কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এক জৰুৰী নিৰ্দেশনা…
CAAৰ অধীনত ২০২৪লৈ বৃদ্ধি নাগৰিকত্ব প্ৰদানৰ ম্যাদ

CAAৰ অধীনত ২০২৪লৈ বৃদ্ধি নাগৰিকত্ব প্ৰদানৰ ম্যাদ ৷ সোমবাৰে নিশা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি ২০২৪ লৈকে প্ৰৱেশ কৰা হিন্দু বাংলাদেশীয়ে পাব নাগৰিকত্ব৷ আবেদন জনোৱাৰ সময়সীমা আৰু ১০ বছৰলৈ বৃদ্ধি কৰিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে৷
২০১৯ত সংসদত নাগৰিকত্ব আইন সংশোধন কৰি নাগৰিকত্ব প্ৰদানৰ সময় স্থিৰ কৰা হৈছিল ২০১৪ৰ ৩১ ডিচেম্বৰ ৷কিন্তু নতুন নিৰ্দেশনা অনুসৰি, ধৰ্মীয় নি*ৰ্যাতন*ৰ ব*লি হৈ পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ ভাৰতত প্ৰৱেশ কৰা সকলো হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চি, খ্ৰীষ্টিয়ানে ‘কা’ৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব৷ অন্য ৫ ধৰ্মৰ লোকৰ নাম উল্লেখ কৰিলেও এই নিৰ্দেশনাৰ লক্ষ্য মাথোঁ হিন্দু বাংলাদেশী ৷
অহা বছৰৰ এপ্ৰিল-মে’ত অসমৰ লগতে অনুষ্ঠিত হ’ব পশ্চিমবংগৰ নিৰ্বাচন ৷মূলতঃ পশ্চিমবংগৰ নিৰ্বাচনক লক্ষ্য কৰিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে৷ কিয়নো, পশ্চিমবংগত সকলো ধৰণৰ চেষ্টা চলায়ো মমতা বেনাৰ্জীৰ পৰা ক্ষমতা হস্তগত কৰাত সফল হ’ব পৰা নাই বিজেপি৷ সেয়ে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ জৰিয়তে ঢৌ সৃষ্টি কৰি ক্ষমতা দখলৰ বাবেই এই কৌশল গেৰুৱা বাহিনীৰ৷ কিন্তু এই সিদ্ধান্তৰ ফলত অসমতো পৰিব বিৰূপ প্ৰভাৱ ৷
