
২০২৬ লৈ সাজু বিজেপি। RSS ৰ সৰসংঘচালক মোহন ভাগৱতৰ পিছতেই বৃহস্পতিবাৰে অসমলৈ আহিল বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ। প্ৰচণ্ড বিজয়ৰ বাবে বিজেপিয়ে বুথে বুথে আশীৰ্বাদ বিচাৰিব ভোটাৰৰ। প্ৰতিটো বুথ বিজয়ৰ লক্ষ্য বিজেপিৰ। ২৬ ত বিজেপিৰ ‘বিৰাট বিজয়’ৰ লক্ষ্য। প্ৰচণ্ড বিজয়ৰ লক্ষ্যৰে অসম বিজেপিৰ বৈঠক বি এল সন্তোষৰ সৈতে। অসমত উপস্থিত হৈয়েই কেইবাখনো বৈঠকত অংশ লয় বি এল সন্তোষে। বৃহস্পতিবাৰৰ প্ৰথম বৈঠকৰ পৰাই আৰম্ভ হয় বিজেপিৰ বুথ বিজয় অভিযান। ২৬ ত প্ৰতিটো বুথ বিজয়ৰ বাবে বিস্তৃতভাৱে আলোচনা কৰে বিজেপিয়ে। বুথ বিজয়ৰ ৰণকৌশল প্ৰস্তুত কৰে বি এল সন্তোষৰ উপস্থিতিত। সমান্তৰালভাৱে ২৬ ৰ বাবে আশীৰ্বাদ যাত্ৰা অভিযানো আৰম্ভ কৰে বিজেপিয়ে। কি এই আশীৰ্বাদ যাত্ৰা ?
বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ সামাজিক মাধ্যম, সংবাদ বিভাগ, IT, সংবাদ সম্পৰ্ক বিভাগৰে বৈঠকত অংশগ্ৰহণ কৰে বি এল সন্তোষে। আনহাতে, শুকুৰবাৰে অসমৰ বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশ সন্দৰ্ভত বি এল সন্তোষৰ উপস্থিতিত হয় বৈঠক। বিজেপিয়ে নিযুক্তি দিয়া বিধানসভাৰ সংযোজক, তত্বাৱধায়ক, জিলা প্ৰভাৰীৰে সৈতে হয় বৈঠক। বৈঠকত সভাপতি, মুখ্যমন্ত্ৰী, সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে। শুকুৰবাৰে অনুষ্ঠিত হ’য় বিজেপিৰ ক’ৰ কমিটিৰ বৈঠক। ইয়াৰ মাজতে, বিৰোধীক কটাক্ষ দিলীপ শইকীয়াৰ – “বিৰোধীয়ে বিজেপিক বিৰোধ কৰিবলৈ মিঞা হায়াৰ কৰিছে, বিহাৰ নিৰ্বাচনৰ পিছত মিঞা হতাশ হৈছে, মিঞা প্ৰেমত মত্ত বিৰোধী চুম্বনত ব্যস্ত, আকোৱালী লোৱাত ব্যস্ত, অসমৰ জনতাই এওঁলোকক ঘিণ কৰা আৰম্ভ কৰিছে।”
বি এল সন্তোষৰ বৈঠকৰ পূৰ্বে BTC ৰ ১৫ সমষ্টি সন্দৰ্ভত বৈঠক হয় বিজেপিৰ। BTC ৰ ১৫ সমষ্টিত প্ৰবাস কৰিব বিজেপিয়ে। হাগ্ৰামাক সমৰ্থন দি ‘২৬ ত BTC ৰ ১৫ সমষ্টি দখলত ৰখাৰ পণ বিজেপিৰ। এনেদৰেই ‘২৬ লৈ সাজু হৈছে বিজেপি। এইবাৰ বিজেপিৰ লক্ষ্য সংখ্যা নহয়, ১২৬ টা সমষ্টিত বিৰাট বিজয়ৰ লক্ষ্য বিজেপিৰ।



