কেন্দ্ৰীয় চৰকাৰ নতুন পেঞ্চন নীতিক লৈ লামডিঙত তীব্ৰ প্ৰতিবাদ৷ লামডিং ৰেল’ৱে বিভাগৰ এমপ্লয়িজ ইউনিয়নে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷
প্ৰতিবাদত অংশগ্ৰহণ প্ৰায় ৫ শতাধিক ৰে’লৱে শ্ৰমিকৰ।
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে বাজেটত ৰেল বিভাগৰ বাবে কোটি কোটি টকা আৱন্টন কৰিছিল যদিও ভাৰতবৰ্ষত বৰ্তমান পুৰনি পেঞ্চনৰ পৰা শ্ৰমিক সকলক বঞ্চিত কৰাক লৈ ক্ষোভিত হৈ পৰিছে ৷
শ্ৰমিক সকলক পুনৰ পুৰনি পেঞ্চন দিয়াৰ বাবে দাবী জনায় চৰকাৰক ৷
২০০৪ চনৰ পৰা চাকৰিত যোগদান কৰা কোনো শ্ৰমিকসকলক পেঞ্চন নিদিয়াৰ যি সিদ্ধান্ত চৰকাৰে গ্ৰহন কৰিছে সেই সিদ্ধান্তৰ বিৰোধিতা কৰিছে ৰেল শ্ৰমিক সংগঠনে ৷
যদিহে অনতিপলমে কেন্দ্ৰীয় চৰকাৰে এই দাবী নামানে তেনেহলে আগন্তুক দিনত দেশৰ ২১ টা কেন্দ্ৰীয় কৰ্মচাৰী সংগঠনে ৰাজপথ, ৰেলপথ অৱৰোধ কৰি জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কেন্দ্ৰীয় চৰকাৰক।