অসমদৈনিক বাতৰিবতৰৰাজনৈতিক
Trending

নিৰ্বাচনক লৈ উখল-মাখল ৰাজ্য: আজি ক’ত ক’ত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে?

আজি ৰাজ্যৰ ৫ সমষ্টিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

৯ এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ৰাজ্যৰ ১২৬ টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে চলিছে ব্যাপক প্ৰচাৰ অভিযান। ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে শাসক-বিৰোধী দলৰ প্ৰাৰ্থীসকলে।ইফালে প্ৰতিকূল বতৰকো নেওচি দিনে-নিশাই প্ৰচাৰ অভিযানত নামি পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

আজি ৫ সমষ্টিত মুখ্যমন্ত্ৰীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। এই উপলক্ষে প্ৰথমে মাজুলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী।মাজুলীত ভুৱন গামৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ। জনসভাত অংশ লৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা মাজুলিৰ উন্নয়নৰ বাবে ২৫০ কোটি টকা দিয়াৰ কথা ঘোষণা। লগতে কয় মাজুলীৰ বিশ্ববিদ্যালয়ে পাব পূৰ্ণাংগ বিশ্ববিদ্যালয়ৰ মৰ্যাদা। অহা ৫ বছৰৰ ভিতৰতে মাজুলীৰ নিৰ্মাণ হ’ব চিকিৎসা মহাবিদ্যালয়।

তাৰ পিছতে নাওবৈছাত বসন্ত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড০ শৰ্মাই। নাওবৈছাৰ পিছত চিচিবৰগাঁৱত জনসভাত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে। প্ৰাৰ্থী জীৱন গগৈৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। তাৰ পিছতে শদিয়াত উপস্থিত হৈ বলীন চেতিয়াৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। শেষত সন্ধিয়া ৫.৩০ বজাত ডিব্ৰুগড়ত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে।

ইফালে জাগীৰোডত আজি পীযুষ হাজৰিকাৰ নিৰ্বাচনী ৰণডংকা।জাগীৰোডত আজি শেষ নিৰ্বাচনী প্ৰচাৰ চলাব মন্ত্ৰীগৰাকীয়ে।প্ৰায় ৪০ হাজাৰ দলীয় সমৰ্থকৰ উপস্থিতিত জাগীৰোডৰ দেওশাল আঞ্চলিক খেলপথাৰত অনুষ্ঠিত হৈছে বিশাল নিৰ্বাচনী প্ৰচাৰ সভা। সভাত ষ্টাৰ কেম্পেইনাৰ হিচাপে উপস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − thirteen =

Back to top button