দৈনিক বাতৰিফটোফেশ্বনবিশ্বভাৰতৰাজস্থানশিল্পী
Trending

ৰাজস্থানৰ সুন্দৰীৰ শিৰত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৫ৰ খিতাপ

বিগত বৰ্ষৰ মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৪ বিজয়ী ৰিয়া সিঙে মনিকাৰ শিৰত পিন্ধালে মুকুট

ৰাজস্থানৰ কন্যা মণিকা বিশ্বকৰ্মাৰ শিৰত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৫ৰ মুকুট। অহা নৱেম্বৰত থাইলেণ্ডত হ’বলগীয়া ‘মিছ ইউনিভাৰ্ছ-২০২৫’ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব মণিকা বিশ্বকৰ্মাই। বিগত বৰ্ষৰ মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৪ বিজয়ী ৰিয়া সিঙে মনিকাৰ শিৰত পিন্ধালে মুকুট ।

প্রতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৫০ গৰাকী প্ৰতিযোগীৰ মাজত নিজৰ স্বকীয়তা প্রমাণ কৰিলে মনিকাই। প্ৰতিযোগিতাখনত প্ৰথম ৰানাৰ্ছ আপ উত্তৰ প্ৰদেশৰ তানিয়া শর্মা, দ্বিতীয় ৰানাৰ্ছ আপ মেহক ধিংৰা, তৃতীয় ৰানাৰ্ছ আপ হাৰিয়ানাৰ অমিছি কৌশিক।

https://x.com/airnewsalerts/status/1957711126382121349

মণিকা কেৱল এগৰাকী মডেলেই নহয়, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক এগৰাকী শাস্ত্রীয় নৃত্যশিল্পীও। গংগানগৰৰ দৰে সৰু চহৰৰ পৰা আহি ‌এতিয়া সফলতাৰ উচ্চ শিখৰত মণিকা। ২০২৫ চনৰ মিছ ইউনিভাৰ্ছ ইণ্ডিয়া হোৱাৰ পূৰ্বে মণিকাই মিছ ইউনিভাৰ্ছ ৰাজস্থান ২০২৪ৰ খিতাপো লাভ কৰিছিল। ইয়াৰ পিছতেই দিল্লীলৈ গৈ মডেলিঙৰ জগতখনত প্ৰৱেশ কৰিছিল মণিকাই। বৰ্তমান দিল্লীত ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানত অধ্যয়ন কৰি আছে মণিকাই।

মণিকাই ভাৰতৰ হৈ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশ ল’ব, য’ত ১৩০খন দেশৰ সুন্দৰীয়ে নিজ প্ৰতিভা আৰু আত্মবিশ্বাস একেখন মঞ্চত প্ৰদৰ্শন কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 6 =

Back to top button