
“ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে”
যুগে যুগে এই কথা প্ৰমাণ হৈ আহিছে। ঠিক তেনেদৰে পুৰীৰ জগন্নাথ মন্দিৰত ঘটিল অবিস্মৰণীয় ঘটনা। অলৌকিক বুলি ভাবিলেও প্ৰকৃততে এয়াই সম্পূৰ্ণ সত্য। মৃত্যুৰ দুৱাৰদলিত খোজ পেলাই যেন পুনৰ জীৱন্ত হৈ উঠিল এটি শিশু।
পুৰীৰ জগন্নাথ মন্দিৰৰ ৰহস্যৰ কথা সকলো অৱগত। কিন্তু ঈশ্বৰৰ অস্তিত্বৰ অৱস্থিতিৰ কথা পুনৰ যেন সোঁৱৰাই দিলে মন্দিৰভাগিয়ে। উৰিষ্যাৰ এজন পিতৃয়ে নিজৰ কণমানি সন্তানটিক স্বাস্থ্যজনিত কাৰণত ভৰ্টি কৰাইছিল হাস্পতালত। চিকিৎসকে শিশুটিক ভেন্টিলেচনত ৰখাৰ পিছত শিশুটিৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰোঁ বুলি অৱগত কৰে শিশুটিৰ পিতৃক। দুৰ্ভগীয়া পিতৃয়ে জীৱন মৃত্যুৰে যুঁজি থকা শিশুটিক অক্সিজেন চিলিণ্ডাৰ আৰু হাতত লাগি থকা চেলাইনৰ সৈতে লৈ যায় জগন্নাথ মন্দিৰলৈ। মন্দিৰ পৰিচালনা সমিতিয়ে প্ৰথমতে শিশুটিক মন্দিৰৰ ভিতৰলৈ নিয়াত অমান্তি হৈছিল যদিও পিতৃৰ কাকুতি মিনতিত তেওঁলোক মান্তি হয়। শিশুটিক জগন্নাথৰ চৰণত ৰাখি ভগৱানেই শেষ আশ্ৰয় স্থল বুলি প্ৰাৰ্থনা কৰে ভগৱানক। সেই সময়তে ঘটিল এক আচৰিত ঘটনা। অক্সিজেন মাক্সৰ জৰিয়তে উশাহ লৈ থকা শিশুটিয়ে মূহুৰ্ততে খিলখিলাবলৈ লʼলে। মন্দিৰ পৰিচালনা সমিতিৰ লগতে ভক্তসকল অবাক হৈ সেই দৃশ্য চাই ৰʼল। সামাজিক মাধ্যমত কোনোজনে সেই ঘটনা ৰেকৰ্ডিং কৰি চেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰিল সমগ্ৰ ঘটনা। উল্লেখযোগ্য যে শিশুটি বৰ্তমান সম্পূৰ্ণ সুস্থ।
ইয়াৰ উপৰিও জগন্নাথ মন্দিৰ বহু ৰহস্যৰ ভঁৰাল-
১. মহাপ্ৰসাদৰ অলৌকিকতা (অন্ন বৃদ্ধি)- প্ৰতিদিনে মন্দিৰত হাজাৰ হাজাৰ ভক্তৰ বাবে মহাপ্ৰসাদ প্ৰস্তুত কৰা হয়। কিন্তু কেতিয়াও প্ৰসাদ কম নহয় বা অতিৰিক্ত নহয়। ১৯৫০ চনত এদিন মন্দিৰত আচৰিত ধৰণে প্ৰায় ৫০,০০০ ভক্ত অতিথি আহি পৰিছিল (যিটো আগতে কোৱা হোৱা নাছিল)। ৰান্ধনীসকলে মাত্ৰ ৫,০০০ জনৰ বাবে প্ৰসাদ প্ৰস্তুত কৰিছিল। কিন্তু অলৌকিকভাৱে সেই প্ৰসাদ সকলোৰে বাবে যথেষ্ট হৈছিল আৰু কিছু বাকীও আছিল! এই ঘটনা মন্দিৰৰ পুৰোহিত সকলে সাক্ষ্য দিছে।
২. সমুদ্ৰৰ ঢৌৱে মন্দিৰ স্পৰ্শ নকৰা- পুৰী সমুদ্ৰৰ পাৰত থকা মন্দিৰ। সাধাৰণতে ঢৌৱে বালিৰ ওচৰলৈ আহে, কিন্তু মন্দিৰৰ সিংহদ্বাৰৰ ঠিক আগতে সমুদ্ৰৰ ঢৌ থমকি ৰয়। ১৯৯৯ চনৰ অতি শক্তিশালী ঘূৰ্ণীঝড় (Super Cyclone)ৰ সময়ত পুৰীৰ বহু অঞ্চল ধ্বংস হৈছিল, কিন্তু মন্দিৰৰ ভিতৰত এটা বিন্দু পানীও সোমোৱা নাছিল। সমুদ্ৰৰ ঢৌ মন্দিৰৰ দুৱাৰৰ পৰা পিছুৱাই গৈছিল। এই কথা স্থানীয় লোক আৰু চৰকাৰী বিবৰণীত উল্লেখ আছে।
৩. নীলচক্ৰৰ ছাঁ কেতিয়াও নপৰা- মন্দিৰৰ শিখৰত থকা নীলচক্ৰ (১২ ফুট ওখ)ৰ ছাঁ কেতিয়াও মাটিত নপৰে, যিটো বিজ্ঞানৰ নিয়মৰ বিপৰীতে। বহু বিদেশী পৰ্যটক আৰু বিজ্ঞানীয়ে এই কথা পৰীক্ষা কৰিছে। দিনৰ যিকোনো সময়ত (সূৰ্য্যৰ অৱস্থান যিয়েই নহওক), নীলচক্ৰৰ ছাঁ মাটিত দেখা নাযায়। এইটো মন্দিৰৰ এটা স্থায়ী অলৌকিকতা।
৪. পতাকাৰ বিপৰীত দিশে উৰা- মন্দিৰৰ শিখৰত থকা পতাকা সদায় বতাহৰ বিপৰীত দিশে উৰে। বায়ুমণ্ডলৰ নিয়ম অনুসৰি বতাহ যি দিশে বয়, পতাকা সেই দিশে উৰিব লাগে। কিন্তু জগন্নাথ মন্দিৰত ঠিক উল্টা ঘটে। এই কথা প্ৰতিদিনে পৰ্যটকসকলে দেখে আৰু ভিডিঅ’ত ধৰি ৰাখে।
৫. গৰুড়ৰ স্তম্ভৰ অলৌকিক স্পৰ্শ- মন্দিৰৰ ভিতৰত গৰুড়ৰ স্তম্ভ আছে। যিকোনো ব্যক্তিয়ে এই স্তম্ভ স্পৰ্শ কৰিলে তেওঁৰ মনৰ কষ্ট দূৰ হয় বুলি বিশ্বাস। বহু ভক্তই সাক্ষ্য দিছে যে দীৰ্ঘদিনীয়া ৰোগ বা মানসিক চিন্তাৰ পৰা মুক্তি পাইছে এই স্তম্ভ স্পৰ্শ কৰি।
৬. ৰথযাত্ৰাৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন হোৱা- প্ৰতি বছৰে ৰথযাত্ৰাৰ দিনা পুৰীৰ বিদ্যুৎ সৰবৰাহ বন্ধ কৰা হয় যাতে ৰথৰ দড়ি বিদ্যুতৰ তাঁৰত নালাগে। কিন্তু কেতিয়াও ৰথ আবদ্ধ হোৱা নাই। ২০১৪ চনত প্ৰচণ্ড ধুমুহাৰ মাজতো তিনিওটা ৰথ (নন্দীঘোষ, তালধ্বজ, দেৱদলন) নিৰ্দিষ্ট সময়ত গুণ্ডিচা মন্দিৰ পাইছিল।
এই সকলো ঘটনা কেৱল বিশ্বাসৰ ওপৰত নহয়, স্থানীয় লোকৰ সাক্ষ্য, ভিডিঅ’, ফটো আৰু মন্দিৰৰ পৰম্পৰাগত নথি-পত্ৰত উল্লেখ আছে। জগন্নাথ স্বয়ং বিশ্বৰ পালক—এই কথা এই অলৌকিক ঘটনাই প্ৰমাণ কৰে।