
প্ৰকৃতিৰ প্ৰেমিকসকলৰ বাবে হয়টো চেৰাপুঞ্জী কোনো নতুন ঠাই নহয়। যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা হয়টো সকলোৱেই বিচাৰে কিছু শান্ত নিৰিবিলি পৰিৱেশৰ মাজলৈ যাবলৈ ,নিজক সময় দিবলৈ ,পৰিয়ালৰ মাজত কিছু সময় জিৰাবলৈ ।কিন্তু আপুনি জানেনে চেৰাপুঞ্জীত অত্যধিক বৰষুণ কিয় হয়?চেৰাপুঞ্জীত সৰ্বাধিক বৃষ্টিপাতৰ অভিলেখ কিমান?আহক জানো এই সকলো সমূহৰ বিষয়ে
আজিৰ পৰা ১৬৪ বছৰ পূৰ্বে, ১৮৬১ চনৰ ৩১ জুলাইত চেৰাপুঞ্জীয়ে বিশ্বৰ সিক্ততম স্থানৰ স্বীকৃতি লাভ কৰিছিল।
এমাহত ৯৩০০ মিলিমিটাৰ আৰু বছৰটোত ২৬,৪৬১ মিলিমিটাৰ বৰষুণ ৰেকৰ্ড কৰি মেঘালয়ৰ পাহাৰীয়া অঞ্চলটো পৃথিৱীৰ ভিতৰতে সৰ্বাধিক বৰষুণ পৰা ঠাই হিচাপে পৰিগণিত হয়।
সৰ্বাধিক বৃষ্টিপাতৰ অভিলেখ :
১৮৬১ জুলাই মাহটোত চেৰাপুঞ্জীত হোৱা বৰষুণৰ পৰিমাণ আছিল সৰ্বমুঠ ৯,৩০০ মিলিমিটাৰ। এয়া এটা কেলেণ্ডাৰ মাহত হোৱা সৰ্বাধিক বৰষুণৰ বিশ্ব অভিলেখ। তদুপৰি ১৮৬০ চনৰ আগষ্টৰ পৰা ১৮৬১ চনৰ জুলাইলৈকে সেই বছৰটোত চেৰাপুঞ্জীত ৰেকৰ্ড কৰা হয় ২৬,৪৬১ মিলিমিটাৰ বৃষ্টিপাত। এয়া এবছৰত বিশ্বৰ সৰ্বাধিক বৰষুণৰ পৰিসংখ্যা।
এটা বছৰ আৰু এটা মাহত হোৱা সৰ্বাধিক বৰষুণৰ এই অভিলেখ এতিয়াও অক্ষুন্ন আছে।
চেৰাপুঞ্জীত অত্যধিক বৰষুণৰ কাৰণ:
সাগৰপৃষ্ঠৰ পৰা ৪,৮৬৯ ফুট উচ্চতাত অৱস্থিত মেঘালয়ৰ দক্ষিণ প্ৰান্তৰ পাৰ্বত্য চহৰ চেৰাপুঞ্জী ঐতিহাসিকভাৱে পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ দিয়া স্থান হিচাপে পৰিচিত হৈ আহিছে।
অঞ্চলটোৰ বিশেষ ভৌগোলিক অৱস্থান, পাহাৰৰ অৰ’গ্ৰাফিক প্ৰভাৱ, বাৰিষাৰ সাগৰীয় প্ৰভাৱ আৰু চাৰিওফালৰ পাহাৰৰ ফানেলৰ দৰে আকৃতি আদি কেইবাটাও কাৰকৰ সংমিশ্ৰণত চেৰাপুঞ্জীত অত্যধিক বৰষুণ হয়।
অৰ’গ্ৰাফিক বৰষুণ:
খাচী পাহাৰৰ উচ্চতাৰ বাবে বাৰিষাৰ ডাৱৰ আৰু জলীয় বাষ্প পাহাৰৰ বাধাৰ সন্মুখীন হৈ ওপৰলৈ গতি কৰে আৰু ওপৰলৈ উঠি যোৱাৰ লগে লগে ই ঠাণ্ডা হৈ ঘনীভূত হৈ বতাহৰ দিশত অৱস্থিত চেৰাপুঞ্জীত প্ৰচণ্ড বৰষুণৰ ৰূপ লয়।
সাগৰীয় প্ৰভাৱ:
বাৰিষাৰ বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপ, প্ৰচুৰ জলীয়বাষ্পৰ সোঁত আৰু আনুসংগিক সাগৰীয় প্ৰাকৃতিক পৰিঘটনা সমীপৰ এই পাহাৰীয়া অঞ্চলটোত প্ৰচুৰ বৃষ্টিপাতৰ অন্যতম হৈ উঠিছে।
ফানেল প্ৰভাৱ:
চেৰাপুঞ্জীক আগুৰি পাহাৰবোৰৰ ফানেলৰ দৰে বিশেষ অৱস্থানে বাৰিষাৰ জলীয় বাষ্প ঘনীভূত কৰি প্ৰচুৰ বৰষুণৰ ৰূপ দিয়ে।
দক্ষিণৰ অৱস্থিতি:
মেঘালয়ৰ মালভূমিৰ দক্ষিণ প্ৰান্তত অৱস্থিত চেৰাপুঞ্জীৰ ঠেক ঢালৰ ওপৰেৰে সংপৃক্ত বাৰিষাৰ বায়ু দ্ৰুতগতিত ওপৰলৈ উঠিবলৈ বাধ্য হয়। এয়াও অঞ্চলটোত প্ৰচুৰ বৃষ্টিপাতৰ কাৰণ হিচাপে চিহ্নিত হয়।
পৰ্যটকৰ আকৰ্ষণ:
স্থানীয়ভাৱে সোহৰা বুলিও জনাজাত চেৰাপুঞ্জীৰ বিভিন্ন আকাৰ আৰু প্ৰকৃতিৰ জলপ্ৰপাত, ডাবল ডেকাৰ লিভিং ৰুট ব্ৰীজ, মাউছমাই গুহা আদি অনন্য প্ৰাকৃতিক সম্পদে পৰ্যটকক আকৰ্ষণ কৰে।
শীৰ্ষত মৌচিনৰাম:
এসময়ত আটাইতকৈ আৰ্দ্ৰ স্থান হিচাপে পৰিচিত চেৰাপুঞ্জীতকৈ বাৰ্ষিক গড় বৰষুণৰ পৰিমাণেৰে ওচৰতে অৱস্থিত মৌচিনৰামে শেহতীয়াকৈ বিশ্বৰ সৰ্বাধিক বৃষ্টিপাত হোৱা স্থানৰ কৃতিত্ব অৰ্জন কৰিছে।
মৌচিনৰাম এতিয়া পৃথিৱীৰ সৰ্বোচ্চ বৃষ্টিপাত হোৱা ঠাই হিচাপে স্বীকৃত হৈছে যদিও চেৰাপুঞ্জীয়েই এতিয়াও সৰ্বাধিক বৃষ্টিপাতৰ বিশ্ব অভিলেখৰ গৰাকী। প্ৰাকৃতিক সৌন্দৰ্য্য, অতুলনীয় বৃষ্টিপাত আৰু অনন্য জীৱনশৈলীৰ বাবে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ আছে মেঘালয়ৰ এই পাহাৰীয়া ঠাইখন।
