
GMCHত নৱজাতক মৃত্যুৰ ঘটনাৰে জড়িত কেইবাজনোকো আটক কৰি সোধপোচ আৰক্ষীৰ। DCP মৃণাল ডেকাৰ নেতৃত্বত আৰম্ভ হৈছে তদন্ত ।
সোমবাৰে নিশা GMCHৰ কৰ্মচাৰীসকলৰ ভাষ্য আৰু NICU CCTV ফুটেজ সংগ্ৰহ কৰে আৰক্ষীয়ে। তদন্তৰ পিছতেই গ্ৰেপ্তাৰ হ’ব পাৰে NICUৰ কেইবাগৰাকীও চিকিৎসক, নার্চ, আৰু কৰ্মচাৰী ।
আনফালে, GMCHত ঘোচখোৰ কৰ্মচাৰীৰ বিৰুদ্ধেও চলিছে আৰক্ষীৰ অভিযান । ট্রলী পুলাৰৰ নামত ধন সংগ্ৰহ কৰা কৰ্মচাৰীক সোধা-পোচা আৰক্ষীৰ। অভিযানত GMCHৰ ১১জন ট্ৰলী পুলাৰক আটক । ১১ জনৰ ভিতৰত ৮ জন পুৰুষ আৰু ৩ গৰাকী মহিলা । জানিব পৰা মতে, ট্ৰলী পুলাৰকেইজনে ৫০০-১০০০ টকা লৈছিল ৰোগীৰ আত্মীয়ৰ পৰা ।
ভুক্তভোগীয়ে ঘোচখোৰ কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্রীক দিছিল অভিযোগ । আৰু তাৰ পিছতেই ঘোচখোৰ কৰ্মচাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
