AssamEntertainment

সাগৰেই ল’লে গায়ক আৰু নায়কৰ প্ৰাণ! জুবিনৰ বাটেৰে গুচি গ’লগৈ ৰাহুল..

নিষ্ঠুৰ নিয়তি! জুবিনৰ গীতত অভিনয় কৰা ৰাহুলৰ মৃত্যুক লৈ চৰ্চা

কোনেনো পাহৰিব পাৰিছে সেই বেদনা। এতিয়াও সেই বিশেষ নামটো শুনিলে কঁপি উঠে প্ৰতিগৰাকী অসমীয়াৰ অন্তৰ। ছিংগাপুৰৰ অভিশপ্ত সাগৰে প্ৰাণ কাঢ়ি নিছিল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ। ইয়াৰ মাজতে আহিছে আন এক দু:খবৰ। সেই একেই ঘটনাৰ পুনৰাবৃত্তি। আকৌ সাগৰৰত ডুবি মৃত্যু আন এগৰাকী জনপ্ৰিয় অভিনেতাৰ।

পিছে এই দুই জনপ্ৰিয় শিল্পীৰ মৃত্যুৰ সন্দৰ্ভত সংঘটিত হৈছে এক কাকতালীয় সংযোগ। জুবিন গাৰ্গে কণ্ঠদান কৰা এখন ছবিত অভিনয় কৰিছিল তেওঁ। প্ৰয়াত অভিনেতাগৰাকী পশ্চিমবংগৰ ৰাহুল অৰুণোদয় বেনাৰ্জী। সূত্ৰ অনুসৰি শ্বুটিং কৰি থকা সময়তে নাওৰ পৰা সাগৰত পৰি প্ৰাণ হেৰুৱাই ৰাহুলে। জুবিন গাৰ্গে গোৱা জনপ্রিয় বাংলা গীত “ভালোবাসা কেন’ এতো অসহায়”ত অভিনয় কৰিছিল ৰাহুলে। তাৰ পিছে পশ্চিমবংগত এতিয়া সর্বত্রে চর্চাত- “গায়ক আৰু নায়ক দুয়োজনে একেদৰেই এই পৃথিৱী এৰি গুচি গ’ল…”।

ৰাহুল বেনাৰ্জী আছিল বাংলা মনোৰঞ্জন জগতৰ এক সুপৰিচিত নাম। শেহতীয়াকৈ তেওঁৰ ধাৰাবাহিক ‘ভোলে বাবা পাৰ কৰেগা’ৰ বাবে চৰ্চা লাভ কৰিছিল। এই ধাৰাবাহিকখনৰ বাবেই এপিচ’ড শ্বুটিং কৰিবলৈ সমগ্ৰ দলটোৱে তালছাৰীলৈ গৈছিল। খবৰ অনুসৰি ৰাহুল বেনাৰ্জীয়ে সাগৰৰ পাৰত এখন টিভি ধাৰাবাহিকৰ চিত্ৰগ্ৰহণ কৰি আছিল। সেই সময়তে নাওৰ পৰা পানীত পৰি যায় অভিনেতাগৰাকী।

প্ৰথম অৱস্থাত সকলো স্বাভাৱিক যেন লাগিছিল যদিও হঠাতে পৰিস্থিতিয়ে বেয়াৰ ফালে ঢাল খাইছিল। ৰাহুল বেনাৰ্জী পানীত ডুব যাবলৈ ধৰিলে। কিন্তু বহু প্ৰচেষ্টাৰ অন্তত অৱশেষত তেওঁক পানীৰ পৰা উদ্ধাৰ কৰা হ’ল। মেনেজাৰ শেখৰ চক্ৰৱৰ্তীয়ে উল্লেখ কৰে যে, পানীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ যোৱাৰ পথত তেওঁৰ মৃত্যু হয়। প্ৰাথমিক খবৰ অনুসৰি ডুব যোৱাৰ ফলতে তেওঁৰ মৃত্যু হৈছে যদিও সম্পূৰ্ণ ঘটনাক লৈ তদন্ত অব্যাহত আছে।

