দিল্লীদৈনিক বাতৰিভাৰত

আজি দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱস

আজি দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱস। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে কৰ্তব্য পথত উৰুৱালে ত্ৰিৰংগা পতাকা। লগে লগে আৰম্ভ হ’ল ৯০ মিনিটজোৰা বাৰেৰহনীয়া পেৰেডৰ কাৰ্যসূচী। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰভবো চুবিয়ান্ত। উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিৰোধী দলপতি ৰাহুল গান্ধীসহ ১০ হাজাৰ আমন্ত্ৰিত অতিথি। পেৰেড অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজ্যৰ ৩০০ শিল্পীয়ে পাৰম্পৰিক বাদ্যযন্ত্ৰৰে ‘চাৰে জাহা ছে আচ্ছা’ গীতটোৰ সুৰধ্বনি পৰিৱেশন কৰে। কৰ্তব্য পথত পাঁচ হাজাৰ শিল্পী, কলা-কুশলীয়ে ভাৰতৰ ঐতিহ্য-সংস্কৃতিৰ প্ৰদৰ্শন। দেশৰ ১৬ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ১৫টাকৈ মন্ত্ৰালয়ৰ মুঠ ৩১খন প্ৰতীকপটে ৰাজপথত প্ৰদৰ্শন বিকাশ, উন্নয়ন, ঐতিহ্য আৰু সংস্কৃতিৰ ধ্বজা। স্বৰ্ণিল ভাৰত-ঐতিহ্য আৰু বিকাশৰ মূল মন্ত্ৰৰে আয়োজিত ৭৬সংখ্যক গণৰাজ্য দিৱসৰ এই ভব্য পেৰেড অনু্ষ্ঠানত দেশৰ তিনিওটা সেনাবাহিনীৰ প্ৰদৰ্শন সৌৰ্য-বীৰ্যৰ প্ৰতীক। গণতন্ত্ৰ দিৱসৰ পেৰেড কাৰ্যসূচীত ভাৰতীয় বায়ুসেনাৰ ২২খনকৈ ফাইটাৰ জেট, ১১খনকৈ বিশাল ট্ৰান্সপৰ্ট এয়াৰক্ৰাফট আৰু হেলিকপ্টাৰেৰে কৰ্তব্যপথৰ আকাশমাৰ্গত চালামি প্ৰদৰ্শন। গণৰাজ্য দিৱসৰ এই পেৰেড কাৰ্যসূচীত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত প্ৰলয় ক্ষেপণাস্ত্ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 4 =

Back to top button