AssamElectionঅসমনিৰ্বাচনবিধানসভা

কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, ভোট দিবলৈ যাওঁতে কি কি নথি লগত নিব লাগিব?

আপুনি জানেনে ভোট দিবলৈ যাওঁতে কি কি নথিৰ প্ৰয়োজন হ'ব? ভোটকেন্দ্ৰলৈ যাওঁতে ভোটাৰে লগত নিব লাগিব তলৰ যিকোনো এপদ নথি।

৯ এপ্ৰিল অৰ্থাৎ কাইলৈ ৰাজ্যত বিধানসভা নিৰ্বাচন। বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হ’ব লগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে সাজু ৰাজ্যৰ নিৰ্বাচন আয়োগ। নিৰ্বাচনৰ প্ৰস্তুতিৰ অন্তিম পৰ্যায়ত প’লিং আৰু প্ৰিজাইডিং বিষয়াসকলে বিতৰণ কেন্দ্ৰৰ পৰা ইভিএম, ভিভিপেট আৰু অন্যান্য নিৰ্বাচনী সামগ্ৰীসমূহ সংগ্ৰহ কৰি নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে।

১২৬ সমষ্টিত মুঠ ২ কোটি ৫০ লাখ ৫৪ হাজাৰ ৪৬৩ ভোটাৰে নিৰ্ণয় কৰিব ৭২২ প্ৰাৰ্থীৰ ভাগ্য। ইয়াৰে ১ কোটি ২৫ লাখ ৩১ হাজাৰ ৫৫২ পুৰুষ ভোটাৰ, ১ কোটি ২৫ লাখ ২২ হাজাৰ ৫৯৩ গৰাকী মহিলা ভোটাৰ আৰু ৩১৮ গৰাকী অন্যান্য ভোটাৰ। ৰাজ্যত ৬৩,৪২৩ গৰাকী ছাৰ্ভিচ ভোটাৰ আছে। এই নিৰ্বাচনত ১৮-১৯ বছৰৰ ৬ লাখ ৪২ হাজাৰ ৩১৪ ভোটাৰ, ২ লাখ ৫০ হাজাৰ ০০৬ গৰাকী ৮০ বছৰৰ উৰ্ধৰ ভোটাৰ আৰু ২ লাখ ০৫ হাজাৰ ০৮৫ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ আছে।

সকলো দিশতে নিৰীক্ষণৰ বাবে নিয়োগ কৰা হৈছে কেন্দ্ৰীয় পৰ্যবেক্ষক। SVEEPৰ দ্বাৰা ভোটদানৰ বাবে চলোৱা হৈছে সজাগতামূলক প্ৰচাৰ। ৰাজ্যৰ ১২৬ সমষ্টিত মুঠ ৩১,৪৯০টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা। ইয়াৰে ৩১,৪৮৬টা মূল, ৪টা সহায়ক ভোটকেন্দ্ৰ। ৱেবকাষ্টিং ব্যৱস্থাৰ জৰিয়তে নিৰীক্ষণ হ’ব ভোটগ্ৰহণ। নিৰ্বাচনত মুঠ ১ লাখ ৫১ হাজাৰ ১৩২ জন ভোটগ্ৰহণ বিষয়া নিয়োগ কৰা হৈছে। ভোটগ্ৰহণৰ বাবে ৪১,৩২০টা বেলট ইউনিট, ৪৩,৯৭৫টা কণ্ট্ৰোল ইউনিট,
৪৩,৯৯৭ টা ভিভিপিএটি মেচিন সাজু কৰি তোলা হৈছে।

কিন্তু আপুনি জানেনে ভোট দিবলৈ যাওঁতে কি কি নথিৰ প্ৰয়োজন হ’ব? ভোটকেন্দ্ৰলৈ যাওঁতে ভোটাৰে লগত নিব লাগিব তলৰ যিকোনো এপদ নথি।

১) পাছপ’র্ট

২) আধাৰ কাৰ্ড

৩) পান কাৰ্ড

৪) ড্রাইভিং লাইচেন্স

৫) ফটো সম্বলিত বেংক অথবা ডাকঘৰৰ পাছবুক

৬) MGNREGA জ’ব কার্ড

৭) আয়ুষ্মান ভাৰত/স্বাস্থ্য বীমা স্মার্ট কার্ড

৮) NPR স্মার্ট কার্ড

৯) ফটো সম্বলিত পেঞ্চনৰ নথি

১০) চৰকাৰ/PSU/পাব্লিক লিমিটেড কোম্পানীৰ দ্বাৰা প্রদত্ত সেৱা পৰিচয় পত্ৰ

১১) সংসদ/বিধানসভা/বিধান পৰিষদৰ সদস্যসকলৰ বাবে প্রদত্ত চৰকাৰী পৰিচয় পত্ৰ

১২) UDID কার্ড

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − 5 =

Back to top button