কিন্তু এই ক্ষেত্ৰত কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে। ওড়িশা আৰক্ষীৰ সূত্ৰ অনুসৰি টীমটোৱে তালছাৰীত শ্বুটিঙৰ বাবে প্ৰয়োজনীয় অনুমতি লাভ কৰা নাছিল। ইয়াৰ পিছতো দৃশ্যগ্ৰহণ কেনেকৈ আগবাঢ়িল? প্ৰথম অৱস্থাত বাতৰি প্ৰচাৰ হৈছিল যে শ্বুটিং শেষ হোৱাৰ পিছত এই কাণ্ড সংঘটিত হৈছে। কিন্তু পৰৱৰ্তী সময়ত পৰিচালকে স্পষ্ট কৰি দিয়ে যে প্ৰকৃততে এই ঘটনাটো দৃশ্যগ্ৰহণ চলি থকাৰ সময়তে সংঘটিত হৈছিল। তেন্তে প্ৰথম অৱস্থাত দায়িত্বৰ পৰা এৰাই চলিবলৈ ভুল খবৰ প্ৰচাৰ কৰা হৈছিল নেকি?

কেৱল ইমানতে শেষ নহয় ‘ভোলে বাবা পাৰ কৰেগা’ ধাৰাবাহিকখনৰ প্ৰডাকচন হাউছৰ মতে ইয়াত পানীৰ সৈতে জড়িত কোনো দৃশ্য নাছিল। ইয়াৰ পিছতো ৰাহুল আৰু সহ-অভিনেত্ৰীক লৈ কিয় গভীৰ পানীত শ্বুটিং হৈছিল? আৰু ইমান বৃহৎ এটা শ্বুটিং টীমৰ মাজত থাকি কেনেকৈ তেওঁ ডুব গ’ল? এই প্ৰশ্নবোৰে এতিয়া সকলো মনত খুন্দিয়াইছে।

এতিয়া প্ৰাথমিক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত উত্থাপন হৈছে আন এটা ডাঙৰ প্ৰশ্ন। য’ত জুবিনৰ দৰেই পানীত ডুব গৈয়ে ৰাহুলৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। কমেও এঘণ্টা সময় পানীৰ তলতে আছিল ৰাহুল। ইমান দীঘলীয়া সময় ধৰি পানীৰ পৰা তেওঁক কিয় উদ্ধাৰ কৰা নহ’ল? ধাৰাবাহিকখনৰ দৃশ্যগ্ৰহণ সাগৰৰ লগত জড়িত আছিল। তথাপিও, কিয় সাগৰৰ পাৰত অত্যাৱশ্যকীয় সুৰক্ষা ব্যৱস্থা—যেনে লাইফ জেকেট, লাইফবোট আৰু জৰুৰীকালীন চিকিৎসাৰ ব্যৱস্থা আদি কৰা হোৱা নাছিল? অনুৰাগীসকলৰ মতে, যদি সেই সময়ত কোনো চিকিৎসক উপস্থিত থাকিলহেঁতেন তেন্তে অভিনেতাজনৰ জীৱন ৰক্ষা কৰিব পৰা গ’লহেঁতেন।

ৰাহুল অৰুণোদয় বেনাৰ্জী কেৱল অভিনেতা নাছিল, তেওঁ আছিল এগৰাকী লেখক আৰু নাট্যশিল্পী। বংগৰ প্ৰসিদ্ধ অভিনেতাসকলৰ অন্যতম আছিল ৰাহুল অৰুণোদয় বেনাৰ্জী। ৰাহুলৰ মৃত্যুৰ খবৰ ওলোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত জুবিনৰ নামো প্ৰচাৰ হ’বলৈ আৰম্ভ কৰে। মাজত ছমাহৰ পাৰ্থক্য, একেখন চলচ্চিত্ৰৰ দুজন সদস্য—শেষ মুহূৰ্তত হুবহু একে ভাগ্যৰ সন্মুখীন হোৱা! সাগৰৰ পানীয়ে কাঢ়ি লৈ ​​গ’ল দুয়োৰে জীৱন! সঁচাকৈয়ে ই এক অদ্ভুত ভয়ংকৰ কাকতালীয় সংযোগ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 4 =

Back to top button