ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ শোভা বঢ়াই থকা নীলম, পান্না আৰু হীৰা অন্তৰ্ধান
দিন-দুপৰতে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চোৰে লৈ গ'ল ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ বহু মূল্যৱান সম্পদ

ৰাজমুকুটৰ ৰত্নসমূহ লণ্ডনৰ টাৱাৰৰ পৰা আৰম্ভ কৰি টকিঅ’ৰ ইম্পেৰিয়েল পেলেচলৈকে জাতীয় পৰিচয়ৰ দৃশ্যমান প্ৰতীক হিচাপে সংৰক্ষিত হৈ আছে । লুৱৰ সংগ্ৰহালয়ৰ ক্ষেত্ৰত এই ৰত্নসমূহ পূৰ্বৰ ৰাজপ্ৰসাদৰ এপ’ল’ গেলেৰীৰ পৰা চুৰি কৰা হৈছিল, য’ত সংগ্ৰহালয়টোৰ ৱেবছাইট অনুসৰি “সূৰ্য্য, সোণ আৰু হীৰা”ৰে গঠিত এটা শিল্পকৰ্ম আছে । মন্ত্ৰী লৰেণ্ট নুনেজে কয় যে ডকাইতিৰ ৪ জন সন্দেহযুক্ত লোকৰ সন্ধানত ৬০ জনতকৈ অধিক আৰক্ষী তদন্তকাৰী জড়িত হৈ আছে । নুনেজে কয় যে চোৰকেইটাক দুটা ভাগৰত বিভক্ত আছিল । দুটা ট্ৰাকত উঠি আছিল আৰু দুটা গেলেৰীলৈ উঠিবলৈ ব্যৱহাৰ কৰা চেৰী পিকাৰত আছিল । ফটোত দেখা গৈছে যে জখলা ৰাস্তাৰ পৰা ওপৰৰ মহলালৈকে আছিল ।
কৰ্তৃপক্ষই জনোৱা মতে তদন্তৰ নেতৃত্ব দিয়া পেৰিছৰ অধিবক্তাৰ কাৰ্যালয়ে জনোৱা মতে সংগ্ৰহালয়টোৰ দ্বাৰ মুকলি হোৱাৰ আধা ঘণ্টাৰ পিছতে পুৱা ৯:৩৪ বজাত হালধীয়া জেকেট পিন্ধা দুজন লোকে গেলেৰীত প্ৰৱেশ কৰে । আন দুজনে পুৱা ৯:৩৮ বজাত কোঠাটোৰ পৰা ওলাই আহি দুখন মটৰ চাইকেলেৰে পলায়ন কৰে ।

চুৰি হোৱা সামগ্ৰীৰ ভিতৰত দুটা ৰাজমুকুট বা ডায়েডেম আছিল । ১৮৫৩ চনত সম্ৰাট তৃতীয় নেপোলিয়নে সম্ৰাজ্ঞী ইউজেনীক তেওঁলোকৰ বিয়াত উপহাৰ দিয়া এটা মুকুটত ২০০ ৰো অধিক মুকুতা আৰু প্ৰায় ২০০০ হীৰা আছে । দ্বিতীয়টো হৈছে তৰাযুক্ত নীলম আৰু হীৰাৰ হেডপিছ । লগতে এডাল নেকেলেচ আৰু কাণফুলি – যিবোৰ ৰাণী মেৰী-এমেলিয়ে পিন্ধিছিল । ইয়াৰ উপৰিও চুৰি হৈছে : বহু পান্না আৰু ১০০০ ৰো অধিক হীৰা থকা হাৰ যিটো ১৮১০ চনত নেপোলিয়ন বোনাপাৰ্টই তেওঁৰ দ্বিতীয়া পত্নী অষ্ট্ৰিয়াৰ মেৰী-লুইজক বিয়াৰ উপহাৰ দিছিল ।
ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ শোভা বঢ়াই থকা নীলম, পান্না আৰু হীৰা অন্তৰ্ধান ! দিন-দুপৰতে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চোৰে লৈ গ’ল ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ বহু মূল্যৱান সম্পদ । বিশেষজ্ঞসকলৰ মতে এই বহু মূল্যৱান ৰত্ন তথা সম্পদ চিৰদিনৰ বাবে নাইকীয় হ’ব পাৰে ! এই ঘটনাই সমগ্ৰ দেশখনকে স্তম্ভিত কৰি তুলিছে ।
চুৰি হোৱা বহু মূল্যৱান সম্পদবোৰৰ ভিতৰত আছে- এডাল পান্নাৰ হাৰ আৰু কাণফুলি, দুটা মুকুট, দুটা ব্ৰচ, এডাল নীলমৰ হাৰ আৰু কাণফুলি । যিবোৰে ১৯ শতিকাৰ ‘হ’ট জ’লেৰী’ বা শীৰ্ষ গহনাবোৰৰ শিখৰত থকা বুলি দাবী কৰা হয় । কিন্তু ৰজাঘৰৰ বাবে সেইবোৰ আছিল অলংকাৰতকৈও অধিক মূল্যৱান । এইবোৰ আছিল ফ্ৰান্সৰ সম্পদ, ক্ষমতা আৰু সাংস্কৃতিক ঐতিহ্যৰ বাহক । এই সম্পদবোৰ ইমানেই গুৰুত্বপূৰ্ণ যে ১৮৮৭ চনত চৰকাৰে প্ৰায়বোৰ ৰাজকীয় গহনা নিলাম নকৰা সম্পত্তিৰ ভিতৰত এইবোৰো আছিল ।
চুৰিকাণ্ড তদন্তৰ নেতৃত্ব দিয়া পেৰিছৰ অধিবক্তা ল’ৰে বেকুৱে মঙলবাৰে কয় যে চুৰি হোৱা গহনাবোৰৰ আনুমানিক মূল্য ১০২ মিলিয়ন ডলাৰ (৮৮ মিলিয়ন ইউৰো বা ৮৯৫ কোটি টকা)। তেওঁ লগতে কয় যে এইবোৰৰ ঐতিহাসিক মূল্য অধিক । সন্দেহযুক্ত লোক আৰু ৰত্নসমূহৰ সন্ধানত আৰক্ষীৰ অভিযানত এতিয়া প্ৰায় ১০০ তদন্তকাৰী জড়িত হৈ আছে বুলিও তেওঁ উল্লেখ কৰে ।

