
বি টি চিৰ নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতা লাভেৰে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিলে হাগ্ৰামা নেতৃত্বাধীন বি পি এফে। সৰ্বমুঠ ৪০খন আসনৰ ভিতৰত ২৮খন আসন লাভ কৰি একপ্ৰকাৰৰ অভিলেখ সৃষ্টি কৰিলে বি পি এফে।
এই নিৰ্বাচনত বাৰুকৈয়ে মুখ থেকেচা খালে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলে। পূৰ্বে বিটিচিত চৰকাৰ গঠন কৰা দলটোৱে এইবাৰৰ নিৰ্বাচনত মাত্ৰ ৭খন আসনতে সীমাৱদ্ধ হৈ থাকিব লগীয়া হয়।
এইবাৰৰ নিৰ্বাচনত খাটাই খুলিব নোৱাৰিলে কংগ্ৰেছে। ৪০টা সমষ্টিত নিজৰ প্ৰাৰ্থী থকাৰ পিছতো কোনো এটা সমষ্টিতেই জয় লাভ কৰিব নোৱাৰিলে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে। লগতে বিজেপিৰো আসন কমিল পূৰ্বৰ নিৰ্বাচনতকৈ। বিজেপিয়ে এইবাৰ লাভ কৰিলে মাত্ৰ ৫খন আসন।
এতিয়া বড়োভূমিত সকলো ধুলিস্যাত কৰি বি টি চি দখল কৰিলে হাগ্ৰামা মহিলাৰীয়ে। অৱশ্যে মহিলাৰীয়ে দুটা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছি যদিও এটা সমষ্টিতহে বিজয় সাব্যস্ত কৰে। হাগ্ৰামাই দেৱাৰগাওঁ সমষ্টিত খাম্ফা বসুমতাৰীক পৰাস্ত কৰে যদিও আনটো সমষ্টি চিৰাং দুৱাৰত খাম্ফাৰ হাতত পৰাজয় বৰণ কৰে। বি টি চি ৰ এতিয়া হাগ্ৰামাৰ ৰাজত্ব।

