ধোঁৱাৰে আৱৰি ধৰিছে গুৱাহাটীৰ জু-ৰোড তিনিআলি
জু-ৰোডত শেহতীয়াকৈ প্ৰদূষণৰ মাত্ৰা ভয়ংকৰভাৱে বৃদ্ধি পোৱাত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে অঞ্চলবাসীৰ

নিশাটোৰ ভিতৰতে শ্বাসৰুদ্ধ হয় পৰিছে গুৱাহাটী জু-ৰোড তিনিআলি। ধোঁৱাৰে আৱৰি ধৰিছে সমগ্ৰ অঞ্চল । উশাহ ল’বলৈও অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলবাসী । এই ধোঁৱাই শ্বাস-প্ৰশ্বাসত প্ৰভাৱ পেলাব নেকি চিৰিয়াখনাৰ জীৱ জন্তুৰ ।
গুৱাহাটীৰ জু-ৰোড তিনিয়ালিৰ ভাস্কৰ নগৰত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা । জু-ৰোডৰ ভাস্কৰ নগৰ অঞ্চলত শেহতীয়াকৈ প্ৰদূষণৰ মাত্ৰা ভয়ংকৰভাৱে বৃদ্ধি পোৱাত অঞ্চলবাসী বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। অঞ্চলটোৰ ৰে’লৱে ভূমিত অৱস্থিত এটা ডাম্পিং গ্ৰাউণ্ডত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত সমগ্ৰ এলাকা ধোঁৱাময় হৈ পৰে।
উল্লেখযোগ্য যে, এই ডাম্পিং গ্ৰাউণ্ডটোত দীৰ্ঘদিন ধৰি প্লাষ্টিক, পলিথিন, আবৰ্জনা তথা বিভিন্ন ধৰণৰ সামগ্ৰী জমা হৈ আছিল। এনে পৰিস্থিতিত অগ্নিসংযোগ হোৱাৰ লগে লগে জুই দ্ৰুতগতিত বিয়পি পৰে আৰু তাৰ পৰা নিৰ্গত বিষাক্ত ধোঁৱাই সমগ্ৰ ভাস্কৰ নগৰ আৰু কাষৰীয়া অঞ্চলসমূহ পৰিৱেশ বিনষ্ট কৰে।
অগ্নিকাণ্ড ফলত উৎপন্ন হোৱা ধোঁৱাই অঞ্চলটোত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰে। বহু লোকে শ্বাস-প্ৰশ্বাস লোৱাত সমস্যাৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰিছে। বিশেষকৈ শিশুসকল, বৃদ্ধ লোক আৰু শ্বাসজনিত ৰোগত ভুগি থকা ব্যক্তিসকল অধিক প্ৰভাৱিত হৈছে।এই ক্ষেত্ৰত সঠিক আৱৰ্জনা ব্যৱস্থাপনা আৰু নিৰাপত্তা ব্যৱস্থাৰ অভাৱৰ ফলতেই এনে ঘটনা পুনৰাবৃত্তি হৈ আহিছে।

ৰে’লৱে ভূমিত অবৈধভাৱে আৱৰ্জনা পেলোৱা আৰু পৰ্যাপ্ত পৰিমাণৰ ডাষ্টবিনৰ অভাৱ।এই ঘটনাই পৰিৱেশ প্ৰদূষণৰ লগতে জনস্বাস্থ্যৰ প্ৰতি এক গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। বিষাক্ত ধোঁৱাত থকা ক্ষতিকাৰক গেছ দীৰ্ঘদিন ধৰি শ্বাসৰ সৈতে শৰীৰত প্ৰৱেশ কৰিলে বিভিন্ন ৰোগ আৰু আন জটিল স্বাস্থ্য সমস্যাৰ আশংকা বৃদ্ধি পায় । ঘটনাটোক লৈ প্ৰশাসনৰ ভূমিকা ওপৰত বহুতো প্ৰশ্ন উত্থাপন হৈছে। অঞ্চলবাসীয়ে দাবী কৰিছে যে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ডাম্পিং গ্ৰাউণ্ডটো শীঘ্ৰে স্থানান্তৰ বা বৈজ্ঞানিকভাৱে ব্যৱস্থাপনা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জু-ৰোডৰ ভাস্কৰ নগৰত সংঘটিত এই অগ্নিসংযোগ ঘটনাই কেৱল এটা স্থানীয় সমস্যা নহয়, বৰঞ্চ ই পৰিৱেশ সুৰক্ষা আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত এক গুৰুতৰ সতৰ্কবাণী হিচাপে পৰিগণিত হৈছে।
কিয় বাৰে বাৰে এই অঞ্চল জাৱৰৰ পাহাৰ হোৱা পৰিলক্ষিত হয় থকা দেখিবলৈ পোৱা গৈছে । ৰেল বিভাগে এই স্থান কিয় সাল সলনি কৰিব পৰা নাই। কোনো দুৰ্বৃত্তকাৰী লোকে জুই লগালে নেকি ?