ৰাজমুকুট আৰু গহনা চুৰি হোৱাৰ লগে লগে ফ্রান্স চৰকাৰত হাহাকাৰ লাগিছে । লুৱৰ সংগ্ৰহালয়ৰ নিৰাপত্তাক লৈও বিভিন্ন মহলত প্ৰশ্নৰ উদ্বেগ হৈছে । অতি পুৰণি আৰু অনবৰতে ভিৰ থকা লুৱৰ সংগ্ৰহালয়ৰ সুৰক্ষা ব্যৱস্থাক লৈ চৰকাৰক সমালোচনা কৰিছে বিভিন্নজনে । উল্লেখ্য যে ২০২৪ চনত বিখ্যাত মনালিছাৰ ফটোত চূপৰ কেন এটা দলিয়াই দিছিল । জুন মাহত সংগ্ৰহালয়টোৰ প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে বন্ধ কৰি দিছিল ।
ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কয় যে ১৯১১ চনত সংগ্ৰহালয়ৰ এজন প্ৰাক্তন কৰ্মচাৰীয়ে মনালিছাৰ ফটোখন চুৰি কৰি লৈ গৈছিল আৰু দুবছৰৰ পিছত উদ্ধাৰ কৰা হৈছিল ।
এতিয়া বিশেষজ্ঞসকলে সন্দেহ কৰিছে যে প্ৰাচীন ফৰাচী সংস্কৃতিৰ শিল্পকৰ্ম আৰু এই উজ্জ্বল ৰত্নসমূহ সম্ভৱতঃ গোপনে ধ্বংস কৰি খৰখেদাকৈ ব্যক্তিগত অলংকাৰ হিচাপে বিক্ৰী কৰা হৈছে যিবোৰ ফৰাচী মুকুটৰ মণি হিচাপে চিনাক্ত কৰিব পৰা যাব পাৰে বা নাযাবও পাৰে ।
ইউৰোপৰ আগশাৰীৰ হীৰা জুৱেলাৰী ৭৭ ডাইমণ্ডছৰ পৰিচালন সঞ্চালক টবিয়াছ কৰ্মিণ্ডে এক বিবৃতিত কয়, “এই ৰত্নবোৰ উদ্ধাৰ কৰি পুনৰ মানুহে দেখাৰ সম্ভাৱনা অতি কম । যদি এই ৰত্নবোৰ ভাঙি বিক্ৰী কৰা হয় তেন্তে ইতিহাসৰ পৰা হেৰাই যাব আৰু চিৰদিনৰ বাবে পৃথিৱীৰ পৰা এই সম্পদ হেৰাই যাব ।”
চুৰি হোৱা সামগ্ৰীবোৰৰ আৰ্থিক মূল্যৰ বাহিৰেও আৱেগিক ক্ষতি হিচাপে পৰিগণিত হৈছে । ফ্ৰান্সে নিজৰ আটাইতকৈ মূল্যৱান সামগ্ৰীসমূহ সুৰক্ষিত কৰাত ব্যৰ্থ হোৱাটোক জাতীয় গৌৰৱৰ ওপৰত আঘাত বুলি বহুতে অভিহিত কৰিছে ।
