অভিনয়বলিউডবোলছবিভাৰতমুম্বাইশিল্পী

বলীউডৰ পৰা আহিল বেয়া খবৰটো

প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই ত্যাগ কৰিলে শেষ নিশ্বাস

বলিউডৰ হি-মেন আৰু নাই……..। ৮৯ বয়সত সামৰিলে জীৱনৰ নাট।
বলীউডত শোকৰ ছাঁ……। বসন্তীক এৰি থৈ গ‘লগৈ বীৰু। বলীউডৰ পৰা আহিল এই বেয়া খবৰটো ৷ জনপ্ৰিয় প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই ত্যাগ কৰিলে শেষ নিশ্বাস ৷

ধৰম সিং দেওল ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন কিংবদন্তি অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। তেওঁক বলীউডৰ “হি-মেন” আৰু “গৰম ধৰম” বুলি জনা যায়। ১৯৬০ৰ পৰা ২০২০ দশকলৈকে ছয় দশকতকৈও অধিক সময় ধৰি তেওঁ হিন্দী চলচ্চিত্ৰত কাম কৰি আহিছিল।

জন্ম আৰু প্ৰাৰম্ভিক জীৱন – জন্ম: ৮ ডিচেম্বৰ, ১৯৩৫
স্থান: নশৰলী খুৰ্দ, লুধিয়ানা জিলা, পঞ্জাব (তেতিয়াৰ ব্ৰিটিছ ভাৰত, এতিয়া পঞ্জাব, ভাৰত)
পিতৃ: কেওৰী সিং দেওল (স্কুলৰ শিক্ষক)
মাতৃ: সতবন্ত কৌৰ
ধৰ্মেন্দ্ৰই জাঠ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁ আমেৰিকাৰ পৰা ইঞ্জিনিয়েৰিং পঢ়িবলৈ সুযোগ পাইছিল, কিন্তু চলচ্চিত্ৰৰ প্ৰতি আকৰ্ষণৰ বাবে সেই সুযোগ এৰি দিছিল।

ব্যক্তিগত জীৱন – প্ৰথম বিবাহ: ১৯৫৪ চনত, প্ৰকাশ কৌৰৰ সৈতে (যেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৯ বছৰ)
সন্তান: – সানী দেওল (অভিনেতা-ৰাজনীতিবিদ)
– ববী দেওল (অভিনেতা)
– বিজয়তা আৰু অজীতা (দুগৰাকী কন্যা)
দ্বিতীয় বিবাহ: ১৯৮০ চনত অভিনেত্ৰী হেমা মালিনীৰ সৈতে (ইছলাম ধৰ্ম গ্ৰহণ কৰি নাম হৈছিল দিলাৱৰ খান কেওকৰ)
সন্তান: – ইশা দেওল (অভিনেত্ৰী)
– আহানা দেওল (অভিনেত্ৰী)

চলচ্চিত্ৰ জীৱন – প্ৰথম চলচ্চিত্ৰ: “দিল ভি তেৰা হম ভি তেৰে” (১৯৬০)
প্ৰথম হিট ছবি : “ফুল অৰ পথৰ” (১৯৬৬)
সোণালী যুগ : ১৯৬৬–১৯৮৫
সৰ্বাধিক বিখ্যাত ছবি (কিছুমান):
– শ্বোলে (১৯৭৫) – বীৰু চৰিত্ৰ
– চুপকে চুপকে (১৯৭৫)
– য়মলা পাগলা দীৱানা শৃংখলা
– ধৰম বীৰ (১৯৭৭)
– দি বাৰ্নিং ট্ৰেইন (১৯৭০)
– সীতা অ’ৰ গীতা (১৯৭২)
– চাচা ভাটিজা, ৰাজা জানী আদি

তেওঁ প্ৰায় ৩০০খনতকৈও অধিক হিন্দী ছবিত অভিনয় কৰাৰ লগতে আৰু কেইবাখনো পঞ্জাবী ছবিও কৰিছে।

বঁটা আৰু সন্মান – ১৯৯৭: ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট এৱাৰ্ড।
২০১২: ভাৰত চৰকাৰৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান “পদ্ম ভূষণ”।

ৰাজনীতি – ২০০৪ চনত বিজেপিৰ টিকটেৰে ভোজপুৰী (ৰাজস্থান)ৰ পৰা লোকসভাৰ সাংসদ নিৰ্বাচিত হৈছিল।

তেওঁৰ পৰিয়ালৰ সৈতে (সানী, ববী, ইশা, আহানা, আৰু নাতি কৰণ দেওল) “য়মলা পাগলা দীৱানা” শৃংখলা আৰু “অপনে ২”ৰ দৰে ছবি কৰি আহিছে। শেহতীয়াকৈ “টিৰেক মে ইণ্ডিয়া” (২০২৫) আৰু “হাউজফুল ৫”ত দেখা গৈছে। ধৰ্মেন্দ্ৰ এজন এনে অভিনেতা যাৰ এটা সাধাৰণ গাঁৱলীয়া ছবি থকা সত্ত্বেও তেওঁৰ একচন, ৰোমান্টিক আৰু কমেডী – সকলোতে অভিনয়ৰ দক্ষতাৰে দৰ্শকৰ মন জয় কৰি আহিছিল।

বিগত কিছুদিন পূৰ্বে মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী। পাছত কিছু সুস্থ হৈ উঠাত ঘৰলৈ যাবলৈ দিয়া হৈছিল তেওঁক আৰু ঘৰতে চলিছিল চিকিৎসা। তেওঁৰ বিয়োগে চিনেমা জগতত পেলাইছে শোকৰ ছাঁ ৷ হি-মেনক হেৰুৱাই অনুৰাগীসকল দুখত ভাঙি পৰিছে । ষাঠি বছৰতকৈও অধিক সময় ধৰি ভাৰতীয় চিনেমাৰ এগৰাকী উজ্জ্বল তাৰকা হিচাপে জিলিকি আছিল ধৰ্মেন্দ্ৰ ।
চিনেমাৰ কেৰিয়াৰত তেওঁ ৩০০ খনতকৈও অধিক ছবি উপহাৰ দিছিল দেশবাসীক।
শ্বোলেৰ বীৰুৰ চৰিত্ৰটোৱে বলীউডত তেওঁৰ অন্য এক চিনাকি জীয়াই ৰাখিছে । এইগৰাকী চিৰসেউজ অভিনেতাৰ বিয়োগত মৃয়মান দেশবাসী। মুম্বাইৰ ভিলে পার্লে শ্মশানত অজস্ৰ গুণমুগ্ধৰ উপস্থিতত অন্তিম সৎকাৰ কৰা হয় হি-মেনৰ।
উল্লেখ ইয়াৰ পূৰ্বেও চিকিৎসাধীন অৱস্থাতে কিছুদিন পূৰ্বে মৃত্যুৰ খবৰ ওলাইছিল অভিনেতাজনৰ। কিন্তু সেই খবৰ উৰাবাতৰি বুলি প্ৰতিপন্ন হৈছিল। কিছুদিন ঘৰতে চিকিত্সা কৰাৰ পিছত আজি অহা এই খবৰে কন্দুৱাই তুলিছে অনুৰাগীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 3 =

Back to top button