AssamSocialঅসমগুৱাহাটী

অৱশেষত উদ্ধাৰ অবিনাশ সৰকাৰৰ মৃতদেহ

ৰাজগড়ত SDRFৰ অভিযানত উদ্ধাৰ মৃতদেহটো

বৃহস্পতিবাৰে মুষলধাৰ বৰষুণৰ মাজতে জ্যোতিনগৰত নলাত উটি গৈছিল এটি ৮ বছৰীয়া শিশু অবিনাশ সৰকাৰ । জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছিল এই ঘটনা । স্কুটীৰ পৰা নলাত পৰি উটি গৈছিল অবিনাশ সৰকাৰ নামৰ শিশুটি । পিতৃৰ সৈতে স্কুটীত আহি থাকোতেই পিছলি পৰিছিল  অবিনাশ । বৃহস্পতিবাৰ নিশাৰে পৰা অবিনাশ সৰকাৰৰ সন্ধানত নামিছিল পিতৃ পৰবৰ্তী সময়ত প্ৰশাসনে চলাছিল ধাৰাবাহিক অভিযান, অভিযানস্থলী উপস্থিত হৈছিল  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

৬০ ঘণ্টাৰ অন্তত অৱশেষত উদ্ধাৰ হ’ল অবিনাশ সৰকাৰৰ মৃতদেহ। ৰাজগড়ৰ ৬ নং উপপথৰ নলাত উদ্ধাৰ হ’ল অবিনাশৰ মৃতদেহ। এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰিছিল SDRF আৰু NDRFৰ অভিযানকাৰীৰ দলে। হাফপেণ্ট আৰু টি-চাৰ্ট পৰিধান কৰা মৃতদেহ এটা উদ্ধাৰ কৰিছিল অভিযানকাৰীৰ দলে।  উদ্ধাৰ হোৱাৰ পিছত মৃতদেহটো গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। প্ৰথম অৱস্থাত উদ্ধাৰ কৰা মৃতদেহটো অবিনাশ সৰকাৰৰ হয় নে নহয় সেয়া নিশ্চিত হোৱা নাছিল। GMCHৰ মৰ্গত অবিনাশ সৰকাৰৰ পিতৃ-মাতৃ-ককাকে চিনাক্ত কৰে মৃতদেহ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × three =

Back to top button