nationalদুৰ্ঘটনাভাৰত

কৰুণ, মৰ্মান্তিক! ভয়ং/কৰ দু/ৰ্ঘ/টনাত থিতাতে নি/হ/ত একেটা পৰিয়ালৰ ৯ জন

দুৰ্ঘটনাটোত থিতাতে নিহত একেটা পৰিয়ালৰ ৬টিকৈ শিশুসহ ৯ জনকৈ লোক। শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

আন এক শোকাৱহ দু/ৰ্ঘ/টনাই জোঁকাৰিছে দেশ। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা কুঁৱাত পৰিল এখন বাহন। দুৰ্ঘ/টনাটোত থিতাতে নি/হত একেটা পৰিয়ালৰ ৬টিকৈ শিশুসহ ৯ জনকৈ লোক। শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এই দুৰ্ঘ/টনা। স্থানীয় আৰক্ষী-প্ৰশাসন আৰু NDRFৰ দলে উদ্ধাৰ কৰে বাহনখন। মহাৰাষ্ট্ৰৰ নাছিকৰ ডিণ্ডোৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘ/টনাটো।

নিহত আটাইকেইজন ইন্দোৰ গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। হঠাতে এটা পৰিয়ালৰ ৯ জনকৈ সদস্য হেৰুৱাই সমগ্ৰ গাঁওখনতে শোকৰ ছাঁ পৰিছে। দুৰ্ঘ/টনাত প্ৰাণ হেৰুওৱা লোকসকলৰ ভিতৰত আছে সুনীল দৰগুড়ে, লগতে তেওঁৰ পত্নী আৰু কন্যা। নি/হতসকলৰ ভিতৰত ৬টিকৈ শিশুও আছে। ইয়াৰে ভিতৰত এগৰাকীৰ বয়স ৭ বছৰ। দুৰ্ঘ/টনাটো ইমানে ভয়ংকৰ আছিল যে ক্ৰেনৰ সহায়ত কুঁৱাৰ পৰা গাড়ীখন উলিওৱা হৈছিল। বহু চেষ্টাৰ অন্ততহে বাহনখন উলিয়াবলৈ সক্ষম হয়।

খবৰ অনুসৰি, ব্যক্তিগত প্ৰশিক্ষক প্ৰতিষ্ঠানে আয়োজন কৰা এক অনুষ্ঠানৰ পৰা উভতি আহিছিল দৰগুড়ে পৰিয়ালটো। নিশা দেৰি হোৱাৰ বাবে পথটো স্পষ্ট নাছিল । যাৰ বাবে যাত্ৰাৰ সময়ত চালকজনে হঠাতে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। তাৰ পিছত গাড়ীখন পোনে পোনে পথৰ কাষতে অৱস্থিত দ কুঁৱা এটাত ডুব যায়। কুঁৱাটো পানীৰে ভৰি থকা বাবে কোনেও তাৰ পৰা ওলাই অহাৰ সুযোগ নাপালে আৰু বাহনখনত থকা আটাইকেইজন লোকে প্ৰাণ হেৰুৱাই।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। ঘটনাস্থলীত গভীৰ নিশালৈকে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছিল। এই সময়ছোৱাত এন ডি আৰ এফ বাহিনীৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত সহায় কৰে।

কঠোৰ প্ৰচেষ্টাৰ অন্তত উদ্ধাৰকাৰী দলে আটাইকেইটা মৃ/ত/দে/হ কুঁৱাৰ পৰা উদ্ধাৰ কৰে। তাৰ পিছত মৃ/ত/দে/হ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। এই দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। এটা পৰিয়ালৰ ৯ জনকৈ সদস্য হেৰুৱাই শোকত ভাগি পৰিছে গাঁওবাসী। সম্প্ৰতি ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ডিন্দোৰি আৰক্ষীয়ে। ইফালে দুৰ্ঘ/টনাৰ কাৰণৰ তদন্ত অব্যাহত আছে। প্ৰাথমিক অনুসন্ধানৰ পৰা প্ৰকাশ পোৱা তথ্য অনুসৰি চালকজনে বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল। এতিয়া আৰক্ষীয়ে বিষয়টো প্ৰতিটো কোণৰ পৰা নিৰিক্ষণ কৰি আছে। তদন্তৰ অন্তত হে সঠিক তথ্য পোহৰলৈ আহিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Back to top button