ডকাইতি কাণ্ডৰ পৰা ৰক্ষা পৰিল গুৱাহাটী চহৰ
গোপন সূত্ৰৰ জড়িয়তে আৰক্ষীৰ অভিযান

গুৱাহাটী মহানগৰী এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনাৰ পৰা ৰক্ষা পৰিল কোনোমতে। গুৱাহাটী সোমাইছিল এটা বৃহৎ ডকাইতৰ দল। গুৱাহাটীত এখন বৃহৎ বিপনিত ডকাইতিৰ পৰিকল্পনা Gang of5ৰ। মহানগৰীৰ হাতীগাওঁ সিজুবাৰীৰ N R RESIDENCY ত ডকাইতিৰ বাবে বাহৰ পাতিছিল এটা দুধৰ্ষ ডকাইত দলে। ইতিমধ্য়ে মহানগৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুধর্ষ ডকাইতৰ গেং। বৰপেটাৰ পৰা বিলাসী বাহন লৈ গুৱাহাটী উপস্থিত হৈছিল দলটো । তাৰ পিছত গুৱাহাটীৰ অলিয়ে গলিয়ে ডকাইতিকাণ্ড সংঘটিত কৰাৰ বাবে পৰ্যবেক্ষণ কৰিছিল সকলো দিশ । লক্ষ্য আছিল শনিবাৰে গুৱাহাটীৰ এখন বৃহৎ বিপনিত ডকাইতি কৰি লুটপাত কৰা। তাৰেই পৰিকল্পনা ৰচনা কৰিছিল Gang of 5 য়ে । পিছে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে লাভ কৰিলে এই খবৰ । লগে লগে বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত কাহিলীপুৱাতে অভিযান চলিল হাটীগাঁৱৰ বিশেষ লজটোত । আৰক্ষীৰ অভিযান চলাৰ লগে লগে লজৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই পলায়ন দলটোৰ আন দুজন সদস্য। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আইনুৰ হুছেইন,.ইদুল আলি, মহীবুল আলি, বিপুল আহমেদ নামৰ দুধর্ষ ডকাইতকেইটাক। গ্ৰেপ্তাৰ হোৱা আটাইকেইজন অপৰাধীৰে ঘৰ বৰপেটাত। আৰক্ষীয়ে অভিযানত জব্দ কৰে এখন ৪চকীয়া বাহন। বাহনখনৰ নম্বৰ- AS-01-GG-3734 । আৰক্ষীয়ে জব্দ কৰে দুটা Exide Batteries, এটা C-Clamp, দুটা Pliers, পানীৰ পাম্পকে ধৰি বহু চুৰি সামগ্ৰী। ঘটনাক লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। শীঘ্ৰেই হয়টো আৰক্ষীৰ জালত পৰিব গেংটোৰ আৰু অধিক সদস্য।
