AssamElectionঅসমনিৰ্বাচন

গণতন্ত্ৰৰ মহোৎসৱ নিৰ্বাচন, আপোনাৰ বহুমূলীয়া ভোটেই ল’ব নিৰ্ণায়ক সিদ্ধান্ত

ভোটদানৰ জৰিয়তে জনসাধাৰণে নিজৰ পছন্দৰ প্ৰতিনিধি নিৰ্বাচন কৰে। ইয়াৰ দ্বাৰাই আব্ৰাহাম লিংকনৰ সেই বিখ্যাত উক্তি— "জনসাধাৰণৰ দ্বাৰা জনসাধাৰণৰ চৰকাৰ" বাস্তৱায়িত হয় আৰু গণতান্ত্ৰিক ভেটি সবল হয়। ইয়াৰ জৰিয়তে এজন নাগৰিকে দেশৰ শাসন ব্যৱস্থা আৰু নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰিব পাৰে।

গণতন্ত্ৰৰ উৎসৱ নিৰ্বাচন
তৰ্জনীৰ গৰ্জনত জগতৰ শকতি
আপোনাৰ বহুমূলীয়া ভোটেই ল’ব নিৰ্ণায়ক সিদ্ধান্ত
ভোট দিবলৈ আহিব…

গণতন্ত্ৰ মানে, “জনসাধাৰণৰ দ্বাৰা জনসাধাৰণৰ চৰকাৰ।” আব্ৰাহাম লিংকনৰ সেই বিখ্যাত উক্তি দৰ্শাই যে এখন গণতান্ত্ৰিক দেশত জনসাধাৰণৰ গুৰুত্ব কিমান? লগতে এখন গণতান্ত্ৰিক দেশত ভোটদানৰ গুৰুত্ব অপৰিসীম। ভাৰতীয় সংবিধানৰ ৩২৬ নং অনুচ্ছেদ অনুসৰি ভোটদানৰ অধিকাৰ হৈছে এজন নাগৰিকৰ এক গুৰুত্বপূৰ্ণ সাংবিধানিক অধিকাৰ। এই অধিকাৰক “প্ৰাপ্তবয়স্ক ভোটাধিকাৰ” (Adult Suffrage) বুলি কোৱা হয়, যি আমাৰ দেশৰ গণতন্ত্ৰৰ মূল ভেটি। সংবিধান অনুসৰি ১৮ বছৰ বা ততোধিক বয়সৰ যিকোনো ব্যক্তিয়েই ভোটদানৰ বাবে যোগ্য।

ভোটাধিকাৰ হ’ল জনসাধাৰণৰ হাতত থকা আটাইতকৈ শক্তিশালী অস্ত্ৰ যাৰ জৰিয়তে তেওঁলোকে চৰকাৰ গঠন আৰু পৰিচালনাত অংশ ল’ব পাৰে। ভাৰতীয় গণতন্ত্ৰত এজন সচেতন নাগৰিক হিচাপে ভোটদান কৰাটো কেৱল এটা অধিকাৰেই নহয়, ই এক নৈতিক দায়িত্বও। এগৰাকী ভোটাৰে ভোটদানৰ পিছত তৰ্জনী আঙুলিত লাভ কৰা নীলা চিনটো কেৱল এটা দাগ নহয়। এয়া এখন গণতান্ত্ৰিক দেশৰ জনসাধাৰণৰ মৌলিক অধিকাৰৰ প্ৰতীক চিহ্ন।

ভোটদানৰ জৰিয়তে জনসাধাৰণে নিজৰ পছন্দৰ প্ৰতিনিধি নিৰ্বাচন কৰে। ইয়াৰ দ্বাৰাই আব্ৰাহাম লিংকনৰ সেই বিখ্যাত উক্তি— “জনসাধাৰণৰ দ্বাৰা জনসাধাৰণৰ চৰকাৰ” বাস্তৱায়িত হয় আৰু গণতান্ত্ৰিক ভেটি সবল হয়। ইয়াৰ জৰিয়তে এজন নাগৰিকে দেশৰ শাসন ব্যৱস্থা আৰু নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰিব পাৰে। ভোটদান কেৱল এক অধিকাৰেই নহয়, এখন দেশসূচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত এজন সচেতন নাগৰিকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্যও।

ভোটদানৰ জৰিয়তে আমি আমাৰ আশা-আকাংক্ষা আৰু মূল্যবোধৰ সৈতে মিল থকা প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰোঁ। নিৰ্বাচিত প্ৰতিনিধিসকলে যদি সঠিকভাৱে কাম নকৰে, তেন্তে পৰৱৰ্তী নিৰ্বাচনত ভোটদানৰ জৰিয়তে তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰাই চৰকাৰক জবাবদিহি কৰাৰ সুযোগ পোৱা যায়। চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি (যেনে- শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি আদি) আমাৰ জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। ভোটদান কৰি আমি পৰোক্ষভাৱে এই নীতিসমূহৰ ওপৰত আমাৰ মতামত প্ৰকাশ কৰিব পাৰোঁ। শিক্ষা, স্বাস্থ্য, ৰাস্তা-ঘাট আৰু নিয়োগৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত কোনে কাম কৰিব, কেনেকৈ কাম কৰিব সেইটো আপোনাৰ ভোটটোৱেই নিৰ্ণয় কৰে। অৰ্থাৎ, আপোনাৰ এটা ভোটে আপোনাৰ আৰু আপোনাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে।

একোটা ভোটৰ ব্যৱধানেও নিৰ্বাচনৰ ফলাফল সলনি কৰি দিব পাৰে। সেয়েহে, “মোৰ এটা ভোটে একো নকৰে” বুলি ভবা ধাৰণাটো সম্পূৰ্ণ ভুল। অৰ্থাৎ এখন গণতান্ত্ৰিক দেশত জনসাধাৰণৰ প্ৰতিটো ভোটেই গুৰুত্বপূৰ্ণ। এটা ভোটেই সলনি কৰিব পাৰে এখন চৰকাৰ। আপোনাৰ এটা ভোটেই এজন যোগ্য প্ৰাৰ্থীক জয়ী কৰাব পাৰে। ভোটদানৰ অধিকাৰ লাভ কৰিবলৈ মানুহে এছোৱা দিঘলীয়া সংগ্ৰাম কৰিছে। বহুতে ভাৰতক এখন গণতান্ত্ৰিক দেশৰ মৰ্যাদা দিবলৈ বহু ত্যাগ কৰিছে। সেয়ে ভোট দি আমি সেই মহান ব্যক্তিসকলৰ ত্যাগক সন্মান জনোৱা উচিত। চমু কথাত ক’বলৈ গ’লে, দেশৰ উন্নয়নত অংশীদাৰ হ’বলৈ আৰু এজন যোগ্য প্ৰতিনিধি বাছি ল’বলৈ আমি সকলোৱে ভোট দিয়া উচিত।

কাইলৈ অসমৰ ১২৬ টা সমষ্টিত বিধানসভা নিৰ্বাচন। বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হ’ব ভোটগ্ৰহণ। ২৬ সমষ্টিত মুঠ ২ কোটি ৫০ লাখ ৫৪ হাজাৰ ৪৬৩ ভোটাৰে নিৰ্ণয় কৰিব ৭২২ প্ৰাৰ্থীৰ ভাগ্য। আপুনিও যদি ইয়াৰ মাজৰে এগৰাকী ভোটাৰ তেন্তে গণতন্ত্ৰৰ এই মহোৎসৱৰ অংশীদাৰ হওক। নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + fifteen =

Back to top button