
বীৰ লাচিত সেনাৰ কামৰূপ মহানগৰ জিলাৰ মুখ্য সচিব পদৰ বহিষ্কৃত নেতা বিকাশ অসমে অৱশেষত আত্মসমৰ্পণ কৰিলে। শনিবাৰে দিছপুৰ থানত আত্মসমৰ্পণ কৰে নেতাজনে । আত্মসমৰ্পণৰ পিছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ অসমক । উল্লেখ্য যে বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতাগৰাকী বিগত কিছুদিন ধৰি পলাতক হৈ আছিল । মুখ্যমন্ত্ৰীৰ আহ্বানত আৰক্ষীয়ে বিচাৰি আছিল যদিও কোনো শুংসূত্ৰ লাভ কৰা নাছিল নেতাজনৰ । অৱশেষত সুস্থ শৰীৰে দিছপুৰ থানত হাজিৰ হয় নেতাজন । আত্মসমৰ্পণৰ পূৰ্বে শনিবাৰে পুৱা মহানগৰীৰ ‘iNOX’ ছবিগৃহত জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ উপভোগ কৰে বিকাশ অসমে । ছবিখন উপভোগ কৰি বিকাশে অসমে ফেচবুকত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰে । পোষ্টটোত বিকাশ অসমে লিখিছে, “জুবিন দা পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ বুকুত আজিৰ দৰেই মৰমৰ আৰু প্ৰাণৰ হৈ থাকক । বৰ সুন্দৰ এখন চিনেমা । ‘ৰৈ ৰৈ বিনালে’ সকলোৱে চাব । মানুহে ভুলৰ পৰাই শিক্ষণৰ নতুন দস্তাবেজ মেলে । আইমাতৃসকলে মোক ভুল বুজি নাথাকিব, কাৰণ কোনো কালে মোৰ জীৱনত অসমীয়াক অপমান কৰাৰ আজিলৈ উদাহৰণ নাই । এটা কথা সত্য যে কোনো ব্যক্তিক মই জ্ঞাতে বা অজ্ঞাতে মনোকষ্ট দি কোনো দিনে সুখী হ’ব নোৱাৰিম । বিগত দিনত অসমীয়া জাতিটোৰ বাবেই বহুবাৰ গ্ৰেপ্তাৰ বা কাৰাবাসত গৈছোঁ । গতিকে মই সৰু হিচাপে ক্ষমা বিচাৰিম জ্ঞাতে বা অজ্ঞাতে মনোকষ্ট দিয়া প্ৰতিজন ব্যক্তিৰ ওচৰত । ধৰি নাথাকিব । জাতিটোৰ বাবে আমি সকলোৱে যিকোনো দৃষ্টিকোণৰ পৰা কৰিবলগীয়া বহু কাম আছে । জুবিন দাৰ চিনেমাখন চোৱাৰ বৰ হেঁপাহ আছিল । জেলৰ ভাত খামেই যেতিয়া চিনেমাখন চাই এতিয়া সুস্থ শৰীৰে উপস্থিত হ’মগৈ আৰক্ষীৰ সহযোগিতাৰ বাবে । মহামান্য আদালতে দিয়া ৰায়দান বা শাস্তিক সন্মানেৰে আদৰি ল’ম । এই জাতীয়তাবোধ মোৰ সংগ্ৰামী জীৱনত সদায়েই থাকিব তেজত যিকোনো অসমীয়া ব্যক্তিৰ বাবে । জয় জুবিন দা । জয় আই অসম। #JusticeForZubeenGarg”

কিছুদিন পূৰ্বে ধনদাবীৰ এক গোচৰত বীৰ লাচিত সেনাৰ কিছু সদস্যক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । আৰক্ষীয়ে জব্দ কৰিছিল বিকাশ অসমৰ স্বাক্ষৰ থকা পত্ৰ । তাৰ পিছতে ৰাজ্যৰ বিভিন্ন স্থানত বিকাশ অসমৰ সন্ধানত নামি পাৰিছিল আৰক্ষী । ইয়াৰ মাজতে বীৰ লাচিত সেনা অসমে বিকাশ অসমক সংগঠনৰ পৰা বহিষ্কাৰো কৰিছিল ।
আত্মসমৰ্পণৰ পূৰ্বে বিকাশ অসমে সংবাদ মাধ্যমত ধনদাবী পত্ৰ সন্দৰ্ভত কয়, “সেয়া ধনদাবী পত্ৰ নহয় । আমি এম্বুলেন্স এখন দিয়াৰ কথা ভাবিছিলো । তাৰ সহযোগিতাৰ বাবে সহায় পত্ৰহে আছিল…। আইনে মোক যি শাস্তি দিয়ে মূৰ পাতি লম ।”

