিৰ আভাস দাঙি ধৰা এটা সংগ্ৰহালয়। এটা বুটাম টিপিলেই বাজি উঠিব আপুনি বিচৰা বাদ্যযন্ত্ৰৰ শব্দ। বিশেষকৈ দেশী-বিদেশী পৰ্যটকৰ সুবিধাৰ্থেই এই আটক ধুনীয়া ব্যৱস্থা।
১ লাখ ৱাটৰ লাইট, অত্যাধুনিক চাউণ্ড চিষ্টেম সংযুক্ত কৰা হৈছে এই প্ৰেক্ষাগৃহত। ইমানেই নহয় প্ৰেক্ষাগৃহৰ কাষতে নিৰ্মাণ অত্যাধুনিক অতিথিশালাৰ। বিদ্যুৎ বিভাগৰ ফালৰ পৰা এই অত্যাধুনিন প্ৰেক্ষাগৃত কৰা হোৱা নাই বিদ্যুতৰ ব্যৱস্থা। তাৰ পৰিৱৰ্তে সৌৰ পেনেলৰ জৰিয়তে নিজাকৈ বিদ্যুৎ আহৰণ কৰি প্ৰেক্ষাগৃহটোত সংযোগ কৰা হৈছে বিদ্যুৎ ব্যৱস্থা। গৃহমন্ত্ৰী অমিত শ্বাহে এই প্ৰেক্ষাগৃহ উদ্বোধন কৰা লগে লগেই অসমবাসীয়ে লাভ কৰিব এক সাংস্কৃতিক সম্পদ। অসমৰ সাসংকৃতিক নৱ জাগৰণত এই জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ হ’ব নতুন পৰিচয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button