
২৯ আগষ্টত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । বহুকেইটা কাৰ্যসূচীলৈ অসমলৈ আহিব গৃহমন্ত্ৰীগৰাকী । গুৱাহাটীত ৰাজভৱন উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ।
গৃহমন্ত্ৰীৰ উপস্থিতিত খানাপাৰাত অনুষ্ঠিত হ’ব NDA পঞ্চায়ত সন্মিলন । সন্মিলনত ভাগ ল’ব NDA সমূহ নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলে ।
গৃহমন্ত্ৰী অমিত শ্বাহক আদৰিবলৈ সমগ্ৰ গুৱাহাটীত দেখা পোৱা গৈছে ব্যাপক প্ৰস্তুতি । নিশা মেয়ৰ মৃগেন শৰণিয়াৰ নেতৃত্বত উৰণসেতু সমূহত লগোৱা হৈছে দলীয় পতাকা । তাৰ সমান্তৰালকৈ সমগ্ৰ গুৱাহাটীতে লগোৱা হৈছে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ হৰ্ডিং । উৰণসেতুৰ লগতে ডিভাইদাৰ সমূহত নিশা ৰং কৰাত ব্যস্ত শ্ৰমিকসকল